অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

COMMITEE BHAONA FESTIVAL: চৰাইবাহী সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰৰ ঐতিহাসিক ১৬৮ বছৰীয়া কমিটী ভাওনা মহোৎসৱৰ লাইখুঁটা স্থাপন

Spread the love

চৰাইবাহী সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰৰ ঐতিহাসিক ১৬৮ বছৰীয়া কমিটি ভাওনা মহোৎসৱৰ লাইখুঁটা স্থাপনঃ ১ নবেম্বৰত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

DD TIMES নগাঁও, ২৯ অক্টোবৰঃ ১৮৫৮ চনতে মধ্য অসমৰ বৃহত্তৰ চৰাইবাহী অঞ্চলৰ ৰাইজে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একত্ৰিত হৈ ইংলেণ্ডৰ ৰাণী ভিক্টোৰিয়াক সন্মান জনাবলৈ অনুষ্ঠিত কৰা ভাওনা উৎসৱে কমিটি ভাওনাৰ নামাংকৰনেৰে আজিও চৰাইবাহী বাসীয়ে আৰম্ব পূৰ্ণ ভাৱে চৰাইবাহীৰ সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰত অনুষ্ঠিত অনুষ্ঠিত কৰি আহিছে ৷

১৬৮ বছৰ গৰকা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ গুৰু জনাৰ কলা সংস্কৃতি ধ্বজাবাহক এই ঐতিহাসিক কমিটি ভাওনা খনি আজি পৰা ৬ নবেম্বৰলৈ বিভিন্ন বৰ্ণাঢ়্য কাৰ্যসূচীৰে চৰাইবাহীৰ সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰত আৰম্ভ হৈছে।

বৰ্ণাঢ়্য কাৰ্যসূচীৰ অংশ হিচাপে আজি পুৱা ১০ বজাত সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰ প্ৰাঙ্গণত লাইখুঁটা স্থাপন কৰা হয়।

মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু মৰিগাঁও জিলা আয়ুক্ত অনামিকা তেৱাৰী উপস্থিত থাকি মাঙ্গলিক দেৱ বাদ্যৰ ধ্বনিৰে লাইখুঁটা ভাগ স্থাপন কৰা হয়।

উল্লেখ যে এই ঐতিহাসিক কমিটি ভাওনা খনিৰ মূল ভাওনাখনি অহা ৪ নবেম্বৰত বৃহত্তৰ চৰাইবাহী অঞ্চলৰ তিনিটা স্থানত একে নিশাই মুঠ ২৪ খন অংকীয়া ভাওনা অনুষ্ঠিত হৱ ৷

বিশেষকৈ সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰত ১৩ খন , সাৰ্বজনীন শংকৰ মন্দিৰত ১০ খন আৰু বড়িগাঁও ৰাস মন্দিৰত এখন অংকীয়া ভাওনা অনুষ্ঠিত হৱ ৷

আনহাতে বিস্তৃত কাৰ্যসূচীৰ অংশ হিচাপে অহা ১ নবেম্বৰত অনুষ্ঠিত হব লগা মুকলি সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!