অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

BTC: বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন

Spread the love

বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন

DD TIMES কোকৰাঝাৰ, ৫ অক্টোবৰ, ২০২৫ : আজি কোকৰাঝাৰত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপতগ্ৰহণ কৰে। শপতগ্ৰহণৰ এই শুভ মুহূৰ্তত বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীক ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা তথা অভিনন্দন জনায়।

টুইটাৰত প্ৰধানমন্ত্ৰীগৰীয়ে উল্লেখ কৰে, “বডোলেণ্ড টেৰিট’ৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপতগ্ৰহণ কৰাৰ বাবে মই হাগ্ৰামা মহিলাৰীক অভিনন্দন জনাইছো। লগতে তেওঁক আৰু তেওঁৰ দলক মোৰ আন্তৰিক শুভেচ্ছাও জনাইছো।

কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে একেলগে কাম কৰি মহান বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ দৰ্শন পূৰণ কৰা আৰু সকলো দিশত বিকাশ নিশ্চিত কৰাৰ বাবে বিটিচি চৰকাৰক সদায় সহায় কৰি যাব।” মাননীয় প্ৰধানমন্ত্ৰীৰ এই শুভেচ্ছাবাণীয়ে অনাগত দিনত বড়োভূমিলৈ এক বিশেষ আশাৰ বতৰা কঢ়িয়াই আনিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!