অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

DHAKUWAKHANA BOOKFAIR: আৰম্ভ হ’ল ষষ্ঠ ঢকুৱাখনা গ্ৰন্থমেলা

Spread the love

আৰম্ভ আৰম্ভ হ’ল ষষ্ঠ ঢকুৱাখনা গ্ৰন্থমেলা
শিক্ষাৰ্থীৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন

DD TIMES ঢকুৱাখনা, ৫ জানুৱাৰীঃ ঢকুৱাখনাৰ নতুন প্ৰজন্মৰ মাজত গ্ৰন্থৰ সুবাস বিলোৱাৰ লগতে ঢকুৱাখনাত নতুন নতুন গ্ৰন্থ সহজলভ্য কৰি তোলাৰ বাবে বিগত-২০১৯ বৰ্ষৰ পৰাই আয়োজন কৰি অহা ঢকুৱাখনা গ্ৰন্থমেলা এইবাৰ ষষ্ঠ বৰ্ষত ভৰি দিছে।

কালিৰ পৰা ঢকুৱাখনাৰ দিবা নৈশ বাছ আস্থানত অনুষ্ঠিত হৈছে ষষ্ঠ ঢকুৱাখনা গ্ৰন্ধমেলাৰ। প্ৰথম দিনৰ কাৰ্যসুচী অনুসৰি পুৱা পৌৰ আয়ুক্ত দিপালী দাসৰ নেতৃত্বত চলা চাফাই কাৰ্যসূচীৰ পিছতেই ১০ বজাত পতাকা উত্তোলন কৰে গ্রন্থমেলা আয়োজক সমিতিৰ সভাপতি ড° গিৰীণ গগৈয়ে। ১০.৩০ বজাত স্মৃতি তৰ্পন কৰে গ্রন্থমেলা আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল কুমাৰ চুতীয়াই।

ইফালে ঢকুৱাখনা সম জিলাৰ আয়ুক্ত অপূর্ব কুমাৰ নাথে দিনৰ ১২-০০ বজাত গ্রন্থমেলাখনি উদ্বোধন কৰে।ইয়াৰ পিছতেই বিয়লি ১২-৩০ বজাৰ পৰা শিক্ষাৰ্থীসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

এই প্ৰতিযোগিতা উদ্বোধন কৰে অৱসৰী অধ্যাপক
ইন্দিবৰ বুঢ়াগোহাঞিয়ে, ২ বজাৰ পৰা গ্রন্থমেলাৰ সাহিত্য উপ-সমিতিৰ উদ্যোগত সাধু কোৱা প্রতিযোগিতা আৰম্ভ হয়।

এই প্ৰতিযোগিতাখন উদ্বোধন কৰে ঔপন্যাসিক, লেখিক-নিবেদিতা লাগাছুৱে। অন্যহাতে বিয়লি ৩.৩০ বজাৰ পৰা আয়োজন কৰা যোগাসন প্রতিযোগিতাৰ উদ্বোধন কৰে লেখক, সাংবাদিক ৰাজীৱ বৰুৱাই।

ইয়াৰ পিছতেই সন্ধিয়া ৫ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয়। সাংস্কৃতিক অনুষ্ঠানটিৰ উদ্বোধন কৰে ঢকুৱাখনা সম জিলাৰ সাংস্কৃতিক বিষয়া ইভালীনা পাঠকে।

উল্লেখ্য যে কাইলৈ দ্বিতীয় দিনা-পুৱাৰ ভাগত কবিতা আবৃত্তি প্ৰতিযোগিতা, পোষ্ট কাৰ্ডত চিঠি লিখা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। অন্যহাতে বিয়লি ৩ বজাৰ পৰা লেখক-লেখিকাৰ অন্তৰংগ আলাপ অনুষ্ঠান আৰম্ভ হ’ব।

এই অনুষ্ঠানত ঢকুৱাখনাৰ বিভিন্ন নবীন-প্ৰবীণ লেখক-লেখিকাসকলে অংশগ্ৰহণ কৰিব। আৰু সন্ধিয়ালৈ কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে সাংস্কৃতিক
অনুষ্ঠান পৰিৱেশন কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!