BTC: বড়োলেণ্ড স্বায়ত্ব পৰিষদৰ এলেকাৰ ৫খন জিলাত হ’ব চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ আৰ্হিত সাহিত্য সভা ভৱন
বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ সৈতে অসম সাহিত্য সভাৰ আলোচনা
বড়োলেণ্ড স্বায়ত্ব পৰিষদৰ এলেকাৰ ৫খন জিলাত হ’ব চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ আৰ্হিত সাহিত্য সভা ভৱন

DD TIMES গুৱাহাটী, ২৪ ডিচেম্বৰঃ অসম সাহিত্য সভাৰ সভাপতি ড॰ বসন্তকুমাৰ গোস্বামী আৰু প্ৰধানসম্পাদক দেৱজিৎ বৰাৰ নেতৃত্বত যোৱা অসম সাহিত্য সভাৰ প্ৰতিনিধি দল এটাৰ সৈতে ১৭ ডিচেম্বৰৰ সন্ধিয়া বাক্সা জিলাৰ হাউলীৰ বড়োলেণ্ড গেষ্ট হাউচত বি টি চিৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ সৈতে এক অন্তৰংগ আলোচনা অনুষ্ঠিত হয়৷

উক্ত আলোচনাত অসম সাহিত্য সভাৰ তৰফৰ পৰা হাগ্ৰামা মহিলাৰীক বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে আন্তৰিক অভিনন্দনজ্ঞাপন কৰাৰ লগতে অসম সাহিত্য সভাই বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ এলেকাধীন অঞ্চলৰ বড়ো জনগোষ্ঠী আৰু অন্যান্য জনগোষ্ঠীসমূহৰ মাজত সমন্বয় সংসাধনৰ বাবে গ্ৰহণ কৰা কেইটামান সুদূৰ প্ৰসাৰী বিষয় আলোচনা কৰে৷
এই আলোচনাত অসম সাহিত্য সভাই যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ চৌহদত নিৰ্মাণ হ’বলগীয়া বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাষা, সাহিত্য, সংস্কৃতিৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে প্ৰস্তাৱিত কৃষ্ণকান্ত সন্দিকৈ ভৱনৰ প্ৰকল্পৰ কামত বি টি চি প্ৰশাসনৰ সহযোগিতা কামনা কৰে৷ ইফালে অসম সাহিত্য সভাৰ অন্তৰ্গত কোকৰাঝাৰ, চিৰাং, বাক্সা ওদালগুৰি আৰু তামোলপুৰ এই পাঁচখন জিলাত চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ আৰ্হিত একোটাকৈ ভৱন নিৰ্মাণৰ বাবে প্ৰস্তাৱ আগবঢ়ায়৷
ইয়াৰ উপৰিও বড়ো আৰু অন্যান্য জনগোষ্ঠীৰ ভাষা-সাহিত্য-সংস্কৃতিৰ উত্তৰণৰ কাৰণে অসম সাহিত্য সভাৰ মংগলচণ্ডী ব্ৰহ্ম গৱেষণা কেন্দ্ৰৰ উত্তৰণৰ কাৰণে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক আহ্বান জনায়৷
আনহাতে অসম সাহিত্য সভাই সমগ্ৰ বিটিচি এলেকা জুৰি জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ এটি অনুষ্ঠান সমন্বয়ভাৱে আয়োজন কৰিবৰ বাবে প্ৰস্তাৱ আগবঢ়ায়৷ এই সকলোকেইটা প্ৰস্তাৱ অসম সাহিত্য সভাক আজি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বাস্তৱ ক্ষেত্ৰত ৰূপায়ণ কৰাৰ আশ্বাস প্ৰদান কৰে৷
ভাষণ প্ৰসংগত হাগ্ৰামা মহিলাৰীয়ে কয় যে— “অসম সাহিত্য সভাৰ পৰম সুহৃদ হিতৈষী সভ্য পদ গ্ৰহণ কৰি অসম সাহিত্য সভাৰ সেৱাত ব্ৰতী হৈ আছোঁ৷ গতিকে অসম সাহিত্য সভাই দিয়া প্ৰস্তাৱত মই খুবেই সুখী হৈছোঁ আৰু আশা কৰিম আগন্তুক দিনসমূহত আমি এইকেইটা কাম সুদূৰ প্ৰসাৰীভাৱে সম্পন্ন কৰিম বুলি প্ৰতি৷ প্ৰতিবদ্ধ হ’লোঁ৷” অসম সাহিত্য সভাৰ সভাপতি ড॰ বসন্তকুমাৰ গোস্বামীয়ে তেখেতৰ বক্তব্যত কয় যে — “মোৰ এই ৮৩ বছৰ বয়সত বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ এলেকাধীন অঞ্চললৈ অহাৰ মুখ্য উদ্দেশ্য এটাই মোক বড়ো আৰু অবড়োৰ মাজত সমন্বয় সংসাধনৰ বাবে দায়িত্ব দিয়ক৷
মই সকলো জাতি-জনগোষ্ঠীৰ লোকক বড়োলেণ্ডত শান্তি আৰু সমন্বয়ৰ বাৰ্তা বিয়পাবলৈ দায়িত্ব গ্ৰহণ কৰিবলৈ দৌৰি আহিছোঁ৷ গতিকে আপোনালোকৰ সহযোগিতা পালে আৰু আমি দিয়া প্ৰস্তাৱত আপোনালোকে সন্মতি জনালে অসম সাহিত্য সভাই বড়োলেণ্ডত শান্তি আৰু সমন্বয়ৰ বাৰ্তা বিলাবলৈ চেষ্টা কৰিব৷” ইফালে আলোচনাৰ ভাষণ প্ৰসংগত প্ৰধানসম্পাদক দেৱজিৎ বৰাই কয়— “সকলো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় সাধনৰ বাবে অসম সাহিত্য সভাই গ্ৰহণ কৰা পদক্ষেপ অনুসৰি আজি আমি বড়োলেণ্ডলৈ আহিছোঁ৷
বড়োলেণ্ডৰ ভূমিত আমি সকলো জাতি-জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধি ৰাখিব বিচাৰোঁ৷ গতিকে বিটিচি প্ৰশাসনৰ সহযোগিতা আমি কামনা কৰিছোঁ৷”
উক্ত আলোচনাত অসম সাহিত্য সভাৰ হৈ সভাপতি, প্ৰধানসম্পাদকৰ উপৰি স্থায়ী বিত্তীয় নিধিৰ আহ৩ায়ক গোবিন্দ কলিতা, পৰিৱেশ্য কলা উপসমিতিৰ আহ৩ায়ক ছৈয়দ মাৰুফ হুছেইন আৰু মংগলচণ্ডী গৱেষণা কেন্দ্ৰৰ আহ৩ায়ক অখিল কলিতা, ৰাজ্যভাষা মাতৃভাষা প্ৰয়োগ উপসমিতিৰ উপ-সভাপতি মনালিচা শৰ্মাই অংশ গ্ৰহণ কৰে৷
অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা উপস্থিত থকা এই অনুষ্ঠানত বড়োলেণ্ড স্বায়ত্ত্ব পৰিষদৰ হৈ কাৰ্যবাহী সদস্য দেৰহাচাদ বসুমতাৰী, বেগম আখতাৰা আহমেদ, আৰু দিগন্ত গয়াৰী আদিয়ে অংশ গ্ৰহণ কৰে৷

