অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Civic Action Programme: ৬৪ বাহিনী SSB বৰমাৰ উদ্যোগত চোভানকাটা বেছিক টেইলৰিং প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভণি

Spread the love

৬৪ বাহিনী SSB বৰমাৰ উদ্যোগত চোভানকাটা বেছিক টেইলৰিং প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভণি

DD TIMES ওদালগুৰি, ২৩ অক্টোবৰঃ ২৩ অক্টোবৰত সশস্ত্ৰ সীমা বল (SSB)-ৰ ৬৪ বাহিনী বৰমাৰ অধীনস্থ কমাণ্ডেণ্ট শ্ৰী অনুজ কুমাৰৰ দক্ষ পৰিচালনাত ২০২৫-২৬ অৰ্থবছৰৰ Civic Action Programme (North-East Scheme)-ৰ অন্তৰ্গত সীমান্তাবৰ্তী মহিলা আৰু যুৱতীসকলৰ বাবে বেছিক টেইলৰিং আৰু বৃত্তিমূলক প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়।

এই প্ৰশিক্ষণ কাৰ্যসূচী চোভানকাটা কমিউনিটি হলত আয়োজন কৰা হয় আৰু এই প্ৰশিক্ষণ এক মাহ ধৰি চলিব। উত্তৰকুচি, বেলগুড়ি, চোভানকাটা, বিজগাঁও, নিকাশি, মদাহিচুবা, দিহিৰা, দিগলডোংগা আৰু সুবানাৰী আদি গাঁৱৰ মহিলা আৰু যুৱতীসকলে উৎসাহেৰে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে।

এই প্ৰশিক্ষণৰ উদ্দেশ্য হৈছে সীমান্তাবৰ্তী মহিলাসকলক দক্ষতা উন্নয়নৰ জৰিয়তে আত্মনিৰ্ভৰ কৰি তোলা আৰু স্থানীয় পৰ্যায়ত আত্মনিৰ্ভৰশীল তথা নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰা। অনুষ্ঠানৰ শেষত জনোৱা হয় যে, যিসকল অংশগ্ৰহণকাৰীয়ে সফলভাৱে প্ৰশিক্ষণ সম্পন্ন কৰিব, তেওঁলোকক প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব। প্ৰশিক্ষণটো প্ৰদান কৰাত স্বেচ্ছাসেৱী সংগঠন এম. আৰ. এছ. ডিয়ে সহযোগিতা আগবঢ়ায়। কাৰ্যসূচীটোৰ শুভাৰম্ভণি কৰে ৬৪ বাহিনী SSB বৰমাৰ উপ-কমান্ডেণ্ট আৰ. বি. সিঙে।

এই সুযোগতে গাঁওৰ বিশিষ্ট ব্যক্তি যেনে গাঁওবুঢ়া সদানন্দ দাস, অৱসৰপ্ৰাপ্ত সৈনিক মহেন্দ্ৰ ৰামচিয়াৰী, অৱসৰপ্ৰাপ্ত শিক্ষক ধীৰেন বড়ো, অৱসৰপ্ৰাপ্ত শিক্ষক চুধান ৰামচিয়াৰী আৰু কমল তামাং সহ বহু গণ্যমান্য লোক উপস্থিত থাকে।


স্থানীয় লোকসকলে এই ধৰণৰ সমাজমুখী আৰু জনকল্যাণমূলক পদক্ষেপৰ বাবে ৬৪ বাহিনী SSB-ক আন্তৰিক ধন্যবাদ জনায় আৰু তেওঁলোকৰ এই উদ্যোগৰ প্ৰশংসা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!