অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Chief Minister Tea Tribes-Tribal Football Tournament: মুখ্যমন্ত্ৰী চাহ জনজাতি-আদিবাসী ফুটবল প্ৰতিযোগিতাত ধেমাজি চেম্পিয়ন

Spread the love

মুখ্যমন্ত্ৰী চাহ জনজাতি-আদিবাসী ফুটবল প্ৰতিযোগিতাত ধেমাজি চেম্পিয়ন

DD TIMES গোগামুখ, ১৯ ডিচেম্বৰঃ অসমৰ চাহ জনজাতি আদিবাসীসকলৰ ক্ৰীড়া ক্ষেত্ৰ উন্নয়নৰ বাবে অনুষ্ঠিত কৰা মুখ্যমন্ত্ৰী চাহ জনজাতি আৰু আদিবাসী ফুটবল প্ৰতিযোগিতাত ধেমাজি বিধানসভা সমষ্টি চাহ জনজাতি-আদিবাসী ফুটবল দল চেম্কিয়ন হৈছে ৷

ধেমাজি জিলাৰ তিনিটা বিধানসভা সমষ্টি ধেমাজি, জোনাই  আৰু চিচিবৰগাঁও বিধানসভা সমষ্টিৰ চাহ জনজাতি আৰু  আদিবাসী  ফুটবল দলসমূহক লৈ আয়োজিত উক্ত ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন আজি ধেমাজি জিলাৰ গোগামুখৰ বাদুলুকা যুৱ সংঘৰ খেলপথাৰত অনুষ্ঠিত হয় ৷

ধেমাজি বিধানসভা সমষ্টি আৰু জোনাই বিধানসভা সমষ্টিৰ মাজত অনুষ্ঠিত চূড়ান্ত খেলখনৰ প্ৰথমাৰ্ধত জোনাই বিধানসভা সমষ্টিয়ে ১-০ গ’লত অগ্ৰগতি লৈ আছিল ৷ কিন্তু খেলৰ দ্বিতীয়াাৰ্ধত ধেমাজি বিধানসভা সমষ্টি চাহ জনজাতি আৰু আদিবাসী ফুটবল দলে উজ্জীৱিত খেল প্ৰদৰ্শন কৰি ৩ গ’ল দিবলৈ সক্ষম হৈ আৰু ধেমাজিয়ে ৩-১ গ’লৰ ব্যৱধানত জয়লাভ কৰে আজিৰ খেলখন উদ্ধোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

খেলখনত উপস্থিত থাকে ধেমাজি জিলা ক্ৰীড়া বিষয়া মৃদুল দত্ত, ধেমাজি জিলা ক্ৰীড়া সন্হাৰ সম্পাদক যতীন বুঢ়াগোঁহাই, ফুটবল সম্পাদক টুলটুল বৰগোঁহাই, সদৌ আদিবাসী ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সম্পাদক অনন্ত তাঁতি, গোগামুখ জিলা পৰিষদৰ সদস্যা জ্যোতিপ্ৰভা পেগু দলে আদিয়ে ৷

আজিৰ খেলখন পৰিচালনা কৰে মণিৰাম পেগু, মহানন্দ মিলি, জিন্টু ফুকনে ৷ খেলৰ অন্তত বঁটাসমূহ বিতৰণ কৰে ধেমাজি জিলা ক্ৰীড়া বিষয়া মৃদুল দত্ত, ক্ৰীড়া সন্হাৰ সম্পাদক যতীন বুঢ়গোঁহাই, অনন্ত তাঁতিয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!