Butterfly of The Courtyard: ‘চোতালৰ পখিলা’ৰ প্ৰতিযোগিতাৰ ফল ঘোষণা
‘চোতালৰ পখিলা’ৰ প্ৰতিযোগিতাৰ ফল ঘোষণা

DD TIMES গুৱাহাটী, ১৩ নৱেম্বৰঃ শিশু -কিশোৰৰ তিনিমহীয়া আলোচনী ‘চোতালৰ পখিলা’ৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা গল্প, ৰচনা, পদ্য আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে।
জ্যেষ্ঠসকলৰ মাজত পতা হেমন্ত মংগল নেওগ সোঁৱৰণী শিশু-গল্প প্ৰতিযোগিতাত প্ৰথম সুৰাংগনা হাজৰিকা, দ্বিতীয় মৃদুস্মিতা ফুকন আৰু তৃতীয় স্থান লাভ কৰে পলাশ বৰুৱাই।
তদুপৰি অন্য সাতগৰাকী ক্ৰমে ৰুমা শইকীয়া, জোনা কোঁৱৰ, মঞ্জু দত্ত, বিউটি লহকৰ কলিতা, মঞ্জিতা শৰ্মা, ভবেন গগৈ, ইন্দুনিভা বৰাক উদ্গনি পুৰস্কাৰ দিয়া হ’ব।
অষ্টমৰ পৰা দশম শ্ৰেণীলৈকে পতা ৰচনা প্ৰতিযোগিতাত প্ৰথম শৈৱালসাগৰ বৰা, দ্বিতীয় এইচ্ বি দিব্যাক্ষী চৌধুৰী আৰু তৃতীয় স্থান লাভ কৰে স্নিগ্ধাহিয়া দাসে। উদ্গনি পুৰস্কাৰ লাভ কৰে দৃষ্টি তালুকদাৰ আৰু ফাৰিহা আহমেদে।
পঞ্চমৰ পৰা সপ্তম শ্ৰেণীলেকে পতা পদ্য প্ৰতিযোগিতাত প্ৰথম দিব্যপ্ৰতিম ভাগৱতী, দ্বিতীয় মাশ্বাৰিক আব্দুল্লা আৰু তৃতীয় স্থান লাভ কৰে ময়ংক কাকতিয়ে। উদ্গনি পুৰস্কাৰ পদ্মনাভ বৰা আৰু আৰোহী চেতিয়াই লাভ কৰে।
দ্বিতীয়ৰ পৰা চতুৰ্থ শ্ৰেণীলৈকে পতা চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম দিৱ্যাংগনা দত্ত, দ্বিতীয় ৰামানুজ প্ৰীতম বৰা আৰু তৃতীয় স্থান লাভ কৰে বৰ্ণিল দাস আৰু প্ৰেৰণা দাসে। উদ্গনি পুৰস্কাৰ লাভ কৰে মৃদুময় বৰ্মনে।
অহা ১৬ নৱেম্বৰত গুৱাহাটীৰ লতাশিলৰ বিষ্ণু -নিৰ্মলা শিশু পুথিভঁৰাল সভাগৃহত পুৱা ১০-৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ‘চোতালৰ পখিলা’ৰ পঞ্চম বৰ্ষপূৰ্তি অনুষ্ঠানত এই প্ৰতিযোগিতাবোৰৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হ’ব বুলি জানিবলৈ দিছে সম্পাদক যুগললোচন দাসে।

