Continuous program in Morigaon: মৰিগাঁৱত নিৰন্তৰ কাৰ্যসূচী- নিৰন্তৰ কাৰ্যসূচী শিক্ষক সমাজৰ বাবে এক সাহস
নিৰন্তৰ কাৰ্যসূচী শিক্ষক সমাজৰ বাবে এক সাহস
মৰিগাঁৱত নিৰন্তৰ কাৰ্যসূচীৰ বাইশ সংখ্যক অনুষ্ঠান

DD TIMES মৰিগাঁও, ৩ ফেব্ৰুৱাৰীঃ মৰিগাঁও জিলাৰ শিক্ষা বিভাগে নিৰন্তৰ কাৰ্যসূচীৰ অধীনত অৱসৰৰ লগে লগে শিক্ষক-কৰ্মচাৰীসকলক আগবঢ়াই অহা অৱসৰকালীন সা-সুবিধা যেনে জমা-ছুটী বেতন, বীমা ধনৰ মঞ্জুৰী পত্ৰ আদি আজি জিলাখনৰ ঐতিহ্য ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ঊনৈশগৰাকী শিক্ষক-কৰ্মচাৰীক প্ৰদান কৰাৰ লগতে আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।
নিৰন্তৰ কাৰ্যসূচীৰ এই বাইশ সংখ্যক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট লেখক তথা চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কমল চন্দ্ৰ নাথে কয় যে অৱসৰী শিক্ষক-কৰ্মচাৰীৰ বাবে মৰিগাঁও জিলা শিক্ষা বিভাগে ৰূপায়ন কৰি অহা নিৰন্তৰ কাৰ্যসূচী অতি প্ৰশংসনীয় আৰু এয়া শিক্ষক সমাজৰ বাবে এক সাহস।
তেওঁ অৱসৰী সকলক হাঁহিৰে জীৱন উদযাপন কৰি যাবলৈ আহ্বান জনায়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱীয়ে অৱসৰীসকলে নিস্তেজ নহৈ বৰং দুগুণ উৎসাহেৰে কাম কৰি নিজ নিজ অভিজ্ঞতাক সমাজৰ কামত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।
অনুষ্ঠানত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক ডালিম ফুকনে ছাত্ৰ-ছাত্ৰীসকলক নৈতিক প্ৰমূল্যৰে সমাহিত শিক্ষা প্ৰদানত গুৰুত্ব প্ৰদান কৰে।
মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ অপূৰ্ব ঠাকুৰীয়াই আঁত ধৰা অনুষ্ঠানটোত অসম উন্নতি সভাৰ সম্পাদক অতনু কুমাৰ শৰ্মাই অৱসৰী শিক্ষক-কৰ্মচাৰীসকলক উৎসাহিত কৰি বক্তব্য প্ৰদান কৰে।
উল্লেখ্য যে জিলাখনত আয়োজন কৰি অহা এই নিৰন্তৰ কাৰ্যসূচীয়ে শৈক্ষিক তথা বৌদ্ধিক সমাজৰ বিশেষ সমাদৰ বুটলিবলৈ সক্ষম হৈছে।

