CRICKET: কৰ্পৰেট বক্স ক্রিকেট ২.০ৰ চেম্পিয়ন উত্তৰায়ণ গ্ৰুপ
কৰ্পৰেট বক্স ক্রিকেট ২.০ৰ চেম্পিয়ন উত্তৰায়ণ গ্ৰুপ
DD TIMES গুৱাহাটী, ৫ অক্টোবৰঃ স্প’ৰ্টছক্ৰাফ্ট মেনেজমেণ্টে আয়োজন কৰা কৰ্প’ৰেট বক্স ক্রিকেট ২.০-ৰ ফাইনেল খেল কালি আৰিজোনা স্প’ৰ্টছ এৰেনা, বৰবাৰীত অনুষ্ঠিত হয়। ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰে উত্তৰায়ণ গ্ৰুপ আৰু আৰবিআই নাইট্ছে ৷

প্ৰথমে বেটিং কৰি উত্তৰায়ণ গ্ৰুপে ৮ অভাৰত ৫ উইকেটত ১০০ ৰান কৰে। দলৰ খেলুৱৈ বিবেক ৰায়ে ২৮টা বলত ৬১ ৰান কৰে।
প্ৰত্যুত্তৰত আৰবিআই নাইট্ছে ৮ অভাৰত ৩ উইকেট হেৰুৱাই ৭২ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বেটাৰ হয় বিবেক ৰায় (উত্তৰায়ণ গ্ৰুপ), শ্ৰেষ্ঠ বলাৰ হয় ধৰণী ৰাভা (উত্তৰায়ণ গ্ৰুপ) আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হয় লক্ষ্য (আৰবিআই নাইট্ছ) ৷
ফাইনেলখনৰ পৰিচালনা কৰে এনপি ইলাইট টীমে, যি গুৱাহাটীৰ জনপ্ৰিয় ধাৰাভাষ্যকাৰ নীৰজ পোদ্দাৰৰ মালিকানাধীন। সামৰণি অনুষ্ঠানত শ্বেখ ব্ৰাদাৰ্ছৰ শ্বেখ আলতাফ হুছেইন মুখ্য অতিথি হিচাপে উপস্থিত থাকে।