অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

BODOLAND: বড়োলেণ্ড প্ৰাদেশীয় পৰিষদৰ ৫ম কাৰ্যনিৰ্বাহকৰ শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি তুংগত

Spread the love

বড়োলেণ্ড প্ৰাদেশীয় পৰিষদৰ ৫ম কাৰ্যনিৰ্বাহকৰ শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি তুংগত

DD TIMES কোকৰাঝাৰ, ৩ অক্টোবৰ, ২০২৫ঃ কোকৰাঝাৰত বডোলেণ্ড প্ৰাদেশীয় পৰিষদৰ ৫ম কাৰ্যনিৰ্বাহকৰ শপতগ্ৰহণ অনুষ্ঠান উপলক্ষে প্ৰস্তুতি পূৰ্ণ্যোদ্যমে চলি আছে।

বডোলেণ্ডৰ উন্নয়ন আৰু সমৃদ্ধিৰ এক নতুন প্ৰভাতক চিহ্নিত কৰি মাননীয় হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে ৫ম কাৰ্যনিৰ্বাহকৰ সদস্যসকলৰ সৈতে অহা ৫ অক্টোবৰ, ২০২৫ তাৰিখে শপতগ্ৰহণ কৰিব।

এই শপতগ্ৰহণ অনুষ্ঠানত অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্য আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব।

গৌৰৱোজ্জ্বল এই অনুষ্ঠানটো কোকৰাঝাৰৰ বডোফা নগৰস্থিত বিটিচি সচিবালয় খেলপথাৰত অনুষ্ঠিত হ’ব আৰু বিটিআৰৰ অন্যান্য জিলাসমূহতো লাইভষ্ট্ৰীম কৰা হ’ব।

অসম চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটাই কাৰ্যভাৰগ্ৰহণ, শপত আৰু গোপনীয়তাৰ পাঠেৰে অনুষ্ঠানটি পৰিচালনা কৰিব।

লগতে বিটিচিৰ প্ৰধান সচিব আকাশ দীপে ত্ৰিদীপ দৈমাৰীক বিটিচি বিধানসভাৰ প্ৰ’টেম স্পীকাৰ হিচাপে কাৰ্যভাৰ গ্ৰহণৰ শপতবাক্য পাঠ কৰাব।

আনহাতে বিটিচিৰ প্ৰধান সচিব আকাশ দীপৰ জাতীয় পতাকা উত্তোলনেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হ’ব। তাৰ পিছত দোতমাৰ থুলুংগাপুৰীত থকা বডোফা ইউ এন ব্ৰহ্মৰ সমাধিস্থল, দেৱৰগাঁৱত থকা বডোলেণ্ড ছহিদ সমাধিস্থল আৰু বিটিচি বিধানসভা ভৱনৰ সন্মুখত থকা বডোফা ইউ এন ব্ৰহ্মৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব।

উল্লেখ্য যে নতুনকৈ নিৰ্বাচিত কাৰ্যনিৰ্বাহকৰ সদস্যসকলে বিটিআৰৰ গণতান্ত্ৰিক যাত্ৰাৰ এই শুভ মুহূৰ্তত নিজৰ দায়িত্ব গ্ৰহণ কৰি সমগ্ৰ বিটিআৰক উন্নয়ন, শান্তি আৰু গ্ৰগতিৰ দিশত আগবঢ়াই নিবলৈ সক্ষম হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!