অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Conduct and Diligence: ব্যৱহাৰ আৰু কৰ্তব্য নিষ্ঠাৰ বাবে ৰাইজৰ শলাগ

Spread the love

ব্যৱহাৰ আৰু কৰ্তব্য নিষ্ঠাৰ বাবে ৰাইজৰ শলাগঃ
তেজপুৰত আৰক্ষী বিষয়াক বিদায় সম্ভাষণ

DD TIMES তেজপুৰ, ১৩ নৱেম্বৰঃ এজন আৰক্ষী বিষয়া হিচাপে একোটা বৃহত্তৰ অঞ্চলৰ ৰাইজৰ স’তে সুসম্পৰ্ক ৰক্ষা কৰি বিভিন্ন সামাজিক সমস্যা সমাধানৰ লগতে অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰা ৰাহুল গগৈক বুধবাৰে ভালেসংখ্যক লোকে তেজপুৰৰ মহাভৈৰৱ আৰক্ষী চকীৰ পৰা বদলিৰ সময়ত বিদায় সম্ভাষণ জনায়৷

উল্লেখযোগ্য যে, এজন যুৱ আৰক্ষী বিষয়া হিচাপে বিগত সময়চোৱাত তেজপুৰ মহাভৈৰৱ আৰক্ষী চকীত কাৰ্যানিৰ্বাহ কৰা গগৈয়ে বৃহত্বৰ অঞ্চলটোত আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত তৎপৰতাৰে কাৰ্যনিৰ্বাহ কৰিছিল৷

সৰ্বসাধাৰণৰ মাজত সুব্যৱহাৰৰ বাবেও জনপ্ৰিয় হৈ উঠা আৰক্ষী বিষয়া গগৈয়ে ইতিমধ্যে ভালেসংখ্যক ড্ৰাগছ তথা গাঞ্জা বিৰোধী অভিযানত সফলতা অৰ্জন কৰাৰ উপৰি এনেবোৰ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টিতো গুৰুত্ব আৰোপ কৰিছিল৷

উল্লেখযোগ্য যে, এজন আৰক্ষী বিষয়া হিচাপে দৈনিক ভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হোৱাৰ সমান্তৰালভাৱে বন্যপ্ৰাণী আৰু প্ৰকৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত অতি সংবেদনশীল এজন ডেকা আৰক্ষী বিষয়া হিচাপেও পৰিচিত গগৈ৷

দৈনিক ব্যস্ততাৰ মাজতেই তেওঁ যেতিয়াই কোনো বিপন্ন বন্যপ্ৰাণী দেখিছে বা আহত জীৱ জন্তৰ বিষয়ে খৱৰ লাভ কৰিছে তেতিয়াই তেওঁ গভীৰ নিশাও উপস্থিত হয়গৈ সেই প্ৰাণীবিধৰ সুৰক্ষাৰ বাবেই৷

আৰক্ষী উপ-পৰিদৰ্শক গগৈৰ তৎপৰতাত যোৱা নিশাও এডাল অজগৰ নিৰাপদে উদ্ধাৰ কৰা হয় মহাভৈৰৱ আৰক্ষী চকীৰ সন্মুখৰ পৰা৷

বিভিন্ন ভাষাভাষী আৰু ধৰ্মাৱলম্বী লোকে বাস কৰা মহাভৈৰৱ আৰক্ষী চকী অন্তৰ্গত অঞ্চলত আইনশৃংখলাৰ লগতে সৰ্বসাধাৰণৰ সুৰক্ষাৰ উপৰি চৌপাশৰ প্ৰকৃতি তথা বন্যজীৱৰ সুৰক্ষাৰ বাবেও তৎপৰতা প্ৰদৰ্শন কৰা গগৈ বৰ্তমান বিভাগীয় নিয়ম অনুসৰি তিনিচুকীয়া জিলালৈ বদলি হৈছে৷

কিন্তু দীৰ্ঘদিনৰ পিছত মহাভৈৰৱ আৰক্ষী চকীৰ পৰা বদলি হোৱা কোনো আৰক্ষীবিষয়াক বুধবাৰে বিভিন্ন বৰ্গৰ লোকে আন্তৰিকভাৱে বিদায় সম্ভাষণ জনাই গগৈক৷

তেওঁৰ দৰে এজন সপ্ৰতিভ আৰু সুন্দৰ ব্যৱহাৰৰ আৰক্ষী বিষয়াৰ ভৱিষ্যত চাকৰি জীৱনৰ উন্নতি কামনা কৰে আজি আৰক্ষী চকিত উপস্থিত হৈ তেওঁক বিদায় সম্ভাষণ জনোৱা ৰাইজে৷

মানুহৰ লগতে বিভিন্ন জীৱজন্তুৰ প্ৰতি সুহৃদয়তা প্ৰকাশ কৰা আৰক্ষী বিষয়া গগৈয়ে ইতিমধ্যেই তেওঁ উদ্ধাৰ কৰিছে ভালেসংখ্যক বন্যজীৱ৷

১৫কিলোগ্ৰাম ওজনৰ এটা বৰকাছৰ লগতে অজগৰকে ধৰি ভালেসংখ্যক জীৱজন্তুৰ জীৱন ৰক্ষা কৰা এইজন আৰক্ষী বিষয়াই আঘাতপ্ৰাপ্ত বান্দৰ উদ্ধাৰ কৰি উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰি পুনৰ মুকলি কৰি দিয়াৰো একাধিক নজিৰ আছে৷

একেদৰেই ভালেসংখ্যক চৰায়ো তেওঁ আহত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰাৰ পিছত প্ৰাকৃতিক পৰিৱেশত মুকলি কৰি দিবলৈ সক্ষম হৈছে৷

ইতিমধ্যেই তেওঁ এনে ব্যতিক্ৰমী কাৰ্যৰে তেজপুৰৰ সৰ্পবান্ধৱ খ্যাত সৌৰভ বৰকটকীৰ নেতৃত্বত গঠন হোৱা প্ৰকৃতি গোটৰ তথা টীমৰ উদ্যোগত আয়োজিত বিশ্ব সৰ্প দিৱসৰ কাৰ্যসূচীত গগৈকো সম্বৰ্দ্ধনা জনোৱা হৈছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!