Don’t make a mistake: ভুল নকৰিব, মাজে সময়ে পৰীক্ষা-নিৰীক্ষাবোৰ কৰাব
ভুল নকৰিব, মাজে সময়ে পৰীক্ষা-নিৰীক্ষা বোৰ কৰাব

DD TIMESত লিখিছে ৰিপণ জামানে
মই যি ভুল কৰিলোঁ সেই ভুল আপোনালোকে কিন্তু কেতিয়াও নকৰিব। মই কৰা ভুলৰ বাবে আজি মই অনুতপ্ত তথা লজ্জিত। আপোনালোকৰো যাতে মোৰ দৰে অৱস্থা নহয় তাৰ বাবে মোৰ অভিজ্ঞতাৰ পৰাই আপোনালোকক সতৰ্ক কৰি দিব বিচাৰিছোঁ।

কথাটো হ’ল আপুনি যিমানেই এটা সুন্দৰ স্বাস্থ্যৰ গৰাকী নহওক কিয়, যিমানেই আপুনি আনৰ চকুত fit and fine হৈ নাথাকক কিয়, যিমানেই আপোনাৰ এটা healthy lifestyle নাথাকক, আপুনি আপোনাৰ শৰীৰটোক কেতিয়াও বিশ্বাসত নলব।কাৰণ যিকোনো কোন মুহূৰ্তত আপোনাৰ শৰীৰৰ যিকোনো কোন অংগই আপোনাৰ লগত বিশ্বাস ঘাতকতা কৰিব পাৰে বিশেষকৈ আপোনাৰ হাৰ্টাটোৱে। সেয়ে এটা বয়সত মাজে-সময়ে শাৰীৰিক পৰীক্ষা-নিৰীক্ষা কিছুমান কৰি নিজৰ শৰীৰ টোৰ ওপৰত চোকা দৃষ্টি ৰখাটো খুবেই প্ৰয়োজন যিটো মই কৰা নাছিলোঁ। আচলতে এইকথাটো কোনো দিনে মই ভবাই নাছিলোঁ।
যিহেতু এজন স্বাস্থ্য কৰ্মী হিচাপে মই নিজৰ স্বাস্থ্যৰ প্ৰতি যথেষ্ট সচেতন আছিলোঁ আৰু স্বস্থ্যৰ যতন লৈছিলোঁ।
মোৰ এটা সুন্দৰ, শৃংখলাবদ্ধ আৰু healthy lifestyle থকা কথাটো লগ-সমনীয়া সকলোৱে জানিছিল।স্বাস্থ্যৰ হানি হ’ব পৰা কোনো কামেই সচৰাচৰ মই কৰা নাছিলোঁ, বিশেষকৈ নীচা জাতীয় বস্তু বিড়ি, চাধা, চিগাৰেট আদিৰ পৰা সদায়ে আতৰত আছিলো, খোৱা-বোৱাৰ প্ৰতিও যথেষ্ট সচেতন আছিলোঁ, স্বাস্থ্যৰ হানি হ’ব পৰা খাদ্যৰ পৰাও বিৰত আছিলোঁ, সদায়ে স্বাস্থ্য সন্মত সুষম আহাৰ যিবোৰে কেতিয়াও স্বাস্থ্যৰ অনিষ্ট নকৰে বৰং সুৰক্ষাহে দিয়ে তেনেকুৱা খাদ্যৰ ওপৰতহে গুৰুত্ব দিছিলোঁ।
আনকি টোপনিৰ প্ৰতিও গুৰুত্ব আছিল যথেষ্ট যিহেতু সু স্বাস্থ্যৰ ক্ষেত্ৰত টোপনিৰ গুৰুত্বও যথেষ্ট আছে।নিয়মিতভাৱে শৰীৰ চৰ্চাও কৰিছিলোঁ। এক কথাত দৈনন্দিন জীৱনটো মোৰ ঘড়ীৰ কাটাৰ দৰে নিয়মমাফিক আছিল। সেয়ে চাগে এইধৰণৰ সমস্যাত কেতিয়াও নপৰোঁ বুলি মোৰ এটা আত্মবিশ্বাসে গঢ় লৈ উঠিছিল।
কিন্তু সেই আত্মবিশ্বাসক চুৰ্ণ-বিচূৰ্ণ কৰি কোনো ধৰণৰ কোনো আগজাননী নিদিয়াকৈ মোৰ হাৰ্ট টোৱে সৌ সিদিনা মোৰ সৈতে বিশ্বাস ঘাতকতা কৰিবলৈ ওলাইছিল। যোৱা ২০ অক্টোবৰ পুৱা সাত মান বজাত হঠাৎ বুকু আৰু পিঠি হান মাৰি ধৰা যেন অনুভৱ হয়, দুবাৰ মান বমিও হয়।
সকলোৱে ভবাৰ দৰে মইও এয়া গেষ্ট্ৰিকৰ বাবে হোৱা বুলি ভাবি ইনজেকশ্যন এটা ললো যদিও ভাবিলোঁ আজিলৈ গেষ্ট্ৰিকৰ কোনো ধৰণৰ সমস্যা হোৱা নাই আনকি কেতিয়াও গেছৰ টেবলেট এটাও খাই পোৱা নাই আজি হঠাৎ ইমান গেছ হ’ব নে, সন্দেহ হ’ল মনটোত, গতিকে পলম নকৰি নেমকেয়াৰ নাৰ্চিং হোমৰ জৰুৰী কালীন বিভাগত গুচি গ’লো।
তাত লগে লগে ই চি জি কৰিলে,ই চি জিতেই কিবা বিসংগতি পাই তৎক্ষণাত পঠিয়াই দিলে Angiography লৈ। Angiography ত হাৰ্টত পোৱা বিসংগতিটো তন্নতন্নকৈ পৰীক্ষা কৰি তাক মানে মোৰ হাৰ্টত দেখা দিয়া blockage দুৰ কৰাৰ সকলো ব্যৱস্থা কৰিলে। আৰু এই গোটেই কামখিনি খুব কম সময়ৰ ভিতৰত কৰা হ’ল,পলম হ’লে হয়তো বিপদেই আছিল।
হয়তো নাৰ্চিং হোম বুলিয়ে ইমান তাৎক্ষণিক চিকিৎসা এটা পালোঁ আৰু যাৰবাবে আয়ূসৰ চাউল খিনি শেষ নহ’ল।
সচৰাচৰ কলেষ্ট্ৰলৰ সমস্যা মানে তেজত কʼলেষ্ট্ৰলৰ পৰিমাণ বেছি থাকিলে হাৰ্টত blockage হোৱাৰ কথা কোৱা কয়, কিন্তু মোৰ ক্ষেত্ৰত কিয়বা হ’ল নাজানো কিয়নো মোৰ তেজত কলেষ্টেৰলৰ পৰিমাণ বেছি নাছিল,থাইৰয়ডৰ কোনো সমস্যা নাই, ডায়েবেটিচ বা হাই প্ৰেচাৰো সম্পূৰ্ণ নিয়ন্ত্ৰণত।
তৎসত্ত্বেও হাৰ্ট টোৱে কিয়জানো এইদৰে বিপদ মাতি আনিব বিচাৰিছিল। সেয়ে মাজে সময়ে সন্দেহ হয় এয়া কʼভিড বা কʼভিড ভেকচিনৰ প্ৰভাৱ নহয়তো?
