Chivak-Rangpo Railway Project: ছিকিমৰ ৰাজ্যপালৰ দ্বাৰা চিভক-ৰংপো ৰে’ল পথ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা
ছিকিমৰ ৰাজ্যপালৰ দ্বাৰা চিভক–ৰংপো ৰেল পথ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা
DD TIMES মালিগাঁও, ১৪ অক্টোবৰ, ২০২৫ঃ ছিকিমৰ ৰাজ্যপাল ওম প্ৰকাশ মাথুৰে পাকিয়ং জিলাৰ ৰংপোৰ খানীখোলাত কৌশলগতভাৱে গুৰুত্বপূৰ্ণ চিভক–ৰংপো ৰে’লপথ প্ৰকল্পৰ আন্তঃগাঁথনিৰ নিৰ্মাণাধীন কামকাজৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ বাবে এক পৰিদৰ্শন কৰে।

পৰিদৰ্শনৰ সময়ত তেওঁৰ সৈতে লোকসভাৰ সাংসদ ড° ইন্দ্ৰ হ্যাং চুব্বা, পাকিয়ংৰ জিলাধিপতি ৰোহন এ আৰু জিলা প্ৰশাসনৰ বিষয়াবৰ্গও লগত উপস্থিত আছিল।

পৰিদৰ্শনৰ সময়তয ৰাজ্যপালে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে মতবিনিময় কৰি প্ৰকল্পটোৰ বৰ্তমান স্থিতিৰ মূল্যায়ন কৰাৰ লগতে ইয়াৰ গুৰুত্বপূৰ্ণ উন্নয়নসমূহৰ পৰ্যালোচনা কৰে।

এই উপলক্ষ্যে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক (নিৰ্মাণ) অৰুণ কুমাৰ চৌধাৰী আৰু ইৰকন ইণ্টাৰনেশ্যনেল লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক হৰি মোহন গুপ্তাই প্ৰকল্পটোৰ প্ৰগতিৰ বিষয়ে এক বিশদ প্ৰতিবেদন উপস্থাপন কৰে।
বিষয়াবৰ্গই ৰাজ্যপালক এতিয়ালৈকে লাভ কৰা সফলতাসমূহৰ বিষয়ে অৱগত কৰে, য’ত ১৪টা সুৰঙ্গ আৰু ২৩খন সেঁতুৰ দৰে মুখ্য নিৰ্মাণসমূহৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ কথা উল্লেখ কৰে, লগতে এই কাৰ্যৰ অগ্ৰগতিৰ ওপৰত প্ৰভাৱ পেলোৱা বিভিন্ন প্ৰত্যাহ্বানসমূহৰ বিষয়েও আলোচনা কৰে।
তেওৰঁ ভাষণত ৰাজ্যপালে জোৰ দি কয় যে চিভক–ৰংপো ৰেলপথ প্ৰকল্পই পৰ্যটন বৃদ্ধি, ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালীকৰণ আৰু ৰাজ্যখনত ঔদ্যোগিক উন্নয়ন তথা নিযুক্তিৰ সুযোগ সৃষ্টিত এক পৰিৱৰ্তনশীল ভূমিকা পালন কৰিব।
তেওঁ উত্তৰ-পূব সীমান্ত ৰে’লৱে, ইৰকন আৰু প্ৰকল্পটোত নিয়োজিত সমগ্ৰ কৰ্মচাৰীৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ লগতে সমৰ্পিত মনোভাৱক প্ৰশংসা কৰি, তেওঁলোকক উচ্চমানৰ গুণগত মান, নিৰাপত্তা আৰু সময়মতে কাম সম্পন্ন কৰাৰ বাবে আহ্বান জনায়।
এই প্ৰকল্পটোক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বৰ্ধিত সংযোগৰ দৃষ্টিভঙ্গীৰ প্ৰতিফলন বুলি উল্লেখ কৰি, ৰাজ্যপালে কয় যে ৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ চিভক–ৰংপো ৰেলৱে লাইনে—য’ত ৪১.৫ কিলোমিটাৰ পশ্চিমবংগত আৰু ৩.৫ কিলোমিটাৰ ছিকিমত পৰিছে— পোন প্ৰথমবাৰৰ বাবে হিমালয়ৰ এই ৰাজ্যখনক ৰাষ্ট্ৰীয় ৰে’লৱে নেটৱৰ্কৰ সৈতে সংযোগ কৰিব।
সময়মতে ইয়াৰ সম্পূৰ্ণ হোৱাৰ ওপৰত আস্থা প্ৰকাশ কৰি, তেওঁ উত্তৰ-পূব সীমান্ত ৰে’লৱে আৰু এই গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প বাস্তৱায়িত কৰাৰ দিশত জড়িত সকলো সংস্থাক তেওঁৰ সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস প্ৰদান কৰে।

