অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

CHALACHITRAM NATIONAL FILM FESTIVAL: চলচ্চিত্ৰমৰ ৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱৰ দিন সলনি

Spread the love

চলচ্চিত্ৰমৰ ৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱৰ দিন সলনি

DD TIMES গুৱাহাটী, ১৯ অক্টোবৰঃ উত্তৰ -পূব ভাৰতৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান তথা বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ সহযোগী অনুষ্ঠান চলচ্চিত্ৰমৰ উদ্যোগত জ্যোতি চিত্ৰবনত অহা ২৫ আৰু ২৬ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া নৱম ৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱৰ দিন সলনি কৰা হৈছে।

চলচ্চিত্ৰমৰ কাৰ্যকৰী সমিতিৰ সভাপতি নৱ ঠাকুৰীয়া আৰু সম্পাদক ভগৱত প্ৰীতমে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়া মতে, চলচ্চিত্ৰমৰ উদ্যোগত অহা ২৫ আৰু ২৬ অক্টোবৰত অনুষ্ঠিত হ’ৱলগীয়া ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ উক্ত দিনৰ সলনি অহা ২৯ আৰু ৩০ নৱেম্বৰত দুদিনীয়াকৈ জ্যোতি চিত্ৰবনতে অনুষ্ঠিত হ’ব৷

চলচ্চিত্ৰমৰ সভাপতি আৰু সম্পাদক একেটা বিবৃতিৰ জড়িয়তে কয় যে, মহোৎসৱৰ পূৰ্বনিৰ্ধাৰিত সময়সূচী সলনি কৰি নতুন সময়সূচীলৈকে দৰ্শক প্ৰতিনিধি পঞ্জীয়ন কৰিব পাৰিব বুলি সদৰি কৰি সভাপতি আৰু সম্পাদক গৰাকীয়ে চলচ্চিত্ৰমৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সতে জড়িত সকলোৰে পৰা পূৰ্বৰ দৰে সহায়-সহযোগিতা পাব বুলি তেওলোকে আশা কৰিছে৷

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ দিন সলনিৰ বাহিৰে পূৰ্বৰ সকলোবোৰ নিয়ম কানুন ইত্যাদি আগৰদৰেই থাকিব বুলি সভাপতি নৱ ঠাকুৰীয়া আৰু সম্পাদক ভগৱত প্ৰীতমে জানিবলৈ দিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!