অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

DHEMAJI: গোগামুখত আফ্ৰিকান ছোৱাইন ফিভাৰৰ ভয়াৱহতা, টাটা ট্ৰাষ্ট-চিএমএৰ সজাগতা সভা

Spread the love

DD TIMES ধেমাজি, ২১ ছেপ্টম্বৰঃ ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত বহুকেইখন গাঁৱত আফ্ৰিকান ছোৱাইন ফিভাৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে যদিও ধেমাজি জিলা প্ৰশাসনে বিষয়টোৰ ওপৰত কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই ৷

ইতিমধ্যে গোগামুখ ৰাজহ চক্ৰৰ কেইবাখনো গাঁৱত আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱৰ বাবে শ শ গাহৰি নিধন কৰা হৈছে ৷ ছোৱাইন ফিভাৰৰ ভয়াৱহতা প্ৰতিৰোধৰ বাবে ‘টাটা ট্ৰাষ্ট’ আৰু ‘চেন্টাৰ ফ’ৰ মাইক্ৰ’ ফাইনেন্স লাইভলীহোড’-ৰ ফালৰ পৰা এলানি সজাগতা শিবিৰ ১৯ ছেপ্টেম্বৰৰ পৰাছ আৰম্ভ কৰিছে ৷

‘টাটা ট্ৰাষ্ট’ আৰু ‘চেন্টাৰ ফ’ৰ মাইক্ৰ’ ফাইনেন্স লাইভলীহোড’ চমুকৈ চি এম এলৰ ফালৰ পৰা  ধেমাজি জিলাৰ গোগামুখৰ পমুৱা গাঁৱত ছোৱাইন ফিভাৰৰ সন্দৰ্ভত এখনি সজাগতা শিবিৰ অনুষ্ঠিত কৰে ৷

প্ৰায় ৩ শতাধিক লোকে অংশগ্ৰহণ কৰা উক্ত সজাগতা শিবিৰত উপস্থিত থাকি গাহৰি পোহপালনৰ বিশেষজ্ঞ তথা পশু চিকিৎসক ডাঃ নন্দিনী কলিতাই কয়- আফ্ৰিকান ছোৱাইন ফিভাৰৰ কোনো বিজ্ঞান সন্মত চিকিৎসা পদ্ধতি এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই ৷

সজাগতা বা সাৱধনতাৰেহে ইয়াক প্ৰতিৰোধ কৰিব পাৰি৷ ২০২২ বৰ্ষত ধেমাজি জিলাত ছোৱাইন ফিভাৰে দেখা দিছিল ৷ দুবছৰৰ অন্তত পুনৰ ছোৱাইন ফিভাৰে ধেমাজি জিলাত প্ৰাদুৰ্ভাৱ ঘটিছে ৷ ছোৱাইন ফিভাৰৰ বাবে বহু নিৱনুৱা যুৱক-যুৱতী তথা কৃষকে জীৱিকাৰ পথ হেৰুৱাই পেলাইছে ৷

যিসকলে গাহৰি পালন কৰিয়ে নিজৰ জীৱন-জীৱিকাৰ পথ নিৰ্মাণ কৰি আহিছিল ৷ তেওঁ লগতে কয়- গ্ৰামাঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা পথ তথা উপাৰ্জনৰ উৎসই হৈছে কৃষিকৰ্ম আৰু পশুপালন ৷ কিন্তু কৃষি যদি উৎপাদন নহয়, পশুপালন যদি বাধাগ্ৰস্ত হৈ তেতিয়া গ্ৰামাঞ্চলৰ লোকসকলৰ মাজত হতাশা আৰু দৰিদ্ৰতা বৃদ্ধি পায় ৷

আফ্ৰিকান ছোৱাইন ফিভাৰ  প্ৰতিৰোধ কৰিবলৈ পশু চিকিৎসালয়ৰ পৰামৰ্শ লোৱাৰ লগতে  প্ৰতিগৰাকী পশুপালকে পোহনীয়া জীৱ-জন্তুবোৰ পৰিস্কাৰ-পৰিছন্নতাৰ মাজত ৰাখিব লাগিব বুলি তেওঁ দোহাৰে ৷

অনুষ্ঠানত উপস্থিত থাকে টাটা ট্ৰাষ্ট আৰু চি এম এল তথা আৰ এল আৰ চিৰ সঞ্চালক চত্ৰ মেদক, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বলোৰাম দলে, ৱাৰ্ড সদস্য ৰূপজ্যোতি দলে, চি এম এল তথা টাটা ট্ৰাষ্টৰ ক্ষেত্ৰ পৰিদৰ্শক বিৰাজ হাজৰিকা, সমন্বয়ক প্ৰশান্ত দলে, টি এম পি কেৰ ধেমাজি জিলা সমিতিৰ সহকাৰী সম্পাদক নবীন চুংক্ৰাং আদিয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!