অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

Dhakuakhana Book Fair: নাট্য সাহিত্যক আমি এতিয়াও সাহিত্য বুলি স্বীকৃতি দিবলৈ টান পাওঁ

Spread the love

ঢকুৱাখনা গ্ৰন্থমেলাৰ চতুৰ্থ দিনা নাট্য কৰ্মীৰ অন্তৰংগ আলাপ

নাট্য সাহিত্যক আমি এতিয়াও সাহিত্য বুলি স্বীকৃতি দিবলৈ টান পাওঁ

DD TIMES ঢকুৱাখনা, ৮ জানুৱাৰীঃ ষষ্ঠ ঢকুৱাখনা গ্ৰন্থমেলাৰ বাকৰিত আজি চতুৰ্থ দিনা বিয়লি ১ বজাৰ পৰা নাট্য কৰ্মীসকলৰ এক অন্তৰংগ আলাপ অনুষ্ঠান আয়োজিত হয়।

নাট্যকৰ্মী, অৱসৰী অধ্যাপক অমিয় কুমাৰ সন্দিকৈয়ে উদ্ধোধন কৰা এই নাট্যকৰ্মীৰ অন্তৰংগ আলাপ অনুষ্ঠানটোত সঞ্চালকৰূপে অংশগ্ৰহণ কৰি
বক্তব্য আগবঢ়াই নাট্যকৰ্মী তথা পৰিচালক গৌৰৱ বৰুৱাই কয় যে- “নাটকক আজিও সাহিত্য বুলি বহুতে স্বীকৃতি দিব নিবিচাৰে।

নাট্য সাহিত্যৰ দিশত অসমৰ সাহিত্য বহুখিনি আগবঢ়া যদিও নাট্য সাহিত্যই অন্যান্য সাহিত্যৰ সমান গুৰুত্ব লাভ নকৰে সাহিত্য জগতত।

আমি নাট্য সাহিত্য, নাট্য সাহিত্য বুলি মুখত কৈ থাকোঁ যদিও নাটকক সাহিত্য বুলি স্বীকাৰ কৰিবলৈ টান পাওঁ।”

ঢকুৱাখনা গ্ৰন্থমেলা সমিতিয়ে আয়োজন কৰা এই নাট্যকৰ্মীৰ অন্তৰংগ আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰি-নাট্যকৰ্মী, লেখক তথা অধ্যাপক ইন্দিবৰ বুঢ়োগোহাই, ৰংগভূমিৰ নাট্য সংগঠক, অভিনেতা-কৌস্তভ কিশোৰ চুতীয়া, নাট্য বিদ্যালয় ঢকুৱাখনাৰ সংগঠক গনেশ চমুৱা,তৰংগ নাট্যগোষ্ঠীৰ সংগঠক,তথা ঢকুৱাখনাৰ এগৰাকী উদীয়মান নাট্যকাৰ- বিজিত(দিম্পুল) চুতীয়া, নাট্য পৰিচালক তথা নাট্যকাৰ- সুকুমাৰ ফুকুন, অভিনেতা-পলাশ কোঁৱৰ, ভৱেন তামুলী, বিপুল বৈশ্যকে আদি কৰি বহুকেইগৰাকী নাট্য সংগঠক, নাট্যকৰ্মীয়ে অংশগ্ৰহণ কৰি নাটকৰ বিষয়ে বিভিন্ন অভিজ্ঞতাৰ কথা প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!