অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Chilamhekhaiti Primary School: চিলামহেখাইটী প্ৰাথমিক বিদ্যালয়ত জিলা পৰ্যায়ৰ শিক্ষণ শিকন সামগ্ৰী প্ৰদৰ্শনী তথা প্ৰতিযোগিতা

Spread the love

চিলামহেখাইটী প্ৰাথমিক বিদ্যালয়ত জিলা পৰ্যায়ৰ শিক্ষণ শিকন সামগ্ৰী প্ৰদৰ্শনী তথা প্ৰতিযোগিতা

DD TIMES উত্তৰ গুৱাহাটী,২৮ নৱেম্বৰঃ সমগ্ৰ শিক্ষা কামৰূপৰ উদ্যোগত কৰৰা শিক্ষাখণ্ডৰ লাচিতগড় মণ্ডলসমল কেন্দ্ৰৰ অন্তৰ্গত চিলামহেখাইটী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত ২৭ নবেম্বৰত জিলা পৰ্যায়ৰ শিক্ষণ শিকন সামগ্ৰী প্ৰদৰ্শনী তথা প্ৰতিযোগিতা আয়োজন কৰা হয় ৷

জিলাখনৰ ৯টা শিক্ষাখণ্ডৰ পৰা সাক্ষৰতা আৰু সাংখ্যিকতা ভাগত ১ম স্থান লাভ কৰি অহা দুটাকৈ দলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে ৷ জিলা প্ৰাথমিক শিক্ষা বিষয়া তপন কুমাৰ কলিতা দেৱে প্ৰদৰ্শনী দ্বাৰ মুকলি কৰি বক্তব্যত উল্লেখ কৰে শিক্ষক-শিক্ষয়িত্ৰী সকলক ৰাজ্যিক পৰ্যায়ত কৃতি শিক্ষক বঁটা লাভৰ কাৰণে নিষ্ঠা আৰু সততাৰে কাম কৰাৰ বাবে আহ্বান জনায় ৷

জিলা প্ৰালোচক নিতুমণি মহন্তই আঁত ধৰা অনুষ্ঠানত বিচাৰক হিচাপে উপস্থিত থাকে প্ৰথম ফাউণ্ডেচনৰ মিলন বৰুৱা,ৰঙিয়া বাইটৰ উপাধ্যক্ষ নমিতা হালৈ আৰু ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক দিপাংকৰ চৌধুৰীয়ে ৷ অংশগ্ৰহণকাৰী প্ৰতিটো দলক একোখনকৈ প্ৰমাণপত্ৰ দিয়াৰ লগতে সাক্ষৰতা আৰু সাংখ্যিকতাত প্ৰথম ,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা দল তিনিটাক একোটাকৈ স্মাৰক আৰু প্ৰমাণপত্ৰৰে পুৰস্কৃত কৰা হয় ৷

সাক্ষৰতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে ৰামপুৰ শিক্ষাখণ্ডৰ বঙৰা তালুকদাৰপাৰা বালিকা প্ৰাথমিক বিদ্যালয় ,ছয়গাঁও শিক্ষাখণ্ডৰ দুবজানী প্ৰাথমিক বিদ্যালয় আৰু ৰঙিয়া শিক্ষাখণ্ডৰ জলজলী প্ৰাথমিক বিদ্যালয়ে ৷

উদঁগনী মূলক পুৰস্কাৰ লাভ কৰে হাজো শিক্ষাখণ্ডৰ শিঙিমাৰী বালিকা প্ৰাথমিক বিদ্যালয়ে৷ সাংখ্যিকতাত প্ৰথম ৰঙিয়া শিক্ষাখণ্ডৰ ২নং ধুহী নিউ প্ৰাথমিক বিদ্যালয়,দ্বিতীয় কমলপুৰ শিক্ষাখণ্ডৰ ২৭৮নং ৰাইপাট প্ৰাথমিক বিদ্যালয় আৰু তৃতীয় স্থান লাভ কৰে ৰাণী শিক্ষাখণ্ডৰ চাজ্জন পাৰা প্ৰাথমিক বিদ্যালয় ৷উদঁগনী মূলক পুৰস্কাৰ লাভ কৰে বকো শিক্ষাখণ্ডৰ কলিয়াবাৰী প্ৰাথমিক বিদ্যালয় ৷

প্ৰতিটো শিক্ষাখণ্ডৰ বি আৰ পি, চি আৰ চি চি আৰু জিলা আঁচনি বিষয়া ফুলপাহি নাথ উপস্থিত থকা অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই লাচিতগড় মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক গিৰিন দাসে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!