অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

DHAKUWAKHANA: ঢকুৱাখনাৰ চেতিয়া গাঁৱৰ ঐতিহাসিক থানঘৰৰ ভেটি পুনৰুদ্ধাৰ

Spread the love

ঢকুৱাখনাৰ চেতিয়া গাঁৱৰ ঐতিহাসিক থানঘৰৰ ভেটি পুনৰুদ্ধাৰ

DD TIMES ঢকুৱাখনা, ১৮ অক্টোবৰঃ ১৮শ শতিকাৰ আদি ভাগতে আহোম সকলৰ ৰাজত্বৰ সময়ত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ আহি দক্ষিণ পাৰৰ কাল সংহতিৰ জকাই সত্ৰৰ কেৱল পন্থাৰ এগৰাকী অখ্যাত ধৰ্মগুৰুৱে কেৱল
ধৰ্ম প্ৰচাৰ কৰিছিলহি বুলি জনপ্ৰবাদ শুনা যায়।সেই
জন ধৰ্মগুৰুৱেই ঢকুৱাখনাৰ চেতিয়া গাঁৱৰ সমীপত চাৰিকড়িয়া নৈৰ পাৰৰ এটি চাপৰিত বাহৰ পাতি কেৱল ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল ভক্তৰ মাজত।

তদুপৰি ধৰ্মপ্ৰচাৰকজনৰ এই ঠাইখনতেই বিয়োগ হয়;
ফলত পিছলৈ ঠাইখন কেৱল কাল সংহতিৰ থানঘৰৰূপে পূজিত হয়।কালৰ গতিত বহুদিন পৰিতক্ত হৈ থকা থানঘৰৰ ভেটিত আজি কাতি বিহুৰ দিনাই চেতিয়া গাঁৱৰ একাংশ ৰাইজে এগছি বন্তি জ্বলাই,শৰাই পাতি পুনৰুদ্ধাৰৰ প্ৰয়াস কৰে।


চেতিয়াগাঁৱৰ ৰজাদিনীয়া ঐতিহাসিক থানঘৰৰ ভেটি পুনৰুদ্ধাৰ কাৰ্যসূচীত আজি- সৰ্বশ্ৰী টংকেশ্বৰ চেতিয়া,
ক্ষীৰোদ চেতিয়া, টুচিল চেতিয়া, নন্দেশ্বৰ চেতিয়া,
পূৰ্ণ (অৰূপ) বৰুৱা, বিনোদ চেতিয়া,অনুপম চেতিয়া,
ৰাজীৱ বৰুৱা (বাটচ’ৰামুখ), সুৰজ বৰুৱা (হিলৈদাৰী),
বিমান সন্দিকৈ (বাগিছা গাওঁ), ধ্ৰুৱজ্যোতি চেতিয়া,
প্ৰেম চেতিয়া, বিদ্যাধৰ চেতিয়া, প্ৰকাশ চেতিয়া, টিটু চেতিয়া, সত্য চেতিয়া, কল্যাণী দিহিঙীয়া, মিহিলতা চেতিয়া, সত্যৱতী চেতিয়া, চাণক্য তেতিয়া, প্লাৱন চেতিয়া, ৰাজদ্বীপ তেতিয়া, ভৃগু দিহিঙীয়া, হৰ্ষদ্বীপ চেতিয়া উপস্থিত থাকে।

উল্লেখ্য, ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰৰ চেতিয়া গাঁৱত ১৮শ শতিকাতে দক্ষিণ পাৰৰ জকাই সত্ৰৰ এগৰাকী ধর্মাধিকাৰ উত্তৰ পাৰলৈ আহি কেৱল পন্থাৰ ধৰ্ম প্ৰচাৰক সুনন্দদেৱৰ গীত-পদ আৰু ৰীতি-নীতিৰে কেৱল কাল সংহতিৰ ধৰ্ম প্ৰচাৰ কৰিছিল বুলি লোকপ্ৰবাদ শুনা যায়।

বর্তমান ঢকুৱাখনাৰ চেতিয়া গাঁৱৰ কাষেৰে বৈ যোৱা চাৰিকড়ীয়া নৈৰ দক্ষিণ পাৰে পৰিত্যক্ত ৰূপত আছে সেই পুৰণি ‘থানঘৰ’খনৰ ভেটিটো।অৰ্থাৎ ধৰ্ম প্ৰচাৰক জনে বাহৰ পতা ভেটিটোৰ অৱশেষ বুলি স্থানীয়লোকে
সেই অংশক থানগুৰি বোলে।