এই ঘটনাৰ পৰা দুটা মান কথা নতুনকৈ শিকিলোঁ
প্ৰথমটো হ’ল আপুনি সুস্থ থাকিলেও বা একো অসুবিধা নাপালেওঁ এটা বয়সত মাজে-সময়ে শাৰীৰিক পৰীক্ষা-নিৰীক্ষা কিছুমান কৰাটো অত্যন্ত জৰুৰী নহ’লে কোন মুহূৰ্তত নীৰৱ ঘাতক কিছুমান গৈ আপোনাৰ শৰীৰত লুকাই থাকিব আপুনি গমেই নাপাব আৰু যেতিয়া গম পাব তেতিয়া হয়তো বহুত পলম হৈ যাব। গতিকে সময় থাকোতেই সাৱধান হওক।
দ্বিতীয় কথাটো হ’ল বুকু,পিঠি হান মাৰি ধৰা আৰু বমি হোৱা মানেই গেষ্ট্ৰিকৰ সমস্যা নহয়, আপোনাৰ যদি আগতে কেতিয়াও কোনো ধৰণৰ গেছৰ সমস্যা নাই আৰু হঠাৎ এইধৰণৰ সমস্যাত পৰিছে,পলম নকৰি লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব বা চিকিৎসালয়ত ভৰ্তি হ’ব।
তৃতীয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আমাৰ দৰে মধ্যবিত্ত মানুহৰ বাবে Helth insurance অৰ্থাৎ স্বাস্থ্য বীমা থকাটো অত্যন্ত জৰুৰী। কাৰণ আমাৰ দৰে মানুহৰ বাবে লাগ বুলিলেই লাখ টকা উলিয়াই দিয়াটো টান হৈ পৰে, আৰু ব্যক্তিগত খণ্ডৰ যিকোনো চিকিৎসালয়ত এবাৰ সোমালে লাখ টকাৰ তলত ওলাই আহিব নোৱাৰি। গতিকেই বিপদৰ বন্ধু হিচাপে Health insurance এটা থকাটো উচিত।সমস্যা হৈছে আমাৰ দৰে বহুত মানুহেই ইয়াৰ গুৰুত্ব বুজি পাইও আওকাণ কৰে একমাত্ৰ বেমাৰ নহ’লে পইচাখিনি এনেয়ে যায় বাবে। অথচ গাড়ী বাবাইকৰ insurance কিন্তু প্ৰত্যেকেই ঠিক তাৰিখ মতেই কৰে।সঁচা কথা ক’বলৈ হ’লে Helth insurance ৰ Premium বোৰ হঠাৎ বাঢ়ি যোৱা বাবে মই নিজেও কৰো নকৰোঁকৈ কৰিছিলোঁ যাৰ বাবে তিনিদিনত তিনি লাখৰ ওচৰা-ওচৰি হোৱা খৰচৰ আঢ়ৈ লাখেই বীমা কোম্পানীৰ পৰা পালোঁ, অন্যথা আই,চি, ইউত বহি বহি মইও টকা পইচাৰ চিন্তা কৰিবলগীয়া হ’ল হেঁতেন।Helth insurance থকা বাবেই নিশ্চিন্ত মনে থাকিব পাৰিছিলোঁ। নহ’লে এনে ক্ষেত্ৰত অতিৰিক্ত টেনছনৰ বাবে বেমাৰে কেতিয়াবা শিৰ নত কৰিব নিবিচৰে। গতিকেই বিপদৰ বন্ধু health insurance সদায়ে লগত ৰাখিব। অৱশ্যে বন্ধুত্বৰ বাবে বীমা কোম্পানীয়ে দিয়া খৰছৰ উপৰেঞ্চি আৰু যিখিনি খৰচ থাকিল সেই খিনিও ৰেহাই হ’ল,গতিকে মানুহৰ জীৱনত এনেকুৱা বন্ধুৰো প্ৰয়োজন যিয়ে নেকি বিপদৰ সময়তো আপোনাৰ কাষত সাহস হিচাপে ঢাল হৈ থাকে।

