অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

CPI NAGAON: নগাঁৱত চিপিআইৰ বিক্ষোভ কাৰ্যসূচী

Spread the love

নগাঁৱত চিপিআইৰ বি*ক্ষো*ভ কাৰ্যসূচী

মুখ্যমন্ত্ৰীলৈ জিলা আয়ুক্তৰ জৰিয়তে ১২ দফীয়া দাবী জনাই স্মাৰক পত্ৰ প্ৰেৰণ

DD TIMES বঢ়মপুৰ, ১৪ নৱেম্বৰঃ ভাৰতৰ কমিউনিষ্ট পাৰ্টি (চি পি আই)ৰ নগাঁও জিলা সমিতিয়ে আজি নগাঁৱত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ স্বচ্ছ ন্যায়িক তদন্তৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি জনগণক আশ্বস্ত কৰিবলৈ ক্ষীপ্ৰতাৰে আগবঢ়া, অসমৰ ছয় জনগোষ্ঠী কোচ, টাই আহোম, মৰাণ, মটক, চুতীয়া আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰি অসমক জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰা, নিত্য ব্যৱহাৰ্য সামগ্ৰীকে ধৰি পেট্ৰল-ডিজেল আৰু জীৱনদায়িনী ঔষধৰ অত্যাধিক মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে ৰাজহুৱা বিতৰণ ব্যৱস্থাক শক্তিশালী ৰূপত গঢ়ি তোলা, চৰকাৰী শিক্ষা আৰু চিকিৎসা ব্যৱস্থাক ধ্বংস মুখৰ পৰা ৰক্ষা কৰা, দখলীকৃত মাটিৰ পট্টা কৃষকসকলক প্ৰদান কৰা, বিকল্প ব্যৱস্থা আৰু উপযুক্ত ক্ষতিপূৰণ নিদিয়াকৈ জধে মধে কৃষকক উচ্ছেদ কৰা কাৰ্য বন্ধ কৰা, দেওবাৰে ছুটী দিন সহ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১ টকা ধাৰ্য কৰা, নিবনুৱা যুৱক-যুৱতীৰ কৰ্মস্থাপনৰ ব্যৱস্থা কৰা, নগাঁও জিলাৰ বিভিন্ন স্থানত হাতী আৰু বান্দৰৰ উপদ্ৰৱৰ পৰা জনগণক ৰক্ষা কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা, সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰা, এন আৰ চি চূড়ান্ত কৰি‌ প্ৰকাশৰ ব্যৱস্থা কৰা, সংবিধান বিৰোধী সাম্প্ৰদায়িক আৰু জাতি বিধ্বংসী নাগৰিকত্ব সংশোধনী আইন (কা) বাতিল কৰা আদি দাবী জনায়।

বিক্ষোভস্থলীতে চি পি আইৰ নগাঁও জিলা সম্পাদক ৰাতুল বৰাই জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ মুঠ বাৰটা দাবী জনাই স্মাৰক পত্ৰ প্ৰদান কৰে।

জিলা আয়ুক্তক নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত মিকিৰ বামুণীৰ ৰায়তী কৃষকসকলক দখলীকৃত মাটিৰ পট্টা দিয়াৰ দাবীত আন এখন সুকীয়া স্মাৰক পত্ৰ প্ৰদান কৰে।

পত্ৰখনত স্বাক্ষৰ কৰে দলটোৰ বিষয়ববীয়া ক্ৰমে ৰাতুল বৰা, জিতু কুমাৰ নাথ, ৰাজেন তিমুং আৰু লক্ষী মাৰ্ডিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!