DHAKUWAKHANA: ঢকুৱাখনাত চ্যুকাফা দিৱস পালন
টাইপাৰ উদ্যোগত ঢকুৱাখনাত চ্যুকাফা দিৱস পালন
বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে উদুলি-মুদুলি পৰিৱেশ

DD TIMES ঢকুৱাখনা, ২ ডিচেম্বৰঃ টাই আহোম
যুৱ পৰিষদ,অসম(টাইপা)ৰ লখিমপুৰ জিলা
সমিতি আৰু ঢকুৱাখনা সমজিলা সমিতিৰ উদ্যোগত কালিৰে পৰা ঢকুৱাখনা মিনি ষ্টেডিয়ামত আয়োজিত হৈ থকা চ্যুকাফা দিৱসৰ আজি মুকলি সভাৰে সামৰণি পৰে।

বৰ অসমৰ ভেটি গঢ়োতা, অসমত সমন্বয়ৰ বীজ সিচোঁতা স্বৰ্গদেউ চাওলুং চ্যুকাফাক স্মৰণৰ উদ্দেশ্য আগত ৰাখি আয়োজন কৰা এই দিৱসৰ আজি পুৱা আহোম সকলৰ সাংস্কৃতিক বৈচিত্ৰক দাঙি ধৰি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে ঢকুৱাখনা নগৰৰ মাজেৰে।টাই আহোম মহিলা পৰিষদৰ সহযোগত আয়োজিত চ্যুকাফা দিৱসৰ আজি দ্বিতীয় দিনা পুৱা মৈদাম তৰ্পনৰ পিছতে শোভাযাত্ৰা উলিওৱা হয়।

এই শোভাযাত্ৰা উদ্ধোধন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড° গিৰীণ গগৈয়ে,ইয়াৰ পিছতেই মুকলি সভা অনুষ্ঠিত হয় উদযাপন সমিতিৰ সভাপতি ৰমেন গগৈৰ সঞ্চালনাত।
লাই-লুং-খাম নৃত্যৰে উদ্ধোধন কৰা এই মুকলি নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকি ND24 চেনেলৰ মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাই বৰ অসমৰ খনিকৰ চ্যুকাফাৰ বিষয়ে তথ্যসমৃদ্ধ বক্তব্য আগবঢ়াই।মুকলি সভাতেই অপৰাজিতা বুঢ়াগোহাঁইৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ-“মুঙ্-দুন্-ছুন-খাম্”ৰ প্ৰস্তাৱনা সংখ্যাটি উন্মোচন কৰে বিশিষ্ট লেখিকা,কবি মৌচুমী গগৈ হাতীবৰুৱাই।
ইফালে এই সভাত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিগন্ত তামুলীকে ধৰি কেন্দ্ৰীয় সমিতিৰ বহু কেইগৰাকী বিষয়-ববীয়াই অংশগ্ৰহণ কৰে।

