Celebrating Birthdays: কথাশিল্পী ইমৰান শ্বাহৰ ওপজা দিন উদযাপন
শিৱসাগৰত কথাশিল্পী ইমৰান শ্বাহৰ ৯৩ সংখ্যক ওপজা দিন উদযাপন
শ্বাহৰ ৰচনাৱলীৰ চতুর্থ-পঞ্চম খণ্ড আনুষ্ঠানিকভাৱে উন্মোচন
ইমৰান শ্বাহৰ কৰ্মৰাজিৰ গৱেষণা হ’ব লাগেঃ ড° মহাদেৱ পাটগিৰি
শতাধিক অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিয়ে জনালে শুভেচ্ছা

DD TIMES শিৱসাগৰ, ২৩ নৱেম্বৰঃ জীৱন পৰিক্ৰমাৰ ৯২টা বসন্তে গৰকি ৯৩টা বসন্তত ভৰি দিয়া অসমীয়া ভাষা- সাহিত্যৰ এগৰাকী পুৰোধা ব্যক্তি কথাশিল্পী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, পদ্মশ্রী ইমৰান শ্বাহৰ জন্মদিনৰ উপলক্ষত আজি সাহিত্যিকগৰাকীৰ বাসগৃহত আয়োজিত কৰে “প্ৰত্যাৱৰ্তনৰ প্ৰতীক্ষাত” শীর্ষক এক অনুষ্ঠানৰ।
পৰিয়ালবৰ্গৰ উদ্যোগত আয়োজিত অনুষ্ঠানত ইশ্বানু শ্বাহ, ইমানু শ্বাহ, স্বৰ্ণজ্যোতি বৰুৱা বৰবৰা আৰু মুক্তাৱ হুছেইনৰ সম্পাদনাত প্ৰকাশিত শ্বাহ চাৰৰ ৰচনাৱলীৰ চতুর্থ আৰু পঞ্চম খণ্ডটি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। স্বৰ্ণজ্যোতি বৰুৱা বৰবৰা আৰু যোগ গগৈয়ে আত ধৰা সভাত কথাশিল্পী ইমৰান শ্বাহৰ ৰচনাৱলী চতুর্থ আৰু পঞ্চম খণ্ডটি উন্মোচন কৰি প্ৰথমতে নিজৰ মন্তব্যত শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মহাদেৱ পাটগিৰিয়ে কয় যে, ইমৰান শ্বাহৰ কৰ্মৰ মূল্যায়ণ হৈছে যদিও কৰ্মৰাজীৰো গৱেষণা হব লাগে।
৯৩ বছৰত ভৰি দিয়া ইমৰান শ্বাহ আজিও তৰুণ। তেখেতৰ প্ৰতিটো লিখনি উপযোগী হোৱাৰ বাবে অনুপ্ৰাণিত হয় পাঠক। তেখেতৰ শব্দৰ শক্তি প্রবল বুলি উল্লেখ কৰাৰ লগতে ইমৰান শ্বাহে নতুন লেখকসকলক নতুন নতুন সৃষ্টিৰ বাবে সদায় অনুপ্রাণিত কৰি আহিছে বুলি ব্যক্ত কৰে। আন এগৰাকী উন্মোচক জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জ্যোতিপ্রসাদ শইকীয়াই ইমৰান শ্বাহৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে , ইমৰান শ্বাহৰ বিভিন্ন ক্ষেত্ৰৰ দক্ষতা অসমীয়া সমাজত পৰিচিত।
তেখেতৰ ৰচনাৱলীৰ যিকেইটা খণ্ড ইতিমধ্যে প্রকাশ হৈছে, পাঠক সমাজৰ মাজত যথেষ্ট জনপ্রিয় হোৱাটো দেখা পাইছো। বাস্তৱতে, ইমৰান শ্বাহ বহু গুণাকৰ। মানুহৰ মাজত থাকি মানুহৰ বাবে সৃষ্টিকর্মৰ বন্যা বোৱাই দিয়া ইমৰান শ্বাহক প্রতিজন মানুহে ভাল পায়, শ্রদ্ধা কৰে। নব্বৈৰ দেওনা পাৰ হৈ যোৱাৰ পিছতো মানুহজন তজবজীয়া। ইমৰান শ্বাহ লেখক বা সাহিত্যিক নহয়, এখন বৃহৎ কলেৱৰৰ উৎকৃষ্ট কিতাপ।
