অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

COTTON UNIVERSITY: নৱ নিৰ্বাচিত কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ শপত গ্ৰহণ

Spread the love

নৱ নিৰ্বাচিত কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ শপত গ্ৰহণ

DD TIMES গুৱাহাটী, ১৪ অক্টোবৰঃ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ (CUSU) ২০২৫–২৬ শিক্ষাবর্ষৰ বাবে নৱ নিৰ্বাচিত কাৰ্যকৰী সদস্যসকলৰ শপত গ্ৰহণ অনুষ্ঠান সোমবাৰ, ১৩ অক্টোবৰ, ২০২৫ তাৰিখে দিনৰ ১১ বজাত কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।

শপতগ্ৰহণ অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° হিৰেণ ডেকাই শপত পাঠ কৰাইছিল। অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা, ছাত্ৰ কল্যাণ ডীন অধ্যাপক ঈশান কলিতা, ছাত্ৰ কল্যাণ পৰিচালক ড° ফুনু দাস শৰ্মা, নিৰ্বাচন পৰিচালনা সমিতিৰ সদস্যসকল, অধ্যাপকবৃন্দ, ছাত্ৰছাত্ৰী আৰু কটন বিশ্ববিদ্যালয় পৰিয়ালৰ অন্য সদস্যসকল উপস্থিত আছিল।

অনুষ্ঠানটো নিৰ্বাচন পৰিচালনা সমিতি ২০২৫–২৬ৰ ৰিটাৰ্নিং অফিচাৰ ড° হিতেন চৌধুৰীয়ে পৰিচালনা কৰিছিল আৰু ধন্যবাদ জ্ঞাপন কৰে সহকাৰী ৰিটাৰ্নিং অফিচাৰ ড° কুকিল কল্প ৰাজখোৱাই।

.

২০২৫–২৬ শিক্ষাবর্ষৰ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল শুক্ৰবাৰ, ১০ অক্টোবৰ তাৰিখে ঘোষণা কৰা হৈছিল। ভোটগ্ৰহণ কার্যসূচী তাৰ এদিন আগতে অনুষ্ঠিত হৈছিল।

এইবাৰ দীপ শেখৰ কলিতা সভাপতি, তুজা ব্ৰহ্মা উপ-সভাপতি, কৃতিময় কাশ্যপ সাধাৰণ সম্পাদক আৰু ময়ূৰী বৰুৱা সহকাৰী সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয়।

অন্যান্য নিৰ্বাচিত কাৰ্যকৰী সদস্যসকল হ’ল—আলোচনী সম্পাদক পদত এঞ্জেলিনা দাস, ছাত্ৰ জিৰণি কোঠাৰ সম্পাদক পদত পৱিত্ৰ বড়ো, ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা পদত সাধনা শ্ৰেষ্ঠ, তৰ্ক আৰু আলোচনা চক্ৰৰ সম্পাদক পদত দ্বীপম সাহা, সমাজসেৱা বিভাগৰ সম্পাদক পদত নিশান্ত ভৰদ্বাজ, সংগীত বিভাগৰ সম্পাদক পদত জ্ঞানদীপ তামুলী, সাংস্কৃতিক সম্পাদক পদত ভায়’লিনা বড়ো, ফুটবল আৰু হকী সম্পাদক পদত দ্বীপ কামান, এথলেটিকছ সম্পাদক পদত নিবিড় মুহূৰ্ত বৰুৱা, ক্ৰিকেট সম্পাদক পদত বিশাল বৈশ্য, লঘু ক্ৰীড়া সম্পাদক পদত ধনজিতা ৰামচিয়াৰী, টেনিছ, সাঁতোৰ আৰু জিমনেছিয়াম শাখাৰ সম্পাদক পদত মৃন্ময় বড়ো।

উল্লেখ্য, তিনিটা শাখা ক্ৰমে ছাত্ৰ জিৰণি কোঠা, ফুটবল আৰু হকী তথা লঘু ক্ৰীড়াত বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰাৰ্থী নিৰ্বাচিত হয়।

অনুষ্ঠানটিত নৱ নিৰ্বাচিত সদস্যসকলে কটন বিশ্ববিদ্যালয়ৰ সামগ্ৰিক উন্নয়ন আৰু ছাত্ৰ কল্যাণৰ ক্ষেত্ৰত একত্ৰিতভাৱে আৰু সমন্বিতভাবে কাম কৰাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শৃংখলা ৰক্ষা কৰি নিৰ্বাচন প্ৰক্ৰিয়া সফলভাৱে সম্পন্ন কৰাৰ বাবে সকলো ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!