CHUTIA: ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাখলাৰীক উভটি ধৰিছে চুতীয়া যুৱ সন্মিলনৰ সভাপতি কৌস্তভ কিশোৰ চুতীয়াই
কাৰোবাৰ শ্ৰুতলিপিমতে কাম কৰিছে ট্ৰাইবেল সংঘইঃ অসম জনজাতীয় ৰাজ্য হোৱাটো, অসমৰ খিলঞ্জীয়া লোক সুৰক্ষিত হোৱাটো নিবিচাৰে ট্ৰাইবেল সংঘইঃ ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাখলাৰীক উভটি ধৰিছে চুতীয়া যুৱ সন্মিলন, অসমৰ সভাপতি কৌস্তভ কিশোৰ চুতীয়াই
DD TIMES ঢকুৱাখনা, ১১ অক্টোবৰঃ আজি গুৱাহাটীত সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাখলাৰীয়ে এক সংবাদমেল আয়োজন কৰি অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰনৰ বিৰোধিতা কৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চুতীয়া যুৱ সন্মিলন অসমৰ সভাপতি কৌস্তভ কিশোৰ চুতীয়াই।

চুতীয়া যুৱনেতাজনে কয় যে-“ট্ৰাইবেল সংঘৰ প্ৰেমীটখন চোৱাৰ পিছত আমাৰ মনলৈ এটাপ্ৰশ্ন আহিছে যে তেওঁলোক অসমৰ থলগিৰি জনসাধাৰণৰ সপক্ষে আছে নে বিপক্ষত আছে ?
বহু বছৰ আগতেই জনজাতীয় নেতা ভীমবৰ দেউৰীয়ে কৈ গৈছিল যে যেতিয়ালৈকে অসম জনজাতীয় ৰাজ্য নহয়;তেতিয়ালৈকে অসমৰ ভূমি,ৰাইজ সংস্কৃতি কেতিয়াও সুৰক্ষিত নহয়।
কিন্তু আজি ট্ৰাইবেল সংঘই ইয়াৰ বিৰোধীতা
কৰা দেখিবলৈ পালোঁ।আমাৰ প্ৰশ্ন হ’ল-মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ যে-ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলখনত যিহেতু ৰাজ্যসভাত উথ্থাপন হৈছিল;তেতিয়া ৰাজ্য তথা কেন্দ্ৰ চৰকাৰে সেই বিলখন কি ভুলতে উথ্থাপন কৰিছিল নেকি ?
ৰেজিছট্ৰাৰ অৱ জেনেৰেলে এই ছয় জনগোষ্ঠীৰ জনজাতিকৰণ পাব পৰাৰ সম্পূৰ্ণ অৰ্হতা আছে বুলি কোৱাৰ পিছতো আজি ট্ৰাইবেল সংঘই কিয় বাধা প্ৰদান কৰিব লগা হ’ল ?
চুতীয়া যুৱ সন্মিলন,অসমৰ সভাপতি কৌস্তভ কিশোৰ চুতীয়াই-নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰু কয় যে-“আমাৰ ধাৰনা হৈছে অসমৰ জলন্ত সমস্যাবোৰ তল পেলাবলৈ;বৰ্তমানৰ চৰ্চিত হৈ থকা খবৰবোৰ ঢাকি ৰাখিবলৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক চৰ্চালৈ আনি কাৰোবাৰ পৰোচনাত সদৌ অসম ট্ৰাইবেল সংঘৰ কেইজনমান নেতাই অসমৰ সামাজিক, ৰাজনৈতিক পৰিবেশ বিনষ্ট কৰিব বিচাৰিছে;আৰু নিশ্চিত ভাৱে তেওঁলোকে এই কাম কাৰোবাৰ শ্ৰুতলিপিমতে কৰিছে।”
তদুপৰি যুৱ নেতাগৰাকীয়ে কয় যে- “আমাৰ কথা হ’ল ট্ৰাইবেল সংঘৰ কেইজনমান নেতাই কি কৈছে সেইটো ডাঙৰ কথা নহয়;অসমৰ সকলো জনজাতীয় ৰাইজে নিজৰ ভৱিষ্যত সুৰক্ষাৰ বাবে অসম এখন জনজাতীয় ৰাজ্য হোৱাটো মনে প্ৰাণে কামনা কৰে যে-ভাৰত চৰকাৰে অসমক এখন জনজাতীয় ৰাজ্যৰূপে ঘোষণা কৰক আৰু অনাদি অনন্ত কাললৈ অসমৰ ভুমি,অসমৰ ভাষা,সংস্কৃতি সুৰক্ষিত হওঁক।মন কৰিব লগা কথা যে যিকোনোএটা জনগোষ্ঠীক ভাৰতীয় সংবিধানে ১০ বছৰৰ বাবেহে ট্ৰাবেলৰ স্বীকৃতি দিয়ে।
তাৰ পিছত কিন্তু আকৌ দহ বছৰ মুৰে মুৰে ট্ৰাবেলৰ ৰিনিউ কৰিব লাগে। যুগ যুগ ধৰি কেৱল কেইটামান জনগোষ্ঠীয়েই জনজাতি হৈ থাকিব নোৱাৰে।আজি বৰ্তমানৰ জনজাতিলোক সকলৰ অৱস্থা কিন্তু এই ছয় জনগোষ্ঠীৰ লোকতকৈ বহুত উন্নত হৈ গ’ল।
এই বিষয়ত আমি বিতৰ্ক কৰিব খোজা নাই;যদি পৰিস্থিতি আৰু সময়ে বাধ্য কৰে তেনেহলে কিন্তু আমি ছয় জনগোষ্ঠীয়ে এই বিষয়বোৰতো মাত মাতিবলৈ বাধ্য হ’ম। অসম চৰকাৰৰ বা ভাৰত চৰকাৰে কেতিয়াও কোনোবা সংগঠনৰ শ্ৰুতলিপিমতে কাম নকৰে।
গতিকে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰি অসমক শীঘ্ৰেই জনজাতীয় ৰাজ্যৰ মৰ্যাদা দিব লাগে বুলি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীক দাবী জনাইছোঁ। আমাৰ কথা স্পষ্ট কথা- “অসমক শীঘ্ৰেই জনজাতীয় ৰাজ্য ঘোষণা কৰিব লাগে।আসমৰ প্ৰতিটো থলগিৰি জাতি-জনগোষ্ঠীৰ মাটি-ভেটি, ভাষা,সংস্কৃতি সুৰক্ষিত হ’ব লাগে।

