Dimau Chariali: ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত পুনৰ চৰকাৰ হ’বঃ বিধায়ক শশীকান্ত দাস
বেবেজীয়াৰ ডিমৌ চাৰিআলিত ৰহা বিধানসভা সমষ্টিত অসম দৰ্শন আঁচনিৰ ধন বিতৰণ
ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত পুনৰ চৰকাৰ হ’বঃ বিধায়ক শশীকান্ত দাস

DD TIMES বেবেজীয়া, ২৫ ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ ৬১নং ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত একাধিক উপাসনাস্থলীলৈ মুখ্যমন্ত্ৰীৰ অসম দৰ্শন আঁচনিৰ অধীনত আৱন্টিত ধনৰাশি বিতৰণ কৰা হয়।

সমষ্টিটোৰ বিধায়ক শশীকান্ত দাসৰ ডিমৌ চাৰিআলিস্থিত বাসগৃহত আজি এই উপলক্ষে অনুষ্ঠিত এক অনুস্থানত বিধায়কগৰাকীয়ে এই ধনৰাশি বিতৰণ কৰে।
ধনৰাশি বিতৰণ কৰি দিয়া ভাষণত বিধায়ক দাসে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উচ্চ প্ৰশংসা কৰি কয় যে দূৰদৰ্শী আৰু কৰ্মযোগী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বাবেই ৰহা বিধানসভা সমষ্টিত অভাৱনীয় উন্নয়ন হৈছে।
এতিয়া ৰহা বিধানসভা সমষ্টিত সকলো ক্ষেত্ৰতে উন্নয়নে নতুন গতি লাভ কৰিছে। ইয়াৰ বাবে মই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।
মুখ্যমন্ত্ৰীৰ গতিশীল নেতৃত্বৰ বাবে আজি অসমৰ বিকাশমুখী যাত্ৰাই অসমক এখন আগশাৰীৰ ৰাজ্যলৈ আগুৱাই নিয়াত সহায়ক হৈছে।
সমাগত অসম বিধানসভা নিৰ্বাচনৰ কথা উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় যে এইবাৰ অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ব।
অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ উন্নয়নমুখী আৰু জনকল্যাণমূলক কাম কাজৰ বাবে বিজেপিক ৰাইজে আকোঁৱালি লৈছে।
এইবাৰ পুনৰ ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হ’ব। উল্লেখ্য, সভাত বহু সংখ্যক ৰাইজৰ উপস্থিতি পৰিলক্ষিত হয়।

