Club Cricket Tournament Starts: গোগামুখত ক্লাব ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ
গোগামুখত সদৌ অসম ভিত্তিত ক্লাব ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভঃ উদ্ধোধনী খেলত ডিব্ৰুগড়ৰ অগ্ৰগতি

DD TIMED গোগামুখ, ২৩ নৱেম্বৰঃ লখিমপুৰ আৰু ধেমাজি জিলা সীমান্তৱৰ্তী পথালিপাম (গোগামুখৰ সমীপত) আজিৰে পৰা সদৌ অসম ভিত্তিত ১৬ বছৰ অনুৰ্ধ্বৰ ল’ৰা শাখাৰ ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হৈছে৷
গোগামুখ ক্ৰিকেট একাডেমীৰ উদ্যোগত আৰু অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পৃষ্ঠপোষকতাত লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত পথালিপামস্থিত সোৱণশিৰি মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অনুষ্ঠিত হোৱা ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ উদ্ধোধনী খেলত ডিব্ৰুগড় আই স্প’ৰ্টছ ক্ৰিকেট দলে বিশ্বনাথৰ নিৰ্বাণ ক্ৰিকেট দলক আঠ উইকেটৰ ব্যৱধানত পৰাস্ত কৰি পৰবৰ্তী ৰাওণ্ডলৈ অগ্ৰগতি লাভ কৰিছে ৷
টছত জিকি বিশ্বনাথ নিৰ্বাণ ক্ৰিকেট দলে নিৰ্ধাৰিত ২৫ অভাৰত ৮ উইকেট হেৰুৱাই ৯৫ ৰাণ সংগ্ৰহ কৰে ৷ বিশ্বনাথৰ হৈ বিতান পাওলে সৰ্বাধিক ১৭ ৰাণৰ বৰঙনি যোগায় ৷ ৯৬ ৰাণৰ লক্ষ্য আগত ৰাখি ডিব্ৰুগড় আই স্প’ৰ্টছ ক্ৰিকেট দলে ১০ অভাৰত মাত্ৰ দুটা উইকেট হেৰুৱাই ৯৬ ৰাণ কৰি লক্ষ্য অতিক্ৰম কৰে ৷
ডিব্ৰুগড় আই স্প’ৰ্টছৰ হৈ অভিনৱ দাসে সৰ্বাধিক ৪৯ ৰাণ কৰি অপৰাজিত হৈ ৰয় ৷ আজিৰ খেলখন উদ্ধোধন কৰে সোৱণশিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰূপেশ্বৰ চেতিয়াই ৷তেওঁক সহযোগ কৰে মিচিং স্বাযত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগুৱে ৷
উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে সমাজকৰ্মী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী কল্যাণ গগৈ, বিজেপিৰ গোগামুখ মণ্ডলৰ সভাপতি দিলীপ পেগু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক শৰৎ চুতীয়া৷
উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে টি এম পি কেৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চান কুমাৰ পাংগিং, সদস্য দীপেন দলে, কুশল পায়েং আদিয়ে ৷

