BHUPENDA: নগাঁৱত সুধাকণ্ঠৰ বিশেষ স্মৃতিচাৰণ অনুষ্ঠানত উন্মোচন হ’ব দুখন গ্ৰন্থ
নগাঁৱত সুধাকণ্ঠৰ বিশেষ স্মৃতিচাৰণ অনুষ্ঠানত উন্মোচন হ’ব দুখন গ্ৰন্থ

DD TIMES বঢ়মপুৰ, ৪ নৱেম্বৰঃ অসমীয়া সাহিত্য সন্মিলনীৰ নগাঁও জিলা সমিতিৰ উদ্যোগত অহা ৫ নৱেম্বৰৰ পুৱা ১০:৩০ বজাৰ পৰা নগাঁও চহৰৰ নেহৰু যুৱ কেন্দ্ৰৰ সভাকক্ষত বিশ্ববৰেণ্য সংগীতশিল্পী, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ মৃত্যু দিৱস উপলক্ষে বিশেষ স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

অনুষ্ঠানত “ডঃ ভূপেন হাজৰিকাৰ গীতত সামাজিক চেতনাবোধ” শীৰ্ষক বিষয়ক বক্তৃতা প্ৰদান কৰিব বিশিষ্ট সাহিত্যিক, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ মঞ্জু লস্কৰে।
উক্ত অনুষ্ঠানতে সন্মিলনীৰ ‘মাহিলী’ নামৰ মুখপত্ৰখনি উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক, অৱসৰপ্ৰাপ্ত শিক্ষক ফণীন্দ্ৰ নাথ গায়নে।
লগতে বিশিষ্ট লেখক, অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক তথা সন্মিলনীৰ নগাঁও জিলা সমিতিৰ সভাপতি ডাঃ ঋসেশ্বৰ ঠেঙাল শইকীয়াৰ “ডঃ ভূপেন হাজৰিকাৰ চিৰসেউজ গীত”ৰ এটি সংকলন উন্মোচন কৰিব বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে।
সুধাকণ্ঠগৰাকীৰ গীত-মাত, কবিতাৰে মুখৰিত হ’বলগা এই অনুষ্ঠানতে বিশিষ্ট চিত্ৰশিল্পী টিকেন্দ্ৰজিত শইকীয়াক ‘বৰেণ্য চিত্ৰশিল্পী বঁটা’ আৰু শিল্পীদ্বয় জীয়েন্স বৰদলৈ আৰু নৰেন বৰাক ‘বৰেণ্য সংগীত শিল্পী বঁটা’ প্ৰদান কৰা হ’ব।
কেইবাগৰাকী গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিব লগা এই অনুষ্ঠানত সকলোৰে উপস্থিতি নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনীৰ হৈ সম্পাদক নিজৰা শইকীয়াই কামনা কৰিছে।