স্থানীয় কেইবাজনো বয়সীয়াল লোকৰ পৰা জানিব পৰা মতে-“থানঘৰৰ ভেটিত কাল সংহতিৰ জকাই সত্ৰৰ পৰা এজন ধর্মাধিকাৰ গোঁসাই আহি বাহৰ পাতি থাকি চেতিয়া গাঁৱৰ পুৰণি বুঢ়া-মেথাসকলক শৰণ আদি ধর্মীয় দীক্ষা দিছিল।এই থানত ধৰ্ম প্ৰচাৰ কৰি থাকোঁতেই সেইজনা ধর্মাধিকাৰৰ বিয়োগ হোৱাত চেতিয়া গাঁৱৰ ভকত-শিষ্য সকলে গুৰুক যথা ৰীতিৰে থানঘৰৰ সমীপতে অন্তিম সৎকাৰ কৰে।

পিছৰ সময়ত থানঘৰখনত বিহু,পূর্ণিমা আৰু ঘৰৰ বছৰেকীয়া সকামৰ দিনা চেতিয়া গাঁৱৰ একাংশলোকে সেৱা-সকাম কৰি চাকি-বন্তি জ্বলাই ৰাখিছিল।পূৰ্বতে থানঘৰখন চাৰিকড়ীয়া নদীৰ উত্তৰ পাৰেহে আছিল। কুৰি শতিকাৰ শেষৰ ফালে খাৰজানৰ সৈতে চাৰিকড়ীয়া নদী একাকাৰ হৈ পৰি কলাকতাৰ পৰা চেতিয়া গাঁৱৰ নিচেই কাষেৰে সুঁতিমুখৰ ফালে বৈ যোৱাত, অতীজৰ সেই ‘থানঘৰ’ৰ ভেটি নদীৰ দক্ষিণ পাৰত হৈ পৰে।

ফলত যাতায়তৰ অসুবিধা আৰু থানঘৰত পৰম্পৰা ৰক্ষা কৰি থকা ধর্মাধিকাৰ বা সাধু নথকাত লাহে লাহে ভকতৰ প্ৰৱেশ, পূজা-সেৱা আদি কমি যাবলৈ ধৰে।সেয়েহে অতীজৰ ‘খানঘৰ ‘খন জহি-খহি অবহেলিত হৈ ৰয় হাবিৰ মাজত।থানঘৰ পৰিত্যক্ত হ’লেও এতিয়াও বহু মাহাত্ম্য থকা বুলি স্থানীয় লোকে কয়।এই থানঘৰৰ পৰিত্যক্ত ভেটিৰ ওপৰত যদি এতিয়াও কোনো লোকে অজানিতে শৌচ-প্রস্রাবৱ কৰে তেনে সেই ব্যক্তিক ডাঙৰীয়াই চিন দেখুৱাই অসুখ অশান্তি কৰে।

ঢকুৱাখনাৰ চেতিয়া গাঁৱৰ ৭৫ বছৰীয়া লোক টংকেশ্বৰ চেতিয়াই এই লেখকক নিজৰ লগত ঘটা এটা কাহিনী কৈছিল থানঘৰৰ মাহাত্ম্য সম্পর্কে-“থানঘৰৰ ভেটিৰ সীমাতে তেখেতৰ খেতিৰ মাটি আছিল। ১৯৭১ চনৰ কথা; টংকেশ্বৰ চেতিয়াই থানঘৰৰ সীমাত থকা খেতিৰ মাটিত জেউৰা দিছিল।


তেওঁ জেউৰাৰ গোঁজ জোঙালিছিল থানঘৰৰ ভেটিৰ এজোপা সৌৰা গছৰ গুৰিত।বিয়লি জেউৰা সম্পূর্ণ কৰি ঘৰলৈ অহাৰ পিছৰ পৰাই তেখেতৰ হাতখন ৰাতিলৈ ফুলি উঠিল; বিষত লৰচৰেই কৰিব নোৱাৰা হ’ল।

পিছদিনা ডাক্তৰক দেখুৱাইও একো ভাল নহ’ল।ঘৰৰ মানুহে ক’লে থানঘৰৰ কিবা দোষ লাগিল নিশ্চয় ! এই কথা শুনাৰ পিছত টংকেশ্বৰ চেতিয়াই বিষালি দেহাৰেই গৈ ‘থানঘৰ’ৰ ভেটিত এগছি বস্তি জ্বলাই সেৱা ল’লেগৈ দায়-দোষ ক্ষমিবলৈ। তাৰ পিছত ৰাতিৰ পৰা ফুলাও কমিল,পুৱালৈ বিষ নোহোৱা হ’ল। হাতখন আগৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিল।

