অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

Daulotsav: গুৰুজনাৰ দৌলোৎসৱ

Spread the love

গুৰুজনাৰ দৌলোৎসৱ (Daulotsav)

DD TIMESৰ আজিৰ শিশু কবি নীলিম আকাশ কাশ্যপ

ফাগুনী জোনাকী ৰাতি
বৰদোৱা থানৰ পবিত্ৰ মাটি,
একুৰি এবছৰীয়া শংকৰদেৱে
কথাটি ক’লে লৈ ওঁঠত মিচিকিয়া হাঁহি।

দৌলোৎসৱৰ সপোনেৰে
মন মেলিলে গুৰুজনাই,
ভূঞাসকলো সন্মত হ’ল—
“দৌল গঢ়োঁ; সজাওঁ ঠাই।”

ফাকুগুড়ি আনিবলৈ গুৰুৰ আদেশ মানি
বলোৰাম আতৈ পালেগৈ মৰুৱাপুৰ,
দহ দিনৰ মূৰত আহিল আবিৰ লৈ
টেম্বাৱলীৰ চৌপাশ হ’ল উল্লাসত ভৰপূৰ।

সাতোটা চিৰিৰ ওখকৈ সজিলে দৌলটি
ৰঙেৰে ৰঙীন আকাশ-বতাহ-দশোদিশ,
সাতোটাকৈ সুৰীয়া হোলীগীত
লিখিলে গুৰুৱে— মনো হৰষিত।

পঞ্জিকা চাই গণি-পিতি লোৱা
সন্ধৰা দলৈৰ সিদ্ধান্তত,
ফাগুনী পূৰ্ণিমাৰ দৌলোৎসৱ হ’ব
খোল-তাল, ভক্তি ৰসৰ গীতত গুঞ্জৰিত।

গন্ধ পৰ্বৰে আৰম্ভ কৰি
দৌলত কৰিলে গোঁসাই স্থাপন,
তিল-কুশ লৈ হৰিনামেৰে গুৰুজনাই
পূজিলে গোঁসাই— ভক্তিৰে আলোকিত মন।

পিছদিনা বিষ্ণু বন্দনা— ওখল, খোল লৈ
দৌলযাত্ৰা গাঁৱৰ মাজে মাজে,
নাম-কীৰ্তনৰ ধ্বনিত মুখৰ চৌপাশ
আনন্দেৰে সকলোৱে হৃদয় সাজে।

আবেলি আবিৰ দিলে
পোনতে ৰামগুৰু আগবাঢ়ি আহি,
তাৰ পিছতেই শংকৰদেৱে
গোঁসাইক ৰঙীন কৰিলে ৰং সানি দি।

ইগৰাকীয়ে সিগৰাকীলৈ
ৰং ছটিয়ালে কৰি হাঁহি-ধেমালি,
উজাগৰী নিশা হ’ল গুঞ্জৰিত
অপূৰ্ব গীতত প্ৰাণোচ্ছল হোলী।

গুৰুজনাই বজালে খোল, কেতায়ে কোহাৰ
তাতে জয়-বলাই-যদুৱে দিলে নাচি,
ৰামধন-লক্ষ্মণৰ অনন্ত ভক্তি
ৰামগুৰুৱেনো কিদৰে থাকে গীত নুজুৰি!

বৰদোৱাৰ সেই দৌল আজি
ইতিহাসৰ গৌৰৱ-মণি,
শংকৰ গুৰুজনাই দেখুৱালে—
একতা মানেই সামাজিক শক্তিৰে ধনী!

হোলী নহয় কেৱল ৰঙৰ উৎসৱ
ভালপোৱাৰো এয়া পবিত্ৰ বাণী—
হৃদয়ে হৃদয়ে প্ৰজ্বলিত ভাতৃত্ববোধৰ চাকি
আজি সেই শিকনিকেই মানি।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!