অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

CHILDREN DRAMA AT NAGAON: অসম নাট্য সন্মিলনৰ নগাঁও জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশন; শিশু নাট সমাৰোহ-২০২৫ সামৰণি

Spread the love

অসম নাট্য সন্মিলনৰ নগাঁও জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশন; শিশু নাট সমাৰোহ-২০২৫ সামৰণি

এজাক শিশুৰ সুন্দৰ অভিনয়ৰে মঞ্চস্থ হ’ল দহখন শিশু নাট

অসম নাট্য সন্মিলন নগাঁও জিলা সমিতিৰ উদ্যোগত আয়োজিত জিলা দ্বি-বাৰ্ষিক অধিবেশন আৰু শিশু নাট সমাৰোহখনি নগাঁও জিলা পুথিভঁৰালত ৭ আৰু ৮ নবেম্বৰত দুদিনীয়া কাৰ্যসূচীৰ অন্ততঃ আজি সফল সামৰণি পৰে ৷

কাৰ্যসূচী অনুসৰি আজি পুৱা কলাগুৰু বিষ্ণুৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অসম নাট্য সন্মিলনৰ প্ৰচাৰ সম্পাদক প্ৰান্তিক গোস্বামীয়ে ৷

বিষ্ণুৰাভাৰ প্ৰতিচ্ছবিত মাল্যপৰ্ণ কৰে অসম নাট্য সন্মিলনৰ কাৰ্যালয়ৰ সম্পাদক সুৰজ কুমাৰ বৰাই ৷ আনহাতে অসম নাট্য সন্মিলনৰ উপ-সভাপতি প্ৰয়াত অৰূপ বৰঠাকুৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অসম নাট্য সন্মিলন নগাঁও জিলাৰ সাংগঠনিক সম্পাদক পবিত্ৰ কলিতাই ৷

ইয়াৰ পাছতে প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অসম নাট্য সন্মিলন নগাঁও জিলা সমিতিৰ উপ সভাপতি নন্দেশ্বৰ বৰুৱাই, লগে লগে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহী বাদক দীপক শৰ্মা প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অসম নাট্য সন্মিলন কাৰ্বি আংলং জিলাৰ সম্পাদক সৰোজ মহন্তই ৷

ইয়াৰ পাছতে দিনৰ ১১বজাত অসম নাট্য সন্মিলনৰ নগাঁও জিলা সমিতিৰ সাধাৰণ পৰিষদৰ সভাখনিত সভাপতিত্ব কৰে অসম নাট্য সন্মিলন নগাঁও জিলা সমিতিৰ সভাপতি মনোজ কুমাৰ বৰদলৈয়ে ৷

দিনৰ ১বজাত নটৰাজৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট নাট্যকাৰ,পৰিচালক তথা অসম নাট্য সন্মিলনৰ আজীৱন সদস্য সপোনটি বৰদলৈয়ে ৷ ইয়াৰ পাছতে শিশু নাট সমাৰোহৰ মঞ্চ উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্ল্লভ চমুৱাই ৷

মঞ্চ উদ্বোধন কৰি শিশু সকলক উদ্দেশ্যি ডাঃ চমুৱাই নিজৰ ভাষণত কয়– নাটক যি সকলে কৰিবলৈ বিচাৰে বা যি পিতৃ মাতৃয়ে সন্তানক নাটক কৰিবলৈ আগবঢ়াই দিয়ে তেওঁলোকৰ মাজত দৈব্যিক সত্তাটো ফুটি উঠে ৷

আমি হাৰি গ’লেও প্ৰকৃততে আমাক এদিন শিকাই হৰা শব্দটোবে, যিটোৱে আমাৰ ধৈৰ্য শক্তি বঢ়াই ৷ মানুহৰ পেট বেয়া মানে মন বেয়া ৷ আমি চেক্সপীয়েৰৰ নাটক পঢ়িব লাগিব ৷ সেইবুলিয়েই আমি আমাৰ গুৰুজনাৰ নাটক,ভাওনা প্ৰদৰ্শন নকৰিলে নহব, নাচালে নহব ৷

আমি পশ্চিমীয়া সংস্কৃতি দেখি শুনি গ্ৰহণ কৰিলে আমাৰ সংস্কৃতি কোনে ৰক্ষা কৰিব ৷ তেওঁ লগতে শিশু সকলৰ স্বাস্থ্য সম্পৰ্কে কয় মেগী চাওমিন আদি বোৰ আমাৰ ল’ৰা ছোৱালী সকলক অভিভাৱক সকলে খোৱাবলৈ এৰাটো ভাল ৷ এইবিলাক খোৱোৱাৰ ফলত লৰা ছোৱালী সকলৰ বহু ৰোগ আৰম্ভ হয় ৷

শিশুসকল নিৰোগী হৈ থাকিলেহে ভৱিষ্যতে সুস্থ সবল হৈ থাকিব পাৰিব ৷ নগাঁও নাট্য সমিতিয়ে শিশু সকলৰ বাবে যি কাম কৰিছে সেইয়া সচাকৈয়ে শলাগিব লগীয়া ৷ নাট্য সমিতি নগাঁওৱে শিশুসকলৰ বৌদ্ধিক দিশত আগবাঢ়ি যোৱাত বিশেষ অৰিহণা যোগাইছে ৷ ল’ৰা ছোৱালী সকল নাট্যপ্ৰেমী হোৱা মানেই সমাজপ্ৰেমী হোৱা৷

