অসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়কৃষিমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Controller of Certifying Authorities: কটন বিশ্ববিদ্যালয়ত ডিজিটেল স্বাক্ষৰ আৰু পিকেআই সম্পৰ্কে সজাগতা কাৰ্যসূচী

Spread the love

কটন বিশ্ববিদ্যালয়ত ডিজিটেল স্বাক্ষৰ আৰু পিকেআই (PKI) সম্পৰ্কে সজাগতা কাৰ্যসূচী

গুৱাহাটী, ১৬ মাৰ্চ: ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ নিয়ন্ত্ৰক প্ৰমাণীকৰণ কৰ্তৃপক্ষৰ (Controller of Certifying Authorities) তত্ত্বাৱধানত বেংগালুৰুৰ ‘চি-ডাক’ (C-DAC) ৰ সহযোগত সোমবাৰে কটন বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান আৰু তথ্য প্ৰযুক্তি (CSIT) বিভাগে ডিজিটেল স্বাক্ষৰ আৰু পাব্লিক কী ইনফ্ৰাষ্ট্ৰাকচাৰ (PKI) ৰ সম্পৰ্কে এদিনীয়া সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ প্ৰধান সচিব কে এছ গোপীনাথ নাৰায়ণ দেৱে মূল ভাষণ প্ৰদান কৰে। তেওঁ বৰ্তমানৰ ডিজিটেল অৰ্থনীতি আৰু ই-গভৰ্নেন্স উদ্যোগৰ ক্ষেত্ৰত ডিজিটেল স্বাক্ষৰ আৰু বিশ্বাসযোগ্য ডিজিটেল আন্তঃগাঁথনিৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। লগতে ই-গভৰ্নেন্স প্লেটফৰ্মত ডিজিটেল স্বাক্ষৰৰ বৰ্তমানৰ প্ৰয়োগৰ ক্ষেত্ৰত থকা সংস্কাৰৰ সম্ভাৱনীয়তাৰ বিষয়েও তেওঁ উল্লেখ কৰে।

প্ৰযুক্তিগত আলোচনাৰ অংশ হিচাপে বেংগালুৰুৰ ‘চি-ডাক’ৰ কাৰ্যবাহী সঞ্চালক ড° এছ ডি সুদৰ্শন আৰু কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ উপ-নিয়ন্ত্ৰক দিলীপ কুমাৰ বৰ্মন দেৱে অনলাইনযোগে বিশেষ ভাষণ প্ৰদান কৰে। তেওঁলোকে ৰাষ্ট্ৰীয় ডিজিটেল ট্ৰাষ্ট ফ্ৰেমৱৰ্ক আৰু ভাৰতত পিকেআই ব্যৱস্থা ৰূপায়ণৰ ক্ষেত্ৰত প্ৰমাণীকৰণ কৰ্তৃপক্ষৰ ভূমিকাৰ বিষয়ে আলোচনা কৰে।

কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা আৰু পঞ্জীয়ক (ভাৰপ্ৰাপ্ত) ড° হীৰেণ ডেকাই সুৰক্ষিত ডিজিটেল সেৱাৰ বাবে ক্ৰিপ্টোগ্ৰাফিক আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

বিভাগীয় মুৰব্বী ড° হিতেন চৌধুৰীয়ে আদৰণি ভাষণত ডিজিটেল সুৰক্ষা আৰু ই-গভৰ্নেন্সৰ ক্ষেত্ৰত বিভাগটোৱে গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথা উল্লেখ কৰে।

অনুষ্ঠানৰ কাৰিকৰী বৈঠকত বিশেষজ্ঞসকলে ডিজিটেল সুৰক্ষাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। ‘চি-ডাক’ৰ অনুপ কুমাৰ পাণ্ডেই ডিজিটেল ট্ৰাষ্ট আৰু লাভণ্য পি-য়ে পিকেআই ব্যৱস্থাত ট্ৰাষ্ট হায়াৰাৰ্কিৰ ওপৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে।

ড° কংকণা বৰাই পৰিচালনা কৰা এই অনুষ্ঠানত শিক্ষানুষ্ঠান, গৱেষণা প্ৰতিষ্ঠান, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়, উদ্যোগ আৰু ষ্টাৰ্টআপৰ ১০০ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। গৱেষক ছাত্ৰী সাগৰিকা সেনগুপ্তাৰ শলাগৰ শৰাইৰে অনুষ্ঠানটোৰ সমাপ্তি ঘটে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!