Death Anniversary of Kharsing Terang: তিৱা জাতীয় সংগঠনৰ উদ্যোগত খৰছিং তেৰাঙৰ মৃত্যুবাৰ্ষিকী পালন
তিৱা জাতীয় সংগঠনৰ উদ্যোগত খৰছিং তেৰাঙৰ ৭১ সংখ্যক মৃত্যুবাৰ্ষিকী পালন

DD TIMES ৰজাপথাৰ, ২৮ নৱেম্বৰঃ কাৰ্বি আংলং জিলাৰ ৰজাপথাৰ চামগাওঁ তিৱা সাংস্কৃতিক ভৱনত সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা সাহিত্য সভা, তিৱা সাংস্কৃতিক সমাজ আৰু সদৌ তিৱা মহিলা সন্থাৰ উদ্যোগত আজি কাৰবি আংলং জিলাৰ প্ৰথমগৰাকী মূখ্য কাৰ্যবাহী সদস্য খৰছিং তেৰাঙৰ ৭১ সংখ্যক মৃত্যু বাৰ্ষিকী দিনজোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয়।

পূৱা প্ৰয়াত খৰছিং তেৰঙৰ ফটোত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সদস্য যতীন কোঁৱৰ, কবি তথা তিৱা সাহিত্য সভাৰ প্ৰাক্তন জিলা উপ-সভাপতি শৰৎ পাটৰ, তিৱা সাহিত্য সভাৰ প্ৰাক্তন জিলা সম্পাদক সুনথ বৰদলৈ, সমাজকৰ্মী মিলেশ্বৰ আমফিয়ে।
ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে তিৱা সাংস্কৃতিক সমাজৰ সভাপতি কুমুদ মিঠি, উপ-সভাপতি কাৰ্তিক ডেকাৰজা, তিৱা কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰভাত দাৰফাং, তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় সহ সম্পাদক জনাৰ্দন পাটৰ, জিলা সাংগঠনিক সম্পাদক পুনেশ্বৰ পুমা, সদৌ তিৱা ছাত্ৰ সন্থাৰ জিলা সম্পাদক অচ্যুৎ মচৰং, উপ সভাপতি শ্ৰৱন চাগ্ৰা, প্ৰাক্তন কৰ্মী অনিন্দ্ৰ বৰদলৈ, ডিফু মাণ্ডলিক সভাপতি ৰূপক মচৰং, উপদেষ্টা বকুল মচৰং, শিক্ষক ইন্দ্ৰমোহন বৰদলৈ, হাওৰাঘাট তিৱা সমাজৰ দীপক মিথি, তিৱা মহিলা সন্থা, সাংস্কৃতিক সমাজ, ছাত্ৰ সন্থা আৰু সাহিত্য সভাৰ সদস্য সকল।
উপস্থিত অতিথি সকলে প্ৰয়াত খৰছিং তেৰাঙৰ কাৰ্বি আংলং জিলাৰ প্রতি অৱদান আৰু পাহাৰীয়া জিলাখনৰ জাতি জনগোষ্ঠীক লৈ দেখা সপোনৰ বিষয়ে বক্তব্য আগবঢ়োৱাৰ লগতে তিৱা সমাজৰ প্ৰতি থকা তেখেতৰ চিন্তাক সোঁৱৰি শলাগ লয়।
বিগত কেইবা বছৰৰ পৰা তিৱা জাতীয় সংগঠনৰ যৌথ উদ্যোগত এই মৃত্যুবাৰ্ষিকী পালন কৰি আহিছে আৰু ভৱিষ্যতেও বহল ৰূপত পালন কৰি যাব বুলি সংগঠনকেইটাই জানিব দিয়ে।