এই কিতাপতে ইমৰান শ্বাহৰ কেইটামান বৈশিষ্ট্য স্পষ্টভাবে উল্লেখ আছে। প্রথম ইমৰান শ্বাহ মানুহ আৰু প্রকৃতি প্রিয় মানুহ। মানুহৰ অপকাৰ কৰিব নিবিচৰা মানুহজনে মানুহৰ কথা কৈ ভাল পায়। মানুহৰ মনৰ গহ্বৰৰ দ পৃষ্ঠভূমিত বিচৰণ কৰি মানুহৰ কল্যাণৰ উৎস বিচাৰে। দ্বিতীয়, ইমৰান শ্বাহে যিমান লিখে তাতকৈ বেছি পঢ়ে। সাম্প্রতিক সময়ত অপ্রিয় হ’লেও সত্য, পঢ়াতকৈ লিখা-মেলা কৰা মানুহৰ সংখ্যা অধিক। তৃতীয়, ইমৰান শ্বাহে পাঠকৰ মন-মগজু অধায়ন কৰি সাহিত্য সৃষ্টি কৰে।
সেয়ে সহজ-সৰল নান্দনিক ভাষাৰ প্ৰাঞ্জল ৰূপটো তেখেতৰ প্রতিটো লেখনিত উদ্ভাসিত হয়। পাঠক আৰু লেখকৰ সম্পৰ্কটো তেখেতে শুদ্ধভাবে অনুধাৱন কৰিব পাৰে। চতুৰ্থতে ইমৰান শ্বাহে পৰিশীলিত জীৱন উদযাপন কৰে। পঞ্চম ইমৰান শ্বাহে বুঢ়া হ’ব নিবিচাবে। উৰিব লাগে। কাকো অনিষ্ট কৰিব নালাগে।
সেই বাবেই ইমৰান শ্বাহ সতেজ আৰু জীপাল বুলি ব্যক্ত কৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি একালৰ সহকৰ্মী তথা শিৱসাগৰ কলেজৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ঘন হাজৰিকাই ইমৰান শ্বাহক জন্মদিনৰ ওলগ জ্ঞাপন কৰি ওৰণিৰ ফাকেৰে চাবলৈ আহিছো বুলি কৈ তেখেতে ইমৰান শ্বাহ তেখেতৰ জীৱনৰ পথ প্ৰদৰ্শক বুলি ব্যক্ত কৰে।
আন এগৰাকী বিশিষ্ট ব্যক্তি তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক, পদ্মশ্রী প্ৰহ্ললাদচন্দ্ৰ তাচাই জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে, ইমৰান শ্বাহ প্ৰত্যেক্ষ শিক্ষাগুৰু নহলেও মোৰ বাবে দীক্ষাগুৰু আছিল। এগৰাকী ঋষিতুল্য ব্যক্তি। মই যদি একলব্য ইমৰান শ্বাহ চাৰ দ্ৰোণাচাৰ্য বুলি ব্যক্ত কৰে। জন্মদিনৰ শুভেচ্ছা গ্রহণ কৰি কথাশিল্পী ইমৰান শ্বাহে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে, সকলোকে এনেকৈয়ে লগ পাই থাকিলে কাম কৰাৰ সাহস পাম বুলি উল্লেখ কৰে।
উল্লেখযোগ্য যে, ১৯৩৩ চনত শিৱসাগৰৰ ধাই আলিত জন্ম গ্রহণ কৰিছিল ইমৰান শ্বাহে। তেওঁৰল পিতৃ মহম্মদ শ্বাহ আৰু মাতৃ মৰিয়ম নিচা। ধাইআলিৰ ২ নং প্রাথমিক বিদালয়ত শিক্ষা জীৱনৰ আৰম্ভ কৰি শিৱসাগৰ চৰকাৰী হাইস্কুল, কটন কলেজ, শিৱসাগৰ কলেজ আদিত উচ্চশিক্ষা সম্পন্ন কৰে। নৱম শ্রেণীত থাকোতেই ১৯৫১ চনত প্ৰকাশ পাই তেওঁৰ প্ৰথম কাব্য সংকলন “বনবাসী”। ৰামধেনু যুগৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ গল্পকাৰ ইমৰান শ্বাহৰ ইতিমধ্যে ৮ খন গল্প সংকলন, ১০ খন উপন্যাস, ২ খন প্ৰৱন্ধ সংকলন, ১ খন জীৱনী, ৩ খন অনুদিত গল্প আৰু কেইবাখনো সম্পাদিত গল্প সংকলন, তিনি খন কাব্য সংকলন আৰু ১খন গীতৰ গ্রন্থ প্ৰকাশ পাইছে।
২০১২ চনৰ অসম সাহিত্য সভাৰ বৰপেটা অধিবেশনৰ সভাপতি পদ অলংকৃত কৰা শ্বাহে তেওঁৰ সুকীয়া গদ্য ৰীতি আৰু সাহিত্য কৰ্মৰ বাবে সন্মানীয় অসম উপত্যকা বঁটাৰ লগতে আজানপীৰ বঁটা লাভ কৰিছে। ভাৰত চৰকাৰৰ পৰা পদ্মশ্রী সন্মান লাভ কৰা বৰেণ্য সাহিত্যিক গৰাকীৰ আজি ৯৩ সংখ্যক ওপজা দিনত আয়োজন কৰা অনুষ্ঠানত অসম সাহিত্য সভাৰ কেন্দ্রীয় সমিতিৰ হৈ উপ- সভাপতি পদুম ৰাজখোৱা, শিৱসাগৰ জিলা সাহিত্য সভা, সাহিত্য সভাৰ কুহি অনুষ্ঠান, সুৰ জাগৃতি মঞ্চ, অৰুণোদয় সাহিত্য সভা, শিৱসাগৰ কবি চক্র, নাজিৰা লেখিকা সমাৰোহ সমিতি, অলকা মইনা পাৰিজাত, ২ নং ধাইআলি লৰা প্ৰাথমিক বিদ্যালয়, নেচাৰ্চ বেকন শিৱসাগৰ, আজানপীৰ ভৱন আৰু গৱেষণা কেন্দ্র, তৰুণ সংঘ ৰিডিং ক্লাব, মুছলিম মহিলা কল্যাণ পৰিষদ, শব্দ লহৰ, ৫০২ নং জেঙনীকটীয়া প্ৰাথমিক বিদ্যালয়, বাঘ হাজৰিকা জাগৰণ মঞ্চ, ৰাজহংস ক্লাব, উজনি অসম মুছলিম কল্যাণ পৰিষদ, অসম লাইভৰ পৰিচালন সঞ্চালন নৃপেন দাস, সুন্দৰম কাব্য কানন, ড০ ৰীতামনি বৰা, সোনাৰাম বৰুৱা, কিৰন বৰুৱা, জয়শ্ৰী চলিহা, প্ৰেম গগৈ, বিনোৱা টায়ে, চৈয়দা ৰচিদা আনহাৰ, হেমন্ত কেজৰিৱাল, ড০ মহাদেৱ পাটগিৰি, ড০ জ্যোতিপ্রসাদ শইকীয়া, নীলিমা ভট্টাচার্য, সুৰভী ভট্টাচার্য, শিৱসাগৰ জিলা কংগ্রেছ, মনজিত গগৈ, সমীৰ গগৈ, ড০ লিপি ফুকন, অঞ্জলী ফুকন, দীপিকা কাকতি, ড০ প্ৰকাশ কটকী, মনিকা শইকীয়া, বুদ্ধিন মিশ্ৰ, লক্ষ্মীকান্ত মহন্ত, শংকৰ আগৰৱালা, ধাইআলি মজচিদ সমিতি, গৌৰী ভাগৱতী, চাকিৰাউল্লাহ, ৱালীউল্লা, দুৰ্লভ বৰা, বিশিষ্ট সাংবাদিক ভৈৰৱ মুণ্ডা, জিলা সাহিত্য সভাৰ সভাপতি যোগেশ কিশোৰ ফুকন, উপ- সভাপতি ড০ জীৱন কলিতা, সম্পাদক মনোজ কুমাৰ গগৈ,আশ্ৰফ আলীকে ধৰি তিনি শতাধিক অনুষ্ঠান- প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে কথাশিল্পীগৰাকীৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।
জিলাখনৰ বিভিন্ন স্তৰৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে জিলা সাহিত্য সভাৰ বহুকেইটা শাখাৰ প্ৰতিনিধিৰ লগতে সমীপৱৰ্তী জিলাৰ পৰা অহা গুণমুগ্ধই সাহিত্যিক গৰাকীৰ বাসগৃহত উপস্থিত হৈ ওলগ জ্ঞাপন কৰে। আজিৰ এই অনুষ্ঠানত যমুনা বৰগোহাঞিৰ কবিতা ড০ লিপি ফুকনে পাঠ কৰাৰ অনুষ্ঠানত নাজিম আলিৰ পৰিচালনাত শ্বাহ চাৰৰ ৰচিত গীত পৰিৱেশন কৰে ৫০২ নং জেঙনীকটীয়া প্ৰাথমিক বিদ্যালয়ৰ শিশুসকলে।
সমান্তৰালকৈ সুন্দৰ কাব্য কাননৰ শিল্পীসকলে কোৰাচ, প্ৰভাত কোৱৰ, জ্যোতিষ্মান ফুকনে গীত আৰু কিশোৰ মনজিতে কবিতা পাঠেৰে জীপাল কৰি তোলে অনুষ্ঠানটি। ইমানু শ্বাহে শলাগ জ্ঞাপন কৰা অনুষ্ঠানত জিলাখনৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

