DHEMAJI CHUTIYA DEMAND ST: জনজাতিকৰণৰ দাবীত ধেমাজিৰ কাছাৰী ময়দানত চুতীয়া সন্মীলনীৰ বিশাল প্ৰতিবাদী গণ সমাৱেশ
জনজাতিকৰণৰ দাবীত ধেমাজিৰ কাছাৰী ময়দানত চুতীয়া সন্মীলনীৰ বিশাল প্ৰতিবাদী গণ সমাৱেশ

DD TIMES ধেমাজি, ১ নৱেম্বৰঃ জনজাতিকৰণৰ দাবীত আজি ধেমাজিৰ কাছাৰী ময়দানত চুতীয়া সন্মীলনীয়ে বিশাল প্ৰতিবাদী গণ সমাৱেশ উলিয়ায়৷
https://www.facebook.com/share/v/1Fqqrt5aGQ
উত্তৰ অসম আৰু উজনি অসমৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা চুতীযা সকলক জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে সঠিক সিদ্ধান্ত নল’লে ২০২৬ৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে স্থিতি লোৱাৰ হুংকাৰ চুতীয়া সন্মিলনীৰ প্ৰতিবাদী নেতাৰ৷

https://www.facebook.com/share/v/17UGyFDJSJ
NO ST NO REST/ST আমাৰ প্ৰাপ্য অধিকাৰ/কেন্দ্ৰীয় চৰকাৰ হায় হায়/আমাক লৈ ৰাজনীতি নকৰিব / মৰিলেও মৰি যাম জনজাতি লৈহে যাম আদি বেনাৰ ফেষ্টুন লৈ ধেমাজিৰ কাছাৰী ময়দানত সাত সহস্ৰাধিক প্ৰতিবাদী চুতীয়া সন্মিলনীৰ পুৰুষ-মহিলাৰ উত্তাল প্ৰতিবাদ৷

https://www.facebook.com/share/v/18wPAja9yf
ছয় জনগোষ্ঠীক জনজাতিকৰণ ২০২৬ত আগত নিদিলে বিজেপি চৰকাৰক বিদায় দিয়াৰ সকিয়নীৰে সমাৱেশৰ পিছত কাছাৰী ময়দানৰ পৰা ধেমাজি নগৰৰ মাজেৰে বিশাল সমদল বাহিৰ কৰে চুতীয়া সন্মীলনীৰ প্ৰতিবাদীসকলে৷

