CHILDREN LITERATURE AWARDS : শিশু সাহিত্যিক হিৰণ শইকীয়া লহকৰলৈ ‘চোতালৰ পখিলা’ শিশু সাহিত্য বঁটা
শিশু সাহিত্যিক হিৰণ শইকীয়া লহকৰলৈ ‘চোতালৰ পখিলা’ শিশু সাহিত্য বঁটা

DD TIMES গুৱাহাটী, ১৭ অক্টোবৰঃ বৰপেটাৰ গলিয়াহাটী নিবাসী বিশিষ্ট লেখিকা, শিশু সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী হিৰণ শইকীয়া লহকৰলৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ ‘চোতালৰ পখিলা’ ৰজত বৰুৱা স্মৃতি শিশু সাহিত্য বঁটা।

১৯৭৫চনৰ পৰাই অসমৰ বিভিন্ন কাকত আলোচনীত গল্প, প্ৰবন্ধ, কবিতা লিখি সুপৰিচিত হৈ পৰা বৰ্ষীয়ান সাহিত্যিকগৰাকীয়ে এইপৰ্যন্ত ১৮খনৰ অধিক শিশু উপযোগী পুথি ৰচনা কৰিছে।
তাৰ ভিতৰত উল্লেখযোগ্য হ’ল- ‘সুচিন্ত্য, মুকুল আৰু বহুতো ‘, ‘ সোণালী দিনৰ সুবাস’ , ‘ সপোনৰ পৰী’, ‘ বিশ্বই আমাৰ ঘৰ’, ‘ এখন সেউজী পৃথিৱীৰ সন্ধান’, ‘ জীৱন গঢ়াৰ পাঠ’, ‘ ল’ৰালিৰ খেল-ধেমালি ‘ আদি।
শিশু সাহিত্যলৈ আগবঢ়োৱা সামগ্ৰিক অৱদানৰ বাবে তেওঁলৈ এই সন্মান আগবঢ়োৱা হৈছে বুলি জনাইছে ‘চোতালৰ পখিলা’ৰ সম্পাদক যুগললোচন দাসে।
তেওঁ ইতিমধ্যে বৰপেটা সাহিত্য সভা, মঙলদৈৰ মংগল বাতৰি’, বাইহাটা সাহিত্য সভা, সদৌ অসম লেখিকা সমাৰোহ সমিতি, অসম শিশু সাহিত্য ন্যাসকে ধৰি বিভিন্ন অনুষ্ঠানৰ দ্বাৰা পুৰস্কৃত হৈছে।
শিশু সাহিত্যৰ উপৰিও তেওঁৰ আন বিষয়ৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছে। ১৬ নৱেম্বৰত গুৱাহাটীত বিষ্ণু-নিৰ্মলা শিশু পুথিভঁৰাল সভাগৃহত অনুষ্ঠিত হ’বলগীয়া ‘চোতালৰ পখিলা’ৰ পঞ্চম বৰ্ষপূৰ্তি অনুষ্ঠানত হিৰণ শইকীয়া লহকৰক গামোচা, চেলেং, স্মাৰক, মানপত্ৰ, কিতাপৰ টোপোলা আৰু নগদ ধনেৰে এই বঁটা প্ৰদান কৰা হ’ব।
ৰামধেনু যুগৰ এগৰাকী বিশিষ্ট কবি ৰজত বৰুৱাৰ স্মৃতিত এই বঁটা আগবঢ়াই আহিছে তেখেতৰ সুযোগ্য পুত্ৰ গুৱাহাটী মেডিকেল কলেজৰ জ্যেষ্ঠ চিকিৎসক তথা চুপাৰস্পেচিয়েলিটি হাস্পাতালৰ মূৰব্বী ডা: শশাংক বৰুৱাই।

