অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

CHILDREN DAY: শিশু দিৱসত ধনীৰাম শইকীয়া জাতীয় বিদ্যালয়ত হাতেলিখা আলোচনী ‘অংকুৰণ’ উন্মোচন

Spread the love

শিশু দিৱসত ধনীৰাম শইকীয়া জাতীয় বিদ্যালয়ত হাতেলিখা আলোচনী ‘অংকুৰণ’ উন্মোচন

DD TIMES বেবেজীয়া, ১৪ নৱেম্বৰঃ নগাঁও জিলাৰ বেবেজীয়াৰ নিকটৱৰ্তী ডিমৌ চাৰিআলিৰ উত্তৰ পেটবঢ়াৰ স্বৰ্গীয় ধনীৰাম শইকীয়া জাতীয় বিদ্যালয়ত আজি পুৱাবেলা ১১ বজাৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰা হয়।

কাৰ্যসূচীৰ আৰম্ভণিতে কবি মদাৰজ্যোতিয়ে গছপুলি ৰোপন কৰে। ইয়াৰ পাছতেই বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আনন্দ হাজৰিকাই সভাপতিত্ব কৰা মুকলি সভাত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱকান্ত শইকীয়াই।

ইয়াৰ পাছতেই বিদ্যালয়ৰ শিক্ষক তত্বাৱধায়ক আৰু ছাত্ৰ-ছাত্ৰীৰ সম্পাদনাত প্ৰকাশিত হাতেলিখা আলোচনী অংকুৰণৰ চতুৰ্থ বৰ্ষৰ সংখ্যাটি উন্মোচন কৰে দৈনিক অসম কাকতৰ সাংবাদিক তথা নগাঁও প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদক চন্দন জ্যোতি বৰাই।

হৰেন্দ্ৰ বৰা, বসন্ত কুমাৰ বৰুৱা, জিতেন চন্দ্ৰ বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ বক্তব্যৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলৰ অনুষ্ঠান আৰম্ভ হয়।

উল্লেখ্য যে বেদান্ত বৰাৰ বিশেষ সহযোগত অনুষ্ঠানটিৰ আঁত ধৰে দীপালি দেৱীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!