অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

BHAONA: ২৮ অক্টোবৰৰ পৰা চৰাইবাহীত ঐতিহাসিক ত্ৰি-বাৰ্ষিক কমিটী ভাওনা

Spread the love

চৰাইবাহীত ঐতিহাসিক ত্ৰি-বাৰ্ষিক কমিটী ভাওনাৰ ব্যাপক প্ৰস্তুতি

DD TIMES বেবেজীয়া, ১৪ অক্টোবৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই সমাজৰ পৰা অপসংস্কৃতি , অজ্ঞানতা আঁতৰাই জ্ঞানৰ পোহৰেৰে ধৰ্ম প্ৰচাৰৰ লক্ষ্য হিচাপে আয়োজন কৰিছিল অংকীয়া ভাওনা ৷

এই অংকীয়া ভাওনাই মৰিগাঁও জিলাৰ ঐতিহ্যমণ্ডিত শংকৰী কলা-কৃষ্টি আৰু পৰম্পৰা বহন কৰা সাৰ্বজনীন চৰাইবাহী কমিটি ভাওঁনা মহোৎসৱে ইতিমধ্যে ৰাজ্যখনৰ সাংস্কৃতিক জগত খনত এক বিশেষ স্থান দখন কৰিবলৈ সক্ষম হৈছে ৷

গুৰুজনাৰ আদৰ্শক সাৰোগত কৰি নগাৰ নৰোত্তম .. আহোমৰ নৰহৰি আতা, ভুতৰ দামোদৰ আতা আৰু যৱনৰ চান্দসা আদিক হৰি ভকত কৰি একেখন সমাজতে যি সাৰ্বজনীন আদৰ্শ স্থাপন কৰিছিল সেই একে আদৰ্শকে শিৰত লৈ চৰাইবাহী অঞ্চলৰ বিভিন্ন জাতি-উপজাতি মিলিত হৈ একে নিশাতে ২৫ ৰ পৰা ২৭খন অংকীয়া ভাওনা অনুষ্ঠিত কৰা এই মহোৎসৱে শংকৰী কলা কৃষ্টি বিকাশত অৰিহনা যোগাই অহাৰ উপৰি জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে উজ্জ্বল আদৰ্শৰ ধ্বজা উৰুৱাই সকলো লোকৰ মাজত একতা, সমন্বয় আৰু ভাতৃত্ববোধৰ এনাজৰী গঢ়ি তুলিছে ৷

১৮৫৮ চনত ভাৰতৰ চিপাহী বিদ্ৰোহৰ শেষত ভাৰতৰ সম্ৰাজ্ঞী হোৱা ৰাণী ভিক্টোৰিয়াক আদৰণি জনাই আনন্দ উৎসৱ কৰা সেই তেতিয়াৰেপৰা অনুষ্ঠিত হৈ অহা কমিটি ভাওনাই কালক্ৰমত ত্ৰি-বাৰ্ষিক হৈ বৰ্তমানেও দুবছৰৰ অন্তৰে অন্তৰে তৃতীয় বছৰত এই কমিটি ভাওনা অনুষ্ঠিত হৈ আহিছে ৷

সেয়ে বিগত বৰ্ষ বোৰৰ দৰে এইবাৰো ২৮ অক্টোবৰৰ পৰা মৰিগাঁও জিলাৰ চৰাইবাহী ৰাইজৰ জাতীয় উৎসৱৰূপে চিহ্নিত কমিটী ভাওনা ৫ নবেম্বৰলৈ বিভিন্ন বৰ্ণাঢ়্য কাৰ্যসূচীৰে সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰ, সাৰ্বজনীন শংকৰ মন্দিৰ আৰু বড়িগাঁও ৰাস মন্দিৰত অনুষ্ঠিত হ’ৱ ৷

এই বৰ্ণাঢ়্য কাৰ্যসূচী ৰূপায়নৰ বাবে ইতিমধ্যে সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰত লোকনাথ নাথক সভাপতি আৰু ৰিংকু নাথক সম্পাদক, সাৰ্বজনীন শংকৰ মন্দিৰত ভগৱান ভড়ালীক সভাপতি আৰু ইন্দ্ৰ ডেকাক সম্পাদক আৰু বড়িগাঁও ৰাস মন্দিৰত লক্ষী বৰদলৈক সভাপতি আৰু বাপধন বৰদলৈক সম্পাদক হিচাপে লৈ তিনিওটা স্থানতে কমিটি ভাওনাৰ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!