অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

COTTON UNIVERSITY: জুবিন গাৰ্গলৈ কটন বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ অশ্ৰু অঞ্জলি

Spread the love

DD TIMES গুৱাহাটী, ২২ ছেপ্টেম্বৰঃ সদ্যপ্ৰয়াত স্বনামধন্য শিল্পী, আপোন কৃতিৰে সমুজ্জ্বল, মহান মানৱতাবাদী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অৰ্থে কটন বিশ্ববিদ্যালয়ত আজি ‘’জুবিনলৈ অশ্ৰু অঞ্জলি” শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়।

বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ‍্যাপক ৰমেশ চন্দ্ৰ ডেকাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত সমূহ বিষয়ববীয়া, অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকি যুগজয়ী শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্প অৰ্পণ কৰে।

তাৰ পাছতেই শিল্পীগৰাকীৰ ইচ্ছানুযায়ী সকলোৱে সমস্বৰে গায় ” মায়াবিনী ” গীতটি।অত্যন্ত প্ৰতিভাশালী শিল্পীগৰাকীৰ মহাপ্ৰয়াণে বিশ্ববিদ্যালয়খনৰ সকলোৰে মনত এক বেদনাগধুৰ ভাব জাগ্ৰত কৰা পৰিলক্ষিত হয়।

সভাত সকলোৱে এক মিনিট সময় মৌনতা অৱলম্বন কৰি তেওঁৰ আত্মাৰ সদ্গতিৰ অৰ্থে পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়।

সভাত কটন বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ সভাপতি ড৹ সুৰেশ কুমাৰ নাথে এটি শ্ৰদ্ধাঞ্জলি বাৰ্তা পাঠ কৰে। সভাখন পৰিচালনা কৰে সংস্থাৰ সাধাৰণ সম্পাদক ড৹ জ্ঞানেন্দ্ৰ বৰ্মনে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!