CU GUWAHATI: কটন বিশ্ববিদ্যালয়ত নিযুত মইনা ২.০ আঁচনিৰ চেক বিতৰণ
কটন বিশ্ববিদ্যালয়ত নিযুত মইনা ২.০ আঁচনিৰ চেক বিতৰণ

DD TIMES গুৱাহাটী, নৱেম্বৰ ১১ঃ নিযুত মইনা ২.০ আঁচনিৰ অধীনত চেক বিতৰণ অনুষ্ঠান শেহতীয়াকৈ কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয়।

উক্ত অনুষ্ঠানটোত সন্মানীয় উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা, পঞ্জীয়ক ড° হীৰেণ ডেকা আৰু ছাত্ৰ কল্যাণ সঞ্চালক ড° গুণেন্দ্ৰ চন্দ্ৰ দাস উপস্থিত থাকে।

এই আঁচনিৰ অধীনত মুঠ ২,১৫৯গৰাকী ছাত্ৰীক চেক প্ৰদান কৰা হয়, যাৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক বিত্তীয় সাহায্য প্ৰদান কৰা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত সৰ্বাত্মক সুবিধা আগবঢ়োৱা।
এই উপলক্ষে উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই ভাষণ প্ৰদান কৰি মন্তব্য আগবঢ়াই কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ বিত্তীয় অসুবিধা নোহোৱাকৈ তেওঁলোকৰ শৈক্ষিক আকাংক্ষা পূৰণ কৰাত এনে জনকল্যাণমূলক আঁচনিৰ যথেষ্ট গুৰুত্ব আছে।
তেওঁ মন্তব্য কৰে যে নিযুত মইনা ২.০ৰ দৰে পদক্ষেপসমূহে উচ্চ শিক্ষাৰ ক্ষেত্ৰত সমতা আৰু উৎকৃষ্টতা বৃদ্ধিৰ বাবে অসম চৰকাৰৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে।
উক্ত কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰশাসনিক কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে।

