অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

DHUBURI: ধুবুৰীত ‘অভিযোগনামা’ সন্দৰ্ভত বিধায়ক প্ৰদীপ সৰকাৰ, অমন ৱাদুদ

Spread the love

ধুবুৰীত ‘অভিযোগনামা’ সন্দৰ্ভত বিধায়ক প্ৰদীপ সৰকাৰ, অমন ৱাদুদৰ সংবাদ মেল

গুৱাহাটী, ২৪ ফেব্ৰুৱাৰীঃ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক প্ৰদীপ সৰকাৰ আৰু সামাজিক মাধ্যম বিভাগৰ সম-অধ্যক্ষ অমন ৱাদুদে আজি ধুবুৰীত সংবাদ মেল সম্বোধন কৰি ১৯ ফেব্ৰুৱাৰীত মুকলি কৰা ‘অভিযোগনামা’ৰ উধৃতিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ পাঁচ বছৰৰ শাসনকালক তীব্ৰ সমালোচনা কৰে। প্ৰদীপ সৰকাৰ আৰু অমন ৱাদুদে অভিযোগ উত্থাপন কৰি কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ৰাজ্যত চিণ্ডিকেটৰাজ ভয়াবহভাবে চলি আছে৷

অবৈধ খনন আৰু বিভিন্ন বিভাগত কমিছন ব্যৱস্থাই বিস্তাৰ লাভ কৰিছে। কংগ্ৰেছ নেতাদ্বয়ে কয় যে কাঠ, বালি, শিল, কয়লা, লোহা আদি সামগ্ৰীৰ অবৈধ সৰবৰাহৰ জৰিয়তে ব্যাপক পুঁজি সংগ্ৰহ কৰা হৈছে। স্বাস্থ্য, লোকনিৰ্মাণ আদি বিভাগৰ উন্নয়নমূলক কাম, বদলি-পোষ্টিং আৰু টেণ্ডাৰ প্ৰক্ৰিয়াত কমিচন লোৱাৰ সমান্তৰাল ব্যৱস্থা গঢ়ি উঠা হৈছে বুলিও তেওঁলোকে অভিযোগ কৰে। অভিযোগনামাত চৰকাৰৰ বিৰুদ্ধে অবৈধ সম্পত্তি আহৰণ, ঋণ বৃদ্ধি, অসম চুক্তি আৰু ছয় নং দফা কাৰ্যকৰী নকৰা, এনআৰচি প্ৰক্ৰিয়াত অনিয়ম, নিবনুৱা সমস্যা বৃদ্ধি, বিদ্যালয় বন্ধ আৰু স্বাস্থ্যখণ্ডৰ অৱনতিসহ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰে।

বুলড’জাৰ নীতিৰ সমালোচনা কৰি কংগ্ৰেছ নেতাদ্বয়ে কয় যে উপযুক্ত জাননী আৰু পুনৰ সংস্থাপন নকৰাকৈ বহু লোকক উচ্ছেদ কৰা হৈছে। যিসকল লোকক উচ্ছেদ কৰা হৈছিল সেইসকল লোকক বাংলাদেশী বুলি কোৱা হৈছিল৷ যদি তেওঁলোক বাংলাদেশী বাংলাদেশলৈ প্ৰেৰণ কৰা হ’ল নে বুলি প্ৰশ্ন কৰে? আৰক্ষীৰ এনকাউণ্টাৰ বৃদ্ধি আৰু ইউএপিএ গোচৰ অধিক হোৱাৰ কথাও তেওঁলোকে উত্থাপন কৰে। বিৰোধী দলৰ সমদলক আৰক্ষীৰ দ্বাৰা বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁলোকে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা আৰু গৌৰৱ গগৈৰ যাত্ৰাত আৰক্ষীয়ে বাধা দিয়াৰ কথা উল্লেখ কৰে।

চতিয়াত গৌৰৱ গগৈৰ যাত্ৰাৰ সময়ত ব’লেৰ গাড়ী ৰাস্তাত ৰাখি আৰক্ষীয়ে বাধা দিছে৷ কিন্তু সিদিনা বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত বেৰিকেড দিবলৈ অসম আৰক্ষীৰ সাহস কিয় নহ’ল বুলিও নেতাদ্বয়ে প্ৰশ্ন কৰে৷ কংগ্ৰেছ কাৰ্যালয় ভাঙিবলৈ আহি হাতত লোৰ ৰড লৈ আহিছে৷ অসম আৰক্ষীয়ে চকুমুদি আছিল নেকি বুলি প্ৰশ্ন কৰে৷ পৰিৱেশ ধ্বংস সন্দৰ্ভত তেওঁলোকে কয় যে ৰাজ্যত বনাঞ্চল হ্ৰাস পাইছে আৰু খনন মাফিয়াই সংৰক্ষিত অঞ্চলসমূহ ধ্বংস কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গুৱাহাটীৰ লগে ৰাজ্যৰ মুখ্য চহৰৰ বান সমস্যা সমাধান কৰিব নোৱাৰিলে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ গুৱাহাটীৰ বান সমস্যাৰ ক্ষেত্ৰত শিলসাঁকো উচ্ছেদৰ পাছতো সমস্যাৰ সমাধান নোহোৱা বুলি অভিযোগ কৰে। ড্ৰাগছ সমস্যা, মদৰ দোকান বৃদ্ধি, টোল-কৰ বৃদ্ধি, চাকৰিৰ প্ৰতিশ্ৰুতি পূৰণ নকৰা, মহিলাৰ সুৰক্ষা আৰু কৃষকৰ সমস্যাৰ বিষয়তো চৰকাৰ ব্যৰ্থ বুলি কংগ্ৰেছ নেতাদ্বয়ে অভিযোগ কৰে। তেওঁলোকে দাবী কৰে যে এই চৰকাৰক উৎখাত নকৰিলে ৰাজ্যবাসীৰ নিস্তাৰ নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!