আজিৰ এই অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট সম্বৰ্দ্ধিত ব্যক্তি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় নতুন দিল্লীৰ পৰা স্নাতক দক্ষিণা শৰ্মাক নগাঁও নাট্য সমিতিৰ তৰফৰ পৰা বিশেষ ভাবে সম্বৰ্দ্ধনা জনোৱা হয় ৷

সম্বৰ্ধনা গ্ৰহণ কৰি তেওঁ শিশু নাট্যকৰ্মী সকলক উদ্দেশ্যি কয়– এদিন এইখন মঞ্চৰ পৰাই মই ওলাই গৈছিলো , নাটক সম্পৰ্কে নাটকৰ ওপৰত দিল্লী ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত অধ্যয়ন কৰিবলৈ ৷ মোৰ ভেঁটিত অসমীয়া সংস্কৃতি জড়িত হৈ আছে ৷ মোৰ ভেঁটিত সত্ৰীয়া নৃত্য,অংকীয়া ভাওঁনা,দেওধনি নৃত্য,নাগাৰা নাম,দিহানাম সকলো আছে ৷

আজি ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি কৈছো নিজৰ ভেঁটি কেতিয়াও পাহৰি নাযাব ৷ যেনেকৈ এটি ঘৰ সুদৃঢ় কৰিবলৈ ভেটিটো মজবুত কৰিবই লাগিব ৷ আমি শিশু সকলক এনেদৰে আগবাঢ়ি উলিয়াই আনি আমাৰ সংস্কৃতি সুদৃঢ় কৰি ৰাখিব লাগিব ৷ শক্তিশালি মাধ্যম হিচাপে নাটক এটি ভাল মাধ্যম ৷

উঠি অহা চামক কব খুজিছো নাটক কৰা ভাল কথা কিন্ত, পঢ়াটো সদায় আগত ৰাখি পাছত নাটক কৰি যাবা ৷ অভিভাৱক সকলে লৰা- ছোৱালী সকলক বন্ধ কৰি নাৰাখিব ৷ তেওঁলোকক মুকলিকৈ উলাই আহিব দিয়ক ৷ মুকলি মনেৰে কাম কৰিবলৈ দিয়ক ৷

নাটক কৰিবলৈ দিয়ক খেলা ধুলা কৰিবলৈ দিয়ক ৷ সমান্তৰালভাৱে পঢ়া শুনাতো আগবাঢ়ি যাব লাগিব আমাৰ লৰা ছোৱালী সকল । আমি পৰিচালকে লিখি দিয়া ডাইলগ সকল মাতিব পাৰো সুন্দৰকৈ ৷ কিন্ত,আমাৰ মেলে মিটিঙত ভাষণ দিয়া অভ্যাসটো নাই ৷

এইধৰণৰ শিশু নাট সমাৰোহে শিশু সকলক নাটকৰ মাধ্যমেৰে বৌদ্ধিক বিকাশত বহু পৰিমাণে অৰিহণা যোগাই আহিছে ৷ গতিকে নাট্য সমিতি নগাঁৱৰ উদ্যোগত আয়োজিত এই শিশু সমাৰোহৰ জৰিয়তে উঠি অহা প্ৰজন্মই বহু নজনা কথা শিকিব আৰু জানিব পাৰিব বুলি বিশিষ্ট অভিনেত্ৰী দক্ষিণা শৰ্মাই উল্লেখ কৰে ৷

অভিনেতা পৰিচালক পবিত্ৰ কলিতাই আতঁধৰা অনুষ্ঠানটিত অসম নাট্য সন্মিলন নগাঁও জিলা শাখাৰ সভাপতি মনোজ কুমাৰ বৰদলৈ,অভিনতা পৰিচালক জয়ন্ত বৰা,অভিনেতা সুৰজ কুমাৰ শইকীয়া,পৰিচালক, অভিনতা গগন চৌধুৰীকে প্ৰমুখ্যে কৰি বিভিন্ন শাখাৰ পৰা অহা শিশু অভিনেতা সকল,অভিভাৱক সকলৰ লগতে পাঁচ শতাধিক দৰ্শক ৰাইজৰ উপস্থিতিত শিশু নাট সমাৰোহ খনি আৰম্ভণি হয় ৷


আজি মঞ্চস্থ হোৱা সমাৰোহৰ শিশু নাট কেইখনি হ’ল অসম নাট্য সন্মিলনৰ বোকাজান শাখাৰ “হাড়গিলা”, চুঙাজান শাখাৰ “ৰিলিফ”, শেনচোৱা শাখাৰ “ৰজাৰ দেউল”, কাচিঁয়লি শাখাৰ “মং ডুং চূণ খাম”, জুৰীয়া শাখাৰ নিবেদন “মায়াবিনী ৰাতিৰ বুকুত”, আনহাতে, সমাৰোহৰ প্ৰথম দিনা মঞ্চস্থ হোৱা শিশু নাট কেইখনি হ’ল অসম নাট্য সন্মিলনিৰ মধুপুৰ শাখাৰ নিবেদন “সেউজী কথা”,পুৰণিগুদাম শাখাৰ নিবেদন “গড়গাওঁ পালেগৈ শিপা”, শতাব্দী শাখাৰ “বেবেৰি বাং”,সূত্ৰধাৰ শাখাৰ নিবেদন “অথঃ ভাটৌৰ সংবাদ” মঞ্চস্থ হয় বুলি অসম নাট্য সন্মিলন নগাঁও জিলা শাখাৰ সাধাৰণ সম্পাদক জিতুমনি মহন্তই জনাইছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!