অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

BHAONA: মৰিয়নিৰ এৰাগাঁৱত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপন আৰু ভাওনা প্ৰদৰ্শনৰ প্ৰস্তুতি

Spread the love

মৰিয়নিৰ এৰাগাঁৱত শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উদযাপন আৰু ভাওনা প্ৰদৰ্শনৰ প্ৰস্তুতি

DD TIMES মৰিয়নি, ৪ অক্টোবৰঃ কাব্য, গীত, বাদ্য, নাটক আদি সৃষ্টিৰে অসমীয়া জাতিৰ স্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ সকলোৰে পৰম গুৰু তেখেতৰ বৌদ্ধিক আৰু আধ্যাত্মিