CULTURAL: সাংস্কৃতিক সন্ত্ৰাসবাদী আৰু জুবিন
সাংস্কৃতিক সন্ত্ৰাসবাদী আৰু জুবিন
DD TIMESত লিখিছে সত্যব্ৰত বৰাই
জুবিন গাৰ্গ অসমৰ সাংস্কৃতিক জগতখনৰ এক অমূল্য ৰত্ন। জুবিনৰ মধুৰ কণ্ঠ আৰু গানৰ ছন্দত অসমীয়া মানুহৰ হৃদয়ৰ গভীৰ অনুভূতি প্ৰতিফলিত হৈছিল। সংগীতৰ জৰিয়তে অসমৰ সংস্কৃতি, ঐতিহ্য আৰু জীৱনৰ সৌন্দৰ্য বিশ্বৰ আগত উপস্থাপিত কৰিছিল জুবিনে। কিন্তু দুৰ্ভাগ্যজনকভাৱে, তেওঁ এনে এক অদৃশ্য শত্ৰুৰ বলি হ’ল, যাক আমি ‘সাংস্কৃতিক সন্ত্রাসবাদী’ বুলি ক’ব পাৰো।

এই শব্দটোৱে এটা বিপজ্জনক মানসিকতাক বুজায়। জুবিন গাৰ্গৰ জীৱন আৰু মৃত্যুৰ ঘটনাই এই সাংস্কৃতিক সন্ত্রাসবাদৰ ভয়াৱহ ৰূপক পোহৰলৈ আনিছে। তেওঁৰ অকাল মৃত্যুৱে অসমীয়া সমাজক শোকত ডুবাইছে হয় কিন্তু তাৰ লগতে এটা গুৰুত্বপূৰ্ণ প্ৰশ্নও উত্থাপন কৰিছে – আমি আমাৰ সংস্কৃতিক কেনেকৈ সুৰক্ষিত কৰিম?
সন্ত্ৰাসবাদ হ’ল এনে এক পদ্ধতি য’ত মানুহৰ মাজত ভয়, আতংক বা অস্থিৰতা সৃষ্টি কৰিবলৈ হিংসাত্মক কাৰ্যকলাপ ব্যৱহাৰ কৰা হয়। এই কামবোৰত বোমা বিস্ফোৰণ, হত্যা, অপহৰণ বা সম্পত্তি ধ্বংসৰ দৰে ঘটনা থাকিব পাৰে।

সন্ত্ৰাসবাদৰ লক্ষ্য প্ৰায়ে ৰাজনৈতিক, ধৰ্মীয় বা সামাজিক এজেণ্ডা পূৰণ কৰা, চৰকাৰ বা সমাজৰ ওপৰত চাপ সৃষ্টি কৰা। সন্ত্ৰাসবাদী হ’ল সেই ব্যক্তি বা গোট যিয়ে এনে হিংসাত্মক কামৰ জৰিয়তে ভয়ৰ পৰিৱেশ সৃষ্টি কৰে। সন্ত্ৰাসবাদীৰ মূল উদ্দেশ্য হ’ল জনসাধাৰণক ভয় খুৱাই নিজৰ লক্ষ্য পূৰণ কৰা।
কিন্তু সমাজত আৰু এবিধ সন্ত্ৰাসবাদী আছে।সেইয়া হৈছে সাংস্কৃতিক সন্ত্ৰাসবাদী। এৰা সাংস্কৃতিক সন্ত্ৰাসবাদী। সংস্কৃতিৰ মাজতো সন্ত্ৰাসবাদৰ জন্ম হ’ল! সমাজত পূৰ্ণ ৰূপত আছে এচাম ৰাজনৈতিক আৰু বৌদ্ধিক সন্ত্ৰাসবাদী।
এই সন্ত্ৰাসবাদীসকলে শিল্পীক শোষণ কৰে। সেয়ে প্ৰতিখন সমাজত আছে শোষক আৰু শোষিতৰ এটা শ্ৰেণী। সংস্কৃতি কৰা মানুহো যদি সন্ত্ৰাসবাদী হয় তেন্তে সংস্কৃতিৰ সংজ্ঞাই সলনি কৰিব লাগিব দেখোন। হয় সংস্কৃতিৰ সংজ্ঞা সলনি হৈছে।
সাংস্কৃতিক সন্ত্ৰাসবাদীয়েও এতিয়া হত্যাৰ দৰে নিকৃষ্ট কাম কৰিব পাৰে। ঘৃণা উপজিছে সেইসকল সাংস্কৃতিক কৰ্মী, সহযোগীলৈ যি সকলে এজন শিল্পীক তিল তিলকৈ হত্যা কৰিব পাৰে নিজৰ স্বাৰ্থৰ বাবে।
স্বাৰ্থ কি? টকা। হয় টকা।আৰু নো কি স্বাৰ্থ থাকিব! এনে অসুৰবিলাকে শিল্প কি সংস্কৃতি কি সেইয়া বুজি নাপায়! পাব কেনেকৈ? সিমানখিনি বৌদ্ধিক জ্ঞান সিহঁতৰ নাই!
আচলতে সিহঁত একো একোটা শূন্যই!সিহঁতৰ নিজৰ একো পৰিচয় নাই! সিহঁতক কেন্দ্ৰ কৰি থকা শিল্পীজনৰ যোগেদিহে সিহঁতৰ কথা গম পোৱা যায়! এনে সন্ত্ৰাসবাদী বিলাকৰ বাবে শিল্পী সকল হৈছে টকা উপাৰ্জন কৰাৰ উৎস! আৰু যেতিয়া সিহঁতৰ স্বাৰ্থত বিঘিনি আহে তেতিয়া সিহঁতে হত্যাৰ দৰে চৰম পথো বাচি লয়!
এতিয়া জুবিনৰ অকাল মৃত্যুৰ পাছত অনেক শিল্পীয়ে মুখ খুলিছে।কিন্তু সেইয়া কৰিব লাগিছিল বহু আগেয়েই।তেতিয়া হয়তো জুবিন জীয়াই থাকিলহেতেন! সাহিত্য সংস্কৃতি এইবোৰ এতিয়া সন্ত্ৰাসৰ ঘাটি হৈ পৰিছে।
শ্ৰীদেৱী, সুশান্ত, ব্ৰুচ লী, দিব্যা ভাৰতী এই স্মৃতিবোৰে কি মনত পেলাই বাৰু? সাংস্কৃতিক সাম্ৰাজ্যবাদীৰ বাবে পণ্য সামগ্ৰী আছিল মাথো জুবিন। জুবিনৰ লগত সেই সন্ত্ৰাসবাদী বিলাকে ৰাখিছিল এক আন্তৰিকতাবিহীন সম্পৰ্ক যাৰ মুল্য দিবলগীয়া হল জুবিনে নিজৰ জীৱনৰে।বহুত চিন্তনীয় আৰু ভাবিব লগীয়া বিষয় ৷ সংস্কৃতিত সন্ত্ৰাসবাদৰ জন্ম হোৱা মানে কি? তাৰ অৰ্থ হ’ল আমাৰ জাতীয় আবেগ অনুভূতি কলাকৃষ্টি অকাল মৃত্যুৰ পিনে গতি কৰি আছে ৷ সচাকৈ আমি সজাগ হবৰ হ’ল। বেপাৰীৰ হাতত আমাৰ স্বাভিমান বিক্ৰী কৰিবলৈ দিব নোৱাৰি।
সাংস্কৃতিক সন্ত্রাসবাদ কেৱল শাৰীৰিক হিংসা নহয়, ই সংস্কৃতিক ধ্বংস কৰাৰ এটা সূক্ষ্ম প্ৰচেষ্টা। অসমৰ ইতিহাসত বিচ্ছিন্নতাবাদী সংঘৰ্ষৰ সময়তো সংগীতেই মানুহক একত্ৰিত কৰিছিল। কিন্তু বৰ্তমানৰ সাংস্কৃতিক সন্ত্রাসবাদে সেই একতাকো ভাঙি পেলাবলৈ চেষ্টা কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাই এই বিষয়টোক স্পষ্ট কৰি তুলিছে।গতিকে আমি সাজু হ’বৰ হ’ল।মূল শিপা ভাঙিব লাগিব।নহ’লে অসমৰ কৃষ্টি সংস্কৃতি এনে কিছুমান দালালৰ হাতলৈ যাব যিসকলে নিজৰ স্বাৰ্থত সেইয়া ব্যৱহাৰ কৰিব।
সাংস্কৃতিক সন্ত্রাসবাদক বাধা দি অসমীয়া সংস্কৃতিক আৰু শক্তিশালী কৰিব লাগিব। জুবিনৰ কণ্ঠ অমৰ, তেওঁৰ জীৱন অসমৰ সাংস্কৃতিক সংগ্ৰামৰ প্ৰতীক হৈ ৰ’ব। তেওঁ কৈছিল, “মোৰ গানত অসমৰ আত্মা আছে।” আজি আমি সেই আত্মাক জাগ্ৰত কৰিব লাগিব, যাতে সাংস্কৃতিক সন্ত্রাসবাদ কেৱল এটা অতীতৰ স্মৃতি হৈ ৰয়।
জুবিন গাৰ্গৰ মৃত্যুৱে অসমক একত্ৰিত কৰিছে, আৰু এই একতাই সন্ত্রাসবাদক পৰাজিত কৰিব। অসমৰ ভৱিষ্যত প্ৰজন্মই তেওঁৰ পৰা শিকিব যে সংস্কৃতি ৰক্ষাৰ বাবে কিদৰে যুদ্ধ কৰিব লাগে কাৰণ ই আমাৰ অস্তিত্বৰ মূল। জুবিন গাৰ্গ, তুমি চিৰকাল অমৰ। তোমাৰ সুৰ অসমীয়াৰ হৃদয়ত চিৰকাল বাজি থাকিব।