এনেধৰণৰ অনেক ঘটনা বিভিন্ন জনৰ লগত ঘটাৰ কথা শুনা যায় চেতিয়া গাঁৱৰ থানঘৰৰ ভেটিত দোষনীয় কাম কৰাৰ বাবে। ঢকুৱাখনাৰ চেতিয়া গাঁৱৰ থানঘৰৰ মাহাত্ম্যৰ কথা কল্যাণী দিহিঙীয়া নামৰ আন এগৰাকী (৭০ বছৰীয়া) বয়োজ্যেষ্ঠ মহিলাই নিজেই ভুক্তভোগী হৈ বর্ণনা কৰিছিল এই লেখকৰ আগত-“সেয়া ২০০২ চনৰ মে’ মাহৰ কথা।


তেওঁক নিশা সপোনত এজন দিব্যপুৰুষে দেখা দিলে;আৰু থানঘৰৰ ভেটি অবহেলিত হৈ পৰি থকাত দুখ প্রকাশ কৰি সেই ঠাই কিছু চাফ-চিকুণ কৰি চাকি-বন্তি জ্বলাই থাকিবলৈ ক’লে। সপোনটো দেখাৰ পিছতো দুদিনমান কাকো নোকোৱাকৈ থাকিল।


তিনিদিনৰ দিনা তেওঁৰ স্বামীয়ে পুৱা ঘৰৰ গাইজনী গাখীৰ খিৰাবলৈ গৈ দেখে যে গাইজনী মাটিত বাগৰি ধৰফৰাই আছে,গাখীৰ খিৰাব পৰা অৱস্থাত নাই। এই কথা আহি স্বামীয়ে তেওঁক কোৱাত তেওঁ লগে লগে থানঘৰলৈ বুলি আগ কৰি এটি টোপোলা বান্ধিলে।

দুপৰীয়ালৈ গাইজনী সম্পূর্ণ সুস্থ হৈ উঠিল। ২০০২ চনৰ ২৮ মে’ৰ দিনা চাৰিকড়িয়া নদী পাৰ হৈ গৈ সপোনত দেখা থানঘৰৰ ভেটিটো বিচাৰি উলিয়াই চাফ-চিকুণ কৰি চাকি-ধূপ জ্বলাই থৈ আহে।

তাৰ কিছুদিনৰ পিছত কল্যাণী দিহিঙীয়াই তাত মিস্ত্রী লগাই চাৰি চুকত চাৰিটা খুঁটা দি টিনপাতৰ এখন চালি নির্মাণ কৰি দিছিল থানঘৰৰ ভেটিত। মাজে মাজে তেওঁ নদী পাৰ হৈ গৈ তাত চাকি-বন্তি জ্বলাই আছিল।কিন্তু তাৰ মাজতে স্বামীৰ মৃত্যুৰ হোৱাত তেওঁ আগৰ দৰে চাফ-চিকুণ কৰি বন্তি জ্বলাই থাকিবলৈ নদী পাৰ হৈ যাবলৈ অপাৰগ হৈ পৰে।

ইফালে গাঁৱৰ অন্য লোকসকলেও অন্য ধৰ্মৰ প্রভাৱত পৰি থানঘৰখনলৈ পিঠি দিয়াত থানঘৰখন পৰিত্যক্ত হৈ ৰয়।এতিয়াও পৰিত্যক্ত থানঘৰৰ ভেটিৰ অৱশেষ চাৰিকড়িয়া নৈৰ দক্ষিণপাৰত মাজত আছে।

বর্তমান ঢকুৱাখনাৰ চেতিয়া গাঁৱৰ থানঘৰ’ৰ ভেটিত তীব্ৰ গৰাখহনীয়া চলি আছে। খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে এদিন কালৰ বুকত একেবাৰে হেৰাই যাব এইখন পুৰণি থানঘৰৰ অস্তিত্ব।

(বিঃদ্ৰঃ থানঘৰৰ সঠিক প্ৰতিস্থাকাল আৰু ঐতিহ্যৰ সম্পৰ্কে অধিক অনুসন্ধান অব্যাহত আছে।)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!