MISCELLANEOUS

DHEMAJI SPORTS: মিচিং স্প’ৰ্টছ কাৰ্ণিভেলত দ্বিতীয় দিনা ধেমাজিৰ পাঁচটা সোণ, ছটা ৰূপ, তিনিটা ব্ৰঞ্জৰ পদক লাভ

Spread the love

মিচিং স্প’ৰ্টছ কাৰ্ণিভেলক কেন্দ্ৰ কৰি গোগামুখত উখল-মাখল পৰিৱেশঃ দ্বিতীয় দিনা ধেমাজিৰ পাঁচটা সোণ, ছটা ৰূপ, তিনিটা ব্ৰঞ্জৰ পদক লাভ

DD TIMES গোগামুখ, ২৪ অক্টোবৰঃ মিচিং জাতীয় সংগঠন টি এম পি কেৰ উদ্যোগত আৰু মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ আৰ্থিক সাহায্যত ধেমাজি জিলাৰ গোগামুখত কালিৰে পৰা অনুষ্ঠিত হৈ থকা মিচিং স্প’ৰ্টছ কাৰ্ণিভেলক কেন্দ্ৰ কৰি সমগ্ৰ গোগামুখত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে ৷

পাঁচ সহস্ৰাধিক খেলুৱৈৰ গিজ্‌গিজনিত ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ দৰে এক ক্ৰীড়াময় পৰিৱেশে গোগামুখৰ আকাশ চুই গৈছে ৷

টি এম পি কেৰ ১৭ খন সাংগঠনিক জিলাক সামৰি গোগামুখ মহাবিদ্যালয় খেলপথাৰ, গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ, গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আৰু জংকি-পানৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিনে-নিশাই ১৮টা ইভেন্টত খেলসমূহ  অনুষ্ঠিত হৈ মিচিং স্প’ৰ্টছ কাৰ্ণিভেল ৷

আটাইকেইখন খেলপথাৰত দিনৰ পোহৰৰ লগতে নিশাৰ আলোকময় পৰিৱেশত খেলসমূহ অনুষ্ঠিত হৈ থকাত দিনৰ ভাগৰ  লগতে নিশাৰ ভাগতো দৰ্শকৰ ভিৰ পৰিলক্ষিত হৈছে ৷

এই বাতৰি লিখা পৰলৈকে টিএমপিকে ধেমাজি জিলা সমিতিয়ে পদকৰ তালিকাত শীৰ্ষত আছে৷

এই বাতৰি লিখা পৰলৈকে ধেমাজি জিলাই পাঁচটা সোণ তিনিটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷

ইয়াৰে ১৮ বছৰ অনুৰ্ধৰ ছোৱালীৰ শাখাত শ্ব’থপুটত মুন্‌মী পেগুৱে সোণ, ১৬ বছৰ অনুৰ্ধৰ শাখাত  অঞ্জনা দলেয়ে সোণ,  গীতামণি দলেয়ে ব্ৰঞ্জ, ১৮ বছৰ অনুৰ্ধৰ ছোৱালী শাখাৰ ১০০ মিটাৰ দৌৰত বিপাশা পেগুৱে সোণ, গুনামণি পেগুৱে ৰূপ, ১৮ বছৰ অনুৰ্ধৰ ল’ৰা শাখাৰ হাই জাম্পত ধুনী পেগুৱে ৰূপ, ১৬ বছৰ অনুৰ্ধৰ ১০০ মিটাৰ দৌৰত পঃল’জ্যোতি পেগুৱে ৰূপ  আৰ্চাৰীৰ  ১৫ বছৰ অনুৰ্ধৰ ছোৱালী শাখাত ভেলেন্টিনা কামানে সোণ, ১৮ বছৰ অনুৰ্ধৰ ছোৱালী শাখাত পুনছাং কুম্বাঙে ৰূপ, ১৮ বছৰ অনুৰ্ধৰ ছোৱালী শাখাত পুনয়ুম কুম্বাঙে সোণ, ডিম্বেশ্বৰী মিলিয়ে ব্ৰঞ্জ, ১৫ বছৰ অনুৰ্ধৰ ল’ৰাৰ শাখাত তাপশ দলেয়ে ব্ৰঞ্জ, ১৮ বছৰ ল’ৰাৰ শাখাত হেমন্ত দলেয়ে ৰূপৰ পদক লাভ কৰে৷

ছোৱালী আৰু ল’ৰা শাখাৰ ১৯ বছৰ অনুৰ্ধৰ ভলীবলত ধেমাজি জিলা দলে সুন্দৰভাৱে নিজৰ জয়যাত্ৰা আৰম্ভ কৰিছে৷ ১৯ বছৰ অনুৰ্ধৰ মহিলাৰ ফুটবলত মাজুলী জিলা দলে শিৱসাগৰ জিলা দলক ৫-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে৷

একেদৰে ১৯ বছৰ অনুৰ্ধৰ ল’ৰা শাখাৰ ফুটবলত ঢকুৱাখনা জিলা দলে চৰাইদেউ জিলা দলক ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলল প্ৰৱেশ কৰিছে ৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!