BWF: গুৱাহাটীৰ বিশ্ব জুনিয়ৰ বেডমিণ্টন
গুৱাহাটীৰ বিশ্ব জুনিয়ৰ বেডমিণ্টনত বি ডব্লিউ এফৰ নতুন ৰিলে স্ক’ৰিং ব্যৱস্থা অবলম্বনঃ ক্ৰীড়াপ্ৰেমীক টিকট অবিহনে খেল উপভোগ কৰাৰ সুযোগ আয়োজকৰ
DD TIMES গুৱাহাটী, ৪ অক্টোবৰঃ গুৱাহাটীৰ আমিনগাঁৱৰ নেচনেল চেণ্টাৰ অৱ এক্সেলেন্স চেণ্টাৰত অহা ছয়ৰ পৰা ১৯ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগা য়’নেক্স ছানৰাইজ বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ-২০২৫ ত দৰ্শকৰ বাবে কোনো টিকটৰ ব্যৱস্থা নাথাকে৷ বিশ্বৰ যুৱ তাৰকা শ্বাটলাৰে অংশ ল’বলগা প্ৰতিযোগিতাৰ সকলো খেল ক্ৰীড়াপ্ৰেমীয়ে টিকট অবিহনে দৰ্শকৰ গেলেৰীত বহি উপভোগ কৰিব পাৰিব৷

উল্লেখ্য যে ২০০৮ চনৰ পিছত দ্বিতীয়বাৰৰ বাবে ভাৰতত তথা প্ৰথমবাৰলৈ অসমত অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনৰ মিক্সড দলীয় শাখাৰ খেল ছয়ৰ পৰা ১১ অক্টোবৰলৈ অনুষ্ঠিত হোৱাৰ বিপৰীতে ১৩-১৯ অক্টোবৰলৈ ল’ৰা আৰু ছোৱালীৰ একক তথা ডাবলছ শাখাৰ খেল অনুষ্ঠিত হ’ব৷
বিশ্বৰ ৩৬ দেশে খেলিব লগা দলীয় শাখাৰ খেল ছয় অক্টোবৰৰ পৰা প্ৰতিদিনে পুৱা ন বজাৰ পৰাই আৰম্ভ হ’ব৷ একেলগে ছখন কৰ্টত চলি থাকিব মিক্সড দলীয় শাখাৰ খেল৷ উল্লেখ্য যে ৩৬ টা দলক আঠটা গ্ৰুপত ভাগ কৰা হৈছে৷ প্ৰথমে ৰাউণ্ড ৰবীন লীগ মেচত অংশ লোৱাৰ পাছত গ্ৰুপৰ শীৰ্ষ দলটো প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব৷ ইয়াৰ পৰাই আৰম্ভ হ’ব নকআউট ৰাউণ্ড৷
এতিয়ালৈকে এই প্ৰতিযোগিতাত ব্যক্তিগত শাখাত এঘাৰটা পদক লাভ কৰা ভাৰতে কিন্তু দলীয় শাখাত পদক বঞ্চিত হৈয়ে আছে৷ গুৱাহাটীত প্ৰথমবাৰৰ বাবে মিক্সড টিম ইভেণ্টত প’ডিয়ামত থিয় হোৱাৰ আশা কৰিছে বিশ্ব ৰেংকিঙৰ দ্বিতীয় স্থানত থকা আয়োজক দেশৰ ২৫ জনীয়া ল’ৰা-ছোৱালীৰ দলটোৱে৷ গ্ৰুপ ‘এইছ’ত স্থান পোৱা ভাৰতৰ প্ৰতিদ্বন্দ্বী হ’ল শ্ৰীলংকা, আৰৱ আৰু নেপাল৷
ইফালে, গুৱাহাটীতে বি ডব্লিউ এফৰ নতুন ৰিলে স্ক’ৰিং ব্যৱস্থা অবলম্বন কৰি একক তথা দলীয় শাখাৰ মেচ অনুষ্ঠিত হ’ব৷ প্ৰতিটো টাই তিনিটা ছেটত খেলা হ’ব তথা এটা ছেটত ৪৫ পইণ্ট লাভ কৰা প্ৰথম দলটোৱে সেই ছেটত জয়লাভ কৰিব৷ এটা চেট পাঁচখন মেচেৰে গঠিত, য’ত ল’ৰা-ছোৱালীৰ একক আৰু ডাবলছ লগতে মিক্সড ডাবলছৰ খেল অনুষ্ঠিত হ’ব৷
প্ৰতিখন মেচ এটা দলে ন পইণ্ট লাভ নকৰালৈকে খেলা হ’ব, তাৰ পিছত একেটা ক্ৰমবৰ্ধমান স্ক’ৰৰ পৰাই পৰৱৰ্তী মেচ আৰম্ভ হ’ব৷ এটা দলে ৪৫ পইণ্টৰ সীমাত উপনীত হ’লেই ছেটটোৰ সামৰণি পৰিব৷ এই টাইত বেষ্ট অৱ থ্ৰী ছেটৰ ফৰ্মেট অনুসৰণ কৰা হ’ব আৰু দুটা ছেটত জয়ী হোৱা দলটোক বিজয়ী ঘোষণা কৰা হ’ব৷
উল্লেখ্য যে মালয়েছিয়া, ইণ্ডোনেছিয়া, কানাডা, স্পেইন আৰু চীনৰ পাছত ভাৰত বিশ্বৰ ষষ্ঠখন তথা এছিয়াৰ চতুৰ্থখন দেশ যিয়ে দুবাৰকৈ বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ আয়োজন কৰাৰ সুযোগ লাভ কৰিছে৷ এই প্ৰতিযোগিতাৰ সফলতাই ২০২৬ চনত নতুন দিল্লীত বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপ আয়োজন কৰাত ভাৰতীয় বেডমিণ্টন সন্থাক অধিক উদ্যোমি কৰি তুলিব৷
প্ৰতিযোগিতাত ভাৰতৰ প্ৰদৰ্শনো আশাপ্ৰদ হোৱাৰ সম্ভাৱনা আছে৷ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতে মিক্সড টিম চেম্পিয়নশ্বিপত দ্বিতীয় বাচনিৰ দল হিচাপে খেলাৰ সুযোগ লাভ কৰিছে৷ আন্তঃৰাষ্ট্ৰীয় চাৰ্কিটত ভাৰতীয় জুনিয়ৰসকলৰ শক্তিশালী প্ৰদৰ্শনৰ পিছত এই সফলতা আহিছে৷
ইফালে, ছোৱালীৰ একক শাখাত বৰ্তমান বিশ্বৰ এক নম্বৰ স্থানত আছে ভাৰতৰ তনভি শৰ্মা৷ আনহাতে, ল’ৰাৰ ডাবলছত প্ৰাক্তন বিশ্ব শীৰ্ষ যুটি ভাৰ্গৱ ৰাম আৰিগেলা আৰু বিশ্ব তেজগোবুৰুৰ নেতৃত্বত আছে৷ বি ডব্লিউ এফ জুনিয়ৰ ৰেংকিঙৰ শীৰ্ষ ২৫ৰ ভিতৰত মুঠ ন জন ভাৰতীয় খেলুৱৈ৷