Competitive oriented examination: ১০০ পৰীক্ষাৰ্থীক প্ৰতিযোগীমুখী পৰীক্ষাৰ বাবে গোগামুখ আছুৱে দিব বিনামূলীয়া প্ৰশিক্ষণ
গোগামুখ আছুৰ সংবাদ মেলঃ ১০০ পৰীক্ষাৰ্থীক প্ৰতিযোগীমুখী পৰীক্ষাৰ বাবে দিব বিনামূলীয়া প্ৰশিক্ষণ

DD TIMES গোগামুখ, ৫ জানুৱাৰীঃ গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই এক নতুন প্ৰকল্প ঘোষণা কৰিছে ৷ প্ৰকল্প সন্দৰ্ভত আজি গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাই এক সংবাদমেল আয়োজন কৰে। প্ৰকল্পটোৰ নাম ৰখা হৈছে ‘সম্ভৱনা’।

সংবাদ মেলত সম্বোধন কৰি তেওঁলোকে সদৰি কৰা অনুসৰি ছাত্ৰ সন্থাই অঞ্চলটোৰ ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে উন্নত মানৰ শিক্ষাদান আৰু প্ৰশিক্ষণ বিনামূলীয়াকৈ প্ৰদান কৰিব।

প্ৰাৰম্ভিক পৰ্যাযত ২১ জানুৱাৰী ২০২৬ তাৰিখে এখনি ছেমিনাৰ অনুষ্ঠিত কৰিব। অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলক লৈ অনুষ্ঠিত হ’ব লগা এই ছেমিনাৰত আগন্তুক বাচনি পৰীক্ষাৰ সম্পৰ্কত আলোচনা কৰাৰ লগতে পৰীক্ষাৰ পাঠ্যক্ৰম আগবঢ়াব।
চলিত মাহৰে ৩০ জানুৱাৰী তাৰিখে এক বাচনি পৰীক্ষা অনুষ্ঠিত কৰিব। এই পৰীক্ষাত সুফল লাভ কৰা ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীক পৰৱৰ্তী প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ সম্পূৰ্ণ দ্বায়িত্ব গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই বহন কৰিব ৷
প্ৰকল্পটোক লৈ গোগামুখ আঞ্চলিক ছাত্ৰ সন্থা যথেষ্ট আশাবাদী বুলিও তেওঁলোকে জানিবলৈ দিয়ে ৷ প্ৰকল্প সফল কৰাৰ ক্ষেত্ৰত গোগামুখবাসীৰ দিহা পৰামৰ্শ আঞ্চলিক ছাত্ৰ সন্থাখনে কামনা কৰিছে।
সংবাদ মেলত ধেমাজি জিলা ছাত্ৰ সন্হাৰ উপসভাপতি ঋতুপৰ্ণ কোঁচ, গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ সভাপতি প্ৰবাল চাংমাই, সম্পাদক নবীন বৰা উপস্থিত থাকে ৷

