Ceramic art: পৰম্পৰাগত পদ্ধতিৰে জীৱন সংগ্ৰামত ব্ৰতী নগাঁও কাছধৰাৰ কুমাৰগাঁৱৰ মৃৎশিল্প
শিল্প সাধনাৰে পোহৰ বিলাব বিচৰা মৃৎ শিল্পী সকলৰ ভবিষ্যৎ অন্ধকাৰছন্ন
পৰম্পৰাগত পদ্ধতিৰে জীৱন সংগ্ৰামত ব্ৰতী নগাঁও কাছধৰাৰ কুমাৰগাঁৱৰ মৃৎশিল্প
চৰকাৰী সদিচ্ছাৰ অভাৱত অস্তিত্বৰ সংকটত ঐতিহ্যপূৰ্ণ মৃৎশিল্প

DD TIMES নগাঁও, ২০ অক্টোবৰঃ প্ৰাচীত ঐতিহ্যপূৰ্ণ সভ্যতা সমূহৰ বিকাশৰ বাটত মৃৎ শিল্পৰ অৱদান মানৱ জাতিয়ে মৰ্মে-মৰ্মে উপলদ্ধি কৰি আহিছে।
ভাৰত তথা অসম প্ৰান্ততো এই মৃৎ শিল্প আৰু মৃৎ শিল্পী সকলৰ শৈল্পিক অৱদান উল্লেখনীয়।

অসম প্ৰান্ততো অতীজৰে পৰা পৰম্পৰাগত ভাৱে বহু সংখ্যক লোকে এই শিল্পীৰ সাধনা কৰি আহিছে। বিশেষকৈ উৎসৱ-পাৰ্বনৰ সমছোৱাত মৃৎ শিল্পীসকল হৈ পৰে অতীৱ ব্যস্ত।
বৰ্তমান সময়তো দুৰ্গোৎসৱ আৰু লক্ষীপূজাৰ পিছত যোৱা কিছুদিন ধৰি মৃৎ-শিল্পীসকল ব্যস্ত হৈ পৰিছে কালীপূজা তথা পোহৰৰ উৎসৱ দীপাৱলীৰ চাকি প্ৰস্তুত কৰাত।

দীপাৱলীলৈ মাজত এটা দিন থকাৰ অৱস্থাত মৃৎশিল্পীসকলে দিনে নিশাই শ্ৰম কৰি চাকি প্ৰস্তত কৰাত ব্যস্ত হোৱা দেখা গৈছে।
নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিম প্ৰান্তৰ কাছধৰা কুমাৰ গাঁৱৰ মৃৎশিল্পীসকলো ইয়াৰ ব্যতিক্রম নহয়। এই গাঁওখনৰ কষ্টসহিষ্ণু মৃৎশিল্পীসকল দীপাৱলীৰ প্ৰাকক্ষণত মাটিৰ চাকি প্রস্তুত কৰা কামত দিনে-নিশাই ব্যস্ত হৈ পৰিছে।

গাঁওখনৰ প্রতিখন ঘৰেই যেন এতিয়া সকলো দুখ দুৰ্দশাৰ পৰিবেশ পাহৰি পোহৰেৰে ধৰাতল উজলাই তোলাৰ দায়িত্বহে বহন কৰিছে।
সেয়ে গাঁওখনৰ প্ৰায় ৬০ ঘৰ পৰিয়ালৰ কণ কণ শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠজনলৈকে সকলোৱে মিলি অহর্নিশে ব্যস্ত হৈ পৰিছে মাটি সানি মাটি সাঁচত পেলাই মাটিৰ চাকি সাজি বজাৰত বিক্ৰীৰ বাবে সাজু কৰি তোলাৰ প্ৰচেষ্টাত।
উল্লেখযোগ্য যে এই গাঁওখনৰ লোকসকলে বছৰ বছৰ ধৰি আওপুৰণি পদ্ধতিৰে মৃৎশিল্পক জীয়াই ৰখাৰ অবিৰত প্রচেষ্টা কৰি অহা দেখা গৈছে।
অতীৱ সুন্দৰ কলাৰে মাটিৰ চাকি, কলহ, টেকলি, ঘট, টাব, মলা, ফিল্টাৰ, বাচন-বৰ্তন নিৰ্মাণেৰে এই পৰিয়াল সমূহে কেৱল এক শিল্পক জীয়াই ৰখাই নহয়, জীৱন-যাপনৰো সমল হিচাপে গঢ় দি তুলিছে। পৰম্পৰাগত ভাৱে এই লোক সকলে মৃৎশিল্পৰ সাধনা কৰাৰ লগতে জীৱন-জীৱিকাৰো উৎস হৈ আহিছে।
উল্লেখ্য যে দীপাৱলীৰ আগৰে পৰা এই পৰিয়ালসমূহ তথা গাঁওবাসীৰ কৰ্মব্যস্ততা বৃদ্ধি পাবলৈ ধৰে। দেখা যায় যে পৰম্পৰাগত ভাৱে এই শিল্পীসকলে চাকি নিৰ্মাণ কৰি বহুল প্ৰচলিত চীনা আলোকসজ্জাৰ সন্মুখত প্ৰত্যাহ্বান গ্ৰহণ কৰি থিয় দিছে।
অৱশ্যে বৰ্ধিত ইলেক্ট্ৰনিক আলোকসজ্জাৰ প্ৰত্যাহ্বানৰ মাজতো এই মৃৎ শিল্পীসকলে নিজৰ স্বকীয়তাৰে শিল্পবিধ জীয়াই ৰখাৰ অহোপুৰুষাৰ্থ কৰি আহিছে।
উল্লেখ্য চৰকাৰী পক্ষৰ প্ৰত্যক্ষ যে সহযোগিতাৰ অবিহনে যে এই শিল্প আৰু শিল্পীসকলৰ ভৱিষ্যৎ যে অন্ধকাৰছন্ন সি ধুৰুপ।

