Climate Action & Innovation: কটন বিশ্ববিদ্যালয়ত জলবায়ু ব্যৱস্থা আৰু উদ্ভাৱনৰ সম্পৰ্কত ঐতিহাসিক কাৰ্মশালা
কটন বিশ্ববিদ্যালয়ত জলবায়ু ব্যৱস্থা আৰু উদ্ভাৱনৰ সম্পৰ্কত ঐতিহাসিক কাৰ্মশালা

DD TIMES গুৱাহাটী, ২১ অক্টোবৰঃ কটন বিশ্ববিদ্যালয়ৰ Centre for Clouds and Climate Change Research (C4R)ৰ উদ্যোগত ১৭ অক্টোবৰত “HCI Leadership Workshop: Climate Action & Innovation” শীৰ্ষক এক আলোচনা চক্ৰ সফলতাৰে অনুষ্ঠিত কৰা হয়। কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত এই কৰ্মশালাই ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু জলবায়ু পৰিৱৰ্তনক লৈ সচেতন ব্যক্তিসকলক একত্ৰিত কৰি উদ্ভাৱনীমূলক পদক্ষেপৰ জৰিয়তে দিনক দিনে বৃদ্ধি হোৱা জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন আৰু সংকটৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এই কৰ্মশালা Healthy Climate Initiative (HCI), মহাবাহু ক্লাইমেট ফ’ৰাম, আৰু Assam Climate Change Management Society-ৰ সহযোগত অনুষ্ঠিত কৰা হয়। উক্ত কৰ্মশালাৰ উদ্দেশ্য আছিল ৰাষ্ট্ৰীয় পৰ্যায়ত এক আলোচনা চক্ৰ আৰম্ভ কৰা আৰু অংশগ্ৰহণকাৰীসকলক জলবায়ু পৰিৱৰ্তনক বিজ্ঞান আৰু আধুনিক প্ৰযুক্তিৰ সহায়ত ডিকাৰ্বনাইজেশ্যন প্ৰচেষ্টাক অধিক ফলপ্ৰসূ কৰাৰ দিশত গুৰুত্ব আৰোপ কৰা।

দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰ্মশালাখনত বিশেষজ্ঞসকলৰ দ্বাৰা বিভিন্ন তথ্যপূৰ্ণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উদ্বোধনী ভাষণেৰে আৰম্ভ হোৱা এই কৰ্মশালাত পৰৱৰ্তী কাৰ্যসূচী হিচাপে “স্থানীয় আৰু বিশ্বজনীন পৰিপ্ৰেক্ষিতত জলবায়ু ন্যায়” সম্পৰ্কীয় এক আলোচনা অনুষ্ঠিত কৰা হয়। কৰ্মশালাত মূলত জলবায়ু সম্পৰ্কীয় পদক্ষেপৰ গুৰুত্বতা, ভাৰত তথা হিমালয় অঞ্চলত জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ ইত্যাদিৰ ওপৰত গভীৰভাৱে আলোচনা কৰা হয়।

এই সমাধানবোৰৰ ভিতৰত আছিল বিভিন্ন স্থানীয় পদক্ষেপ যেনে — নগৰাঞ্চলৰ বাবে উচ্চ প্ৰতিফলিত বগা ৰংৰ পেইণ্ট আৰু “Meer reflectors” ব্যৱহাৰ কৰা, লগতে বৃহৎ পৰিসৰৰ পদক্ষেপ যেনে – সাগৰৰ উষ্ণতা হ্ৰাস কৰিবলৈ Marine Cloud Brightening (MCB) আৰু হিমালয়ৰ হিমবাহ সংৰক্ষণৰ প্ৰযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা ইত্যাদি। উক্ত কৰ্মশালাখনত বিশেষভাৱে উল্লেখ কৰা হয় যে, এই পদক্ষেপবোৰ ডিকাৰ্বনাইজেশ্যনৰ বিকল্প নহয়, কিন্তু এক দীঘলীয়া পৰিৱর্তনৰ পূৰ্বে এটা অতি জৰুৰী আভ্যন্তৰীণ পদক্ষেপ হিচাপে বিবেচিত হ’ব।

এক দলীয় আলোচনা কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে বাস্তৱিক জলবায়ু সমস্যাৰ ওপৰত বিশ্লেষণ কৰে আৰু স্থানীয়ভাবে ব্যৱহাৰযোগ্য সমাধানৰ ওপৰত চিন্তাভাবনা তথা গুৰুত্ব প্ৰদান কৰে। কৰ্মশালাখনৰ অন্তত মূল ধাৰণাসমূহৰ এক সাৰাংশ প্ৰদান কৰা হয় আৰু মুকলি মত বিনিময়ৰ জৰিয়তে ভবিষ্যতৰ উদ্যোগসমূহৰ বাবে এটা সহযোগিতামূলক পৰিবেশৰ সৃষ্টি কৰা হয়।
কটন বিশ্ববিদ্যালয়ৰ Centre for Clouds and Climate Change Research-ৰ সঞ্চালক ড° ৰাহুল মহন্তই উল্লেখ কৰে যে “জলবায়ু সংকট এতিয়া কোনো দূৰবৰ্তী আশংকা নহয়; ইয়াৰ প্ৰভাৱ ইতিমধ্যেই দেখা গৈছে, আৰু অসমটো এয়া ব্যতিক্ৰম নহয় । এই কৰ্মশালাখনিয়ে কটন বিশ্ববিদ্যালয়ৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে কাম কৰিছে । এই কৰ্মশালাখনিয়ে বিজ্ঞান আৰু বাস্তৱিক সমাধানৰ মাজত এক সেতু নিৰ্মাণ কৰিছে। উদ্ভাৱনীমূলক হস্তক্ষেপসমূহক প্ৰয়োজনীয় ডিকাৰ্বনাইজেশ্যনৰ সৈতে সংমিশ্ৰণ কৰি, আমি আমাৰ যুৱ প্ৰজন্মক প্ৰয়োজনীয় জ্ঞান আৰু উপকৰণৰ সৈতে সজ্জিত কৰিছোঁ, যাতে তেওঁলোকে এক পৰিবৰ্তনৰ সূচনা কৰিব পাৰে আৰু আমাৰ ভবিষ্যত সুৰক্ষিত কৰি তুলিব পাৰে। আমাৰ কেন্দ্ৰই এই গৱেষণা আৰু আলোচনাক পৰৱৰ্তী পৰ্য্যায়লৈ আগবঢ়াই লৈ যাব।”
কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° হিৰেণ ডেকাই মন্তব্য আগবঢ়াই কয় যে “এনেধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা আয়োজিত কৰি কটন বিশ্ববিদ্যালয় গৌৰৱান্বিত। ‘Climate Action & Innovation’ কৰ্মশালাখন আমাৰ শৈক্ষিক উৎকৰ্ষতা আৰু সমাজিক দায়বদ্ধতাৰ প্ৰতিশ্ৰুতিৰ সৈতে পূৰ্ণৰূপে সংগতিপূৰ্ণ। জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে এই যুঁজত আমাৰ যুৱসমাজক শিক্ষিত আৰু সংগঠিত কৰা অত্যন্ত প্ৰয়োজন। আমি অংশগ্ৰহণকাৰী সকলৰ সহযোগিতা আৰু উদ্যমিতাক প্ৰশংসা কৰোঁ আৰু নিশ্চিতভাৱে পৰৱৰ্তী পৰ্যায়তো আমাৰ বিশ্ববিদ্যালয়ে ধাৰাবাহিকভাৱে এনে গৱেষণা আৰু কাৰ্যসূচীৰ সমৰ্থন আগবঢ়াই থাকিব।”
এই কৰ্মশালাখনিয়ে সফলতাৰে প্ৰকাশ কৰিছে যে, জলবায়ু সংকটৰ প্ৰতিবাদত এক বহুমুখী দৃষ্টিভংগীৰ প্ৰয়োজন— য’ত দ্ৰুত কাৰ্বন নিঃসৰণ হ্ৰাসৰ সৈতে নতুন শীতল কৰাৰ প্ৰযুক্তিৰ ওপৰত গৱেষণা একেলগে চলিব লাগে, যাতে এটা বাসযোগ্য ভবিষ্যত সুনিশ্চিত কৰিব পৰা যায়।

