Chowdhury Bazar Press Club: চৌধুৰীবজাৰ প্ৰেছ ক্লাৱ গঠন
চৌধুৰীবজাৰ প্ৰেছ ক্লাৱ গঠন আৰু সজাগতা সভা

DD TIMES মোৰাঝাৰ, ২৫ নৱেম্বৰঃ হোজাই জিলাৰ চৌধুৰী বজাৰ এলেকা সামৰি চৌধুৰী বজাৰ প্ৰেছ ক্লাৱ গঠন কৰা হয়৷ এই প্ৰেছ ক্লাৱৰ উদ্বোধনী অনুষ্ঠানখন সফলভাবে সম্পন্ন হৈ যায়৷ দেওবাৰে বিয়লি আয়োজন কৰা উদ্বোধনী অনুষ্ঠান, চিনাকি পৰ্ব আৰু ৰাজহুৱা সজাগতা সভা সফলতাৰে সম্পন্ন হয়।
অনুষ্ঠানত উপস্থিত সাংবাদিক, সমাজকৰ্মী আৰু অতিথিসকলে স্থানীয় সংবাদ সেৱাৰ সুযোগ সুবিধা, সংবাদ মাধ্যমৰ ভূমিকা আৰু সমাজিক দায়বদ্ধতাৰ ওপৰত সজাগতামূলক বিভিন্ন দিশত গুৰুত্বপূর্ণ বক্তব্য দাঙি ধৰে।
বিশেষকৈ উদ্বোধক হিচাপে সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৰ সাংগঠনিক সম্পাদক ছাদিকুজ জামান উপস্থিত থাকি উদ্বোধনী ভাষণ আগবঢ়ায়৷
জামানে তেওঁৰ ভাষণত কপিলী-যমুনা উপত্যকাৰ স্বাধীনোত্তৰ কালৰ চৌধুৰীবজাৰ চামৰালি এলেকাৰ এক ঐতিহাসিক তথ্য দাঙি ধৰি সাংবাদিক সকলে নিজৰ অঞ্চল আৰু পূৰ্বপুৰুষৰ স্বাভিমান বজাই সাংবাদিকতা কৰি যাবলৈ আহব্বান জনায়৷ লগতে তেওঁ সাংবাদিকৰ দায়বদ্ধ আৰু আইনৰ ঘণ্ডিত থাকি নিজৰ কৰ্ম কৰি যাবলৈ প্ৰেৰণা যোগায়৷
তেওঁ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি চৰকাৰী পেন্সন লাভ কৰা এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক স্মৰণ কৰাৰ লগতে ৰাজ্যৰ প্ৰয়াত সাংবাদিকসকলৰ আত্মাৰ সদগতি কামনা কৰে৷
মুখ্য অতিথি হিচাপে আজুৰ হোজাই জিলা সমিতিৰ সভাপতি জ্যেষ্ঠ সাংবাদিক আব্দুল হেকিম উপস্থিত থাকি এক তত্ত্বগধুৰ সাংবাদিক আৰু সমাজ উপকৃত হব পৰাকৈ বক্তব্য দিয়ে৷
তেওঁ সকলোকে সাংবাদিক উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ নিয়মৰ মাজেৰে আগবাঢ়ি যাবলৈ কয়৷ এই অনুষ্ঠানত সমাজসেৱক সাহাব উদ্দিন মজুমদাৰ উপস্থিত থাকি সাংবাদিকসকলক অনুপ্ৰেৰণা আৰু শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে৷
এই অনুষ্ঠানৰ আৰম্ভণিতে মোৰাঝাৰৰ ছহিদ সাংবাদিক মুছলিম উদ্দিনৰ লগতে প্ৰয়াত শিল্পী জুবিন গাৰ্গকক শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷
এই সভাত সমাজসেৱক আবু ছুফিয়ান,আব্দুল হান্নান মাৰ্জেণ্ট, হবিবুৰ ৰহমান, সাংবাদিক নুৰ আহমেদ, জেনিব জেৰি, নাজিম উদ্দিন, আব্দুল বাচিত, ফখৰুল ইছলাম, কবিৰ আহমেদকে ধৰি ভালেমান অতিথি উপস্থিত থাকে৷

