অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

CHILDREN DAY AT BOOK FAIR IN LAKHIMPUR: অসম গ্ৰন্থমেলা, লখিমপুৰত শিশুৰ দিন উদযাপন

Spread the love

অসম গ্ৰন্থমেলা, লখিমপুৰত শিশুৰ দিন উদযাপন

এচাৰিৰে নহয় মৰমেৰে শিশুসকলক শিকাওকঃ ড° মুকুল চন্দ্ৰ বৰা

শিশুৰ মগজুত বোজা জাপি দিয়া অনুচিতঃ ভৰত ৰাজখোৱা

DD TIMES লখিমপুৰ, ৯ নৱেম্বৰঃ ভাষা-সাহিত্য, সংস্কৃতি-ইতিহাস আদি ভিন্ন বিষয়ৰ চৰ্চাৰে আকৰ্ষণীয় হৈ পৰা অসম গ্ৰন্থমেলা, লখিমপুৰত আজি শিশুৰ দিন উদযাপন কৰা হয় ৷ পুৱা ৯-৩০ বজাত শিশুৰ দিনৰ কাৰ্যসূচী উদ্বোধন কৰে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মুকুল চন্দ্ৰ বৰাই ৷

তেওঁ কয় যে শিশুসকলক অত্যধিক প্ৰতিযোগিতামুখী কৰি তোলা অনুচিত ৷ প্ৰত্যেকটো শিশুৱে কিবা নহয় কিবা প্ৰতিভা লৈ পৃথিৱীলৈ আহে ৷ সেই প্ৰতিভা মুকলিমূৰীয়া পৰিৱেশত বিকশিত হ’বলৈ দিয়া উচিত ৷

এচাৰিৰে নহয় মৰমেৰে শিশুসকলক শিকোৱা দৰকাৰ ৷ নহ’লে তেওঁলোকৰ সঠিক মানসিক বিকাশ নঘটি বিপথে পৰিচালিত হ’ব পাৰে ৷ অভিভাৱকসকল এইক্ষেত্ৰত প্ৰথমৰে পৰা সচেতন হোৱাটো প্ৰয়োজনীয় ৷ আন এগৰাকী উদ্বোধক, বিশিষ্ট শিশু সাহিত্যিক ভৰত ৰাজখোৱাই কয় যে শিশুসকল সৰগৰ ফুল ৷

আমাৰ হৃদয়ত শিশুৰ আসন দেৱতাৰ সমপৰ্যায়ৰ ৷ শিশুসকলক সকলো দিশতে পাৰ্গত কৰি তোলাৰ লক্ষ্যৰে অযথা মগজুত বোজা জাপি দিয়াৰ পৰা অভিভাৱকসকল বিৰত থকা ভাল ৷ অন্যথা বিৰূপ প্ৰভাৱ পৰিব ৷ শিশুসকলে আমাৰ দেশৰ ভৱিষ্যৎ ৷ গতিকে তেওঁলোকক শুদ্ধ পথ দেখুৱাই আগবঢ়াই নিয়াটো আমাৰ সকলোৰে এক প্ৰাথমিক সামাজিক দায়িত্ব আৰু কৰ্তব্য ৷

ইয়াৰ পাছতে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ইয়াৰ আয়োজন কৰা লখিমপুৰৰ অসম গ্ৰন্থমেলাৰ বাকৰিত শিশুসকলৰ মাজত চিত্ৰাংকণ আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ চিত্ৰাংকণ প্ৰতিয়োগিতাৰ ‘ক‘ শাখাত প্ৰিয়াংকু গগৈয়ে প্ৰথম, হৃত্বিক দাসে দ্বিতীয় আৰু আৰাধ্যা কোঁৱৰে তৃতীয় স্থান লাভ কৰিছে ৷

ইয়াত উদগনি বঁটা লাভ কৰিছে আকৃতি বৰা, জেৱিন সোণোৱাল আৰু বীথিকা বৰুৱাই ৷‘খ’ শাখাত হৰ্ষিতা ফুকনে প্ৰথম, অভিলীনা শইকীয়াই দ্বিতীয় আৰু বিস্মৃত পাটৰে তৃতীয় স্থান লাভ কৰিছে ৷ ইয়াত উদগনি বঁটা লাভ কৰিছে গীতাৰ্থী দত্ত, ধৰিত্ৰী লিখক, কেট্ৰিনা কাৰদঙে ৷

‘গ’ শাখাত গৰীয়সী নাথে প্ৰথম, আফছানা হুছেইনে দ্বিতীয় আৰু চেহনাজ বেগমে তৃতীয় স্থান লাভ কৰিছে ৷ ইয়াত উদগনি বঁটা লাভ কৰিছে উৎপলক্ষী চহৰীয়া, ফাৰুখ হুছেইন, পাৰ্থজিৎ টায়ে ৷ কবিতা আবৃত্তি প্ৰতিযোগিতাৰ ‘ক‘ শাখাত অলংকৃতা বুঢ়াগোহাঁয়ে প্ৰথম, কস্তূৰীকা ফুকনে দ্বিতীয় আৰু মান্‌ভি দত্তই তৃতীয় স্থান লাভ কৰিছে ৷ ইয়াত উদগনি বঁটা লাভ কৰিছে অনুৰাগ সোণোৱাল, দিত্যা শৰ্মাই ৷

‘খ’ শাখাত সুৰক্ষিতা গগৈয়ে প্ৰথম, দ্বীপজানি তামুলীয়ে দ্বিতীয় আৰু অনুষ্কা শইকীয়াই তৃতীয় স্থান লাভ কৰিছে ৷ ইয়াত উদগনি বঁটা লাভ কৰিছে গৌৰী শৰ্মা, অংকিতা কাকতি, গৰীয়সী নাথে ৷ বিয়লি ২ বজাৰ পৰা গ্ৰন্থমেলা প্ৰাংগণত মানস প্ৰতীম গোস্বামীৰ পৰিচালনাৰে অনুষ্ঠিত হয় মুকলি কুইজ প্ৰতিযোগিতা ৷

ইপিনে সন্ধিয়াৰ সাংস্কৃতিক প্ৰতিযোগিতাত আজি অংশগ্ৰহণ কৰে ৰেভ উইলিয়াম ৱাৰ্ড ছিনিয়’ৰ ছেকেণ্ডাৰী স্কুল, পানীন্দ্ৰ বিদ্যালয়, টেলাহী টুৱাৰাম মহাবিদ্যালয় আৰু নৃত্যবন, লখিমপুৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!