অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Brahmaputra Eye Care: নগাঁৱৰ ব্ৰহ্মপুত্ৰ আই কেয়াৰৰ চতুৰ্থ বৰ্ষপূৰ্তি

Spread the love

নগাঁৱৰ ব্ৰহ্মপুত্ৰ আই কেয়াৰৰ চতুৰ্থ বৰ্ষপূৰ্তি

বিশিষ্ট কালি বাদক কলিৰাম বৰাক ‘গীতাধ্যায় কামাখ্যাচৰণ ঠাকুৰ সমাজৰত্ন বঁটা-২০২৫’ প্ৰদান

DD TIMES নগাঁও, ৮ ডিচেম্বৰঃ নগাঁৱৰ ৰাইজৰ বাবে গৌৰৱময় সপোনৰ প্ৰকল্প ব্ৰহ্মপুত্ৰ আই কেয়াৰ গুণগত মানৰ চকুৰ স্বাস্থ্য সেৱাৰ এক বিশ্বাসযোগ্য নামত পৰিণত হৈছে।

৪ বছৰীয়া জয়ন্তী উদযাপনৰ সময়ত এই কেন্দ্ৰটোৱে নিষ্ঠা, মমতা, আৰু আধুনিক চকুৰ যত্নৰ উৎকৃষ্টতাৰ প্ৰতীক হিচাপে থিয় দিছে। বিগত কেইবা বছৰ ধৰি ই উন্নত চিকিৎসা, নিৰ্ভৰযোগ্য নিদান, আৰু ৰোগীকেন্দ্ৰিক সেৱাসমূহক সমাজৰ ওচৰলৈ লৈ আহিছে।

ব্ৰহ্মপুত্ৰ আই কেয়াৰৰ চকুৰ যত্নে দৃষ্টিশক্তি পুনৰুদ্ধাৰ আৰু চকুৰ স্বাস্থ্য সম্পৰ্কে সজাগতা বিয়পোৱাৰ প্ৰতিশ্ৰুতিৰে জীৱন আলোকিত কৰি আহিছে। ইয়াৰ যাত্ৰাই কঠোৰ পৰিশ্ৰম, বিশ্বাস, আৰু আন্তৰিকতাৰে আৰু বিশ্বমানৰ চকুৰ যত্নৰে নগাঁৱত সেৱা আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰি আহিছে।কালি দেওবাৰে সন্ধিয়া প্ৰতিষ্ঠান খনৰ চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন কৰে।

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ কৰা অনুষ্ঠানটিত কেইবাজনো কন্ঠশিল্পীয়ে দুইজনা মহান শিল্পীৰ গীত পৰিৱেশন কৰা লগতে নৃত্যৰ মাজেৰে শ্ৰদ্ধাঞ্জলি জনায়।


ব্ৰহ্মপুত্ৰ আই কেয়াৰৰ পৰিচালক তথা চিকিৎসক প্ৰাঞ্জল কুমাৰ গৌতমে আঁতধৰা বঁটা প্ৰদান অনুষ্ঠানতে বিশিষ্ট কালি বাদক কলিৰাম বৰাক গীতাধ্যায় কামাখ্যাচৰণ ঠাকুৰ সমাজৰত্ন বঁটা ২০২৫ প্ৰদান কৰে। নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, কন্ঠশিল্পী কৃষ্ণ মণি নাথকে ধৰি নগাঁও সমাজ জীৱনৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে উক্ত বঁটাটি প্ৰদান কৰে।

উল্লেখযোগ্য যে নগাঁও জিলাৰ চামগুৰি ভেলৌগুৰিৰ নিৰ্বাসী কলিৰাম বৰাই পিতৃৰ পৰা লাভ কৰা জ্ঞানেৰে যৌৱন কালৰে পৰা নিজৰ জন্মভূমিৰ লগতে ভিন্ন স্থানত কালিবাদনেৰে সন্মান বুটলিবলৈ সক্ষম হৈ আহিছে।

উল্লেখ্য যে কালি নিশালৈকে অনুষ্ঠিত হোৱা অনুষ্ঠানটিত বহু গণ্য-মান্য লোক উপস্থিত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!