অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

DERPANEE: কোনো চৰকাৰী অভিলাসী আঁচনিয়ে ধুকি নোপোৱা এখন গাঁও

Spread the love

কোনো চৰকাৰী অভিলাসী আঁচনিয়ে ধুকি নোপোৱা এখন গাওঁঃ ভোট ভিক্ষাৰী ভাৱৰীয়াৰূপী নেতাসকলৰ প্ৰতি ৰাইজৰ ক্ষোভ

DD TIMES দেওপানী ১৮ অক্টোবৰঃ আজিও বঞ্চিত ২৪নং দেওপানী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰঙাগড়া হামফুজান অঞ্চলৰ লোকসকল চৰকাৰী অভিলাসী আঁচনিসমূহৰ পৰা ৷

আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল ৷ আচলতে বৰ্তমান সময়ত অসমীয়াৰ এইষাৰি আৰ্ত্ত বাক্য বঞ্চিতসকলৰ বাবে সাৰোগত হৈ পৰিছে ৷

উল্লেখনীয় গাঁওখন হৈছে বোকাজান বিধানসভা সমষ্টিৰ তথা ২৪নং দেওপানী পৰিষদীয় সমষ্টিৰ নেতাসকলে আস্ফালন কৰা ডাবোল আৰু ট্ৰিপুল ইঞ্জিন চৰকাৰৰ অধিনত থকা ৰঙা গড়া অঞ্চলৰ হামফুজান গাঁও। এই অঞ্চলত নাই কোনো সুচল যাতায়তৰ বাবে পথ, নাই কোনো PMAY ঘৰ, নাই কোনো বিশুদ্ধ খোৱা পানী ব্যৱস্থা,নাই কোনো স্বাস্থ্যসন্মত শৌচালয় ব্যৱস্থা।

আনকি এই গাঁওৰ লোকসকলে আজি পৰ্যন্ত লাভ কৰা নাই কোনো ধৰণৰ অৰুণোদয় আঁচনি,বৃদ্ধ পেঞ্চন,বিধবা পেঞ্চনৰ দৰে চৰকাৰী অভিলাসী আঁচনি। এই কথা আমাৰ আগত ব্যক্ত কৰে ক্ষুভিত ৰাইজে ৷

অতিকৈ দুখঃ লগা কথাটো হ’ল যে,সেই অঞ্চলৰ জন প্ৰতিনিধি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সদস্য শ্ৰৱণ তেলেংগাই আজি পয্যন্ত খোজ পেলোৱা নাই সেই অঞ্চলত।

কেৱল নিৰ্বাচনৰ সময়ত চলাহী কথা কৈ ভোট ভিক্ষা কৰিবলৈহে উপস্থিত হয় বুলি জানিবলৈ দিয়ে গাঁও বাসীয়ে ৷ চৰকাৰৰ জলজীৱন মিছন,যাতায়ত,বিদ্যুৎ ব্যৱস্থাকে ধৰি সৰ্বদিশতে উপেক্ষিত হৈ আছে ৰঙাগড়া হামফুজান বাসী।

উক্ত গাঁৱত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম কাৰ্বি আংলং জিলা সমিতিৰ এটা দল উপস্থিত হৈ জনপ্ৰতিনিধি শ্ৰৱণ তেলেংগাক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে উল্লেখ কৰে যে যিটো সময়ত ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়ালক জল জীৱন মিছন আঁচনিৰ অধীনত বিশুদ্ধ খোৱা পানী যোগান ধৰাটো প্ৰয়োজন তেনে সময়ত হামফুজান বাসীয়ে আজিও লেতেৰা আৰ্চেনিক যুক্ত পানী পান কৰিব লগাটো দুৰ্ভাগ্যজনক কথা।

চৰকাৰে আঁচনি ৰূপায়ন কৰি নল দিছে ঠিকেই,কিন্তু আজি পয্যন্ত ৰাইজক জলৰ ব্যৱস্থা কৰি দিব নোৱাৰাতো অতিকৈ দুৰ্ভাগ্যজনক বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰে ৷

বিশেষকৈ কাৰ্বিআংলং স্বায়ত্ত্বশাসিত পৰিষদৰ বৰমূৰীয়াসকল তথা নামি দামি নেতা ৰূপী অভিনেতাসকল আৰু তুলিৰাম নেতৃত্বাধীন চৰকাৰখনৰ ওপৰত দুখেৰে অভিযোগ দিয়ে স্থানীয় মহিলাসকলৰ লগতে বঞ্চিত ৰাইজে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!