DHEMAJI: ধেমাজিত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সভা
ধেমাজিত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সভা অনুষ্ঠিত

DD TIMES ধেমাজি, ১০ নৱেম্বৰঃ দেওবাৰে ধেমাজিত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ বিষয়ববীয়াসকলৰ শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হয়।
এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ধেমাজিৰ জিলা আয়ুক্ত ৰাহুল তানবীৰ সুৰেশ। তেওঁ জিলা প্ৰশাসন বোৰৰ কৰ্মচাৰীসকলক প্ৰশাসনৰ মেৰুদণ্ড বুলি অভিহিত কৰি তেওঁলোকক দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সচেষ্ট হ’বলৈ আহ্বান জনায়।
বিদায়ী সভাপতি বিক্ৰমজিত চক্ৰবৰ্তীয়ে এই শপতগ্ৰহণ অনুষ্ঠানত পৌৰোহিত্য কৰে। সভাত জিলা উন্নয়ন আয়ুক্ত দেবেশ্বৰ বৰাই দিয়া আদৰণি ভাষণেৰ পিছত ৰঞ্জন বাইদঙগিয়াক সভাপতি আৰু জয়ন্ত ভান্ডাৰ কায়স্থক সাধাৰণ সম্পাদক কৰি নতুন কমিটী গঠন কৰা হয়।
কমিটীত বিক্ৰমজিত চক্ৰবৰ্তীক মুখ্য উপদেষ্টা আৰু ৰঞ্জুমনি শইকিয়া আৰু মুন্না গগৈক উপদেষ্টা হিচাপে লোৱা হয়।
ইয়াৰ পিছত নৱ নিৰ্বাচিত সভাপতি ৰঞ্জন বাইদঙিয়াৰ পৌৰোহিত্যত বহা কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। ইয়াত আগন্তুক অষ্টম দৰমহা আয়োগৰ ওচৰত কৰ্মচাৰীসকলৰ দাবী আদি চোৱা সন্দৰ্ভত এখন উপসমিতি গঠন কৰা হয়।
ইয়াৰ উপৰি অন্যান্য বিভিন্ন বিষয়ৰ সৈতে সন্থাৰ দাবী অনুযায়ী গ্ৰেড পে বৃদ্ধি কৰা আৰু জিলা আয়ুক্তৰ কাৰ্যালয় আৰু সম জিলা কাৰ্যালয়ত অইন বিভাগৰ পৰা কৰ্মচাৰী লৈ অনাৰ প্ৰয়াসত আশ্চৰ্য প্ৰকাশ কৰে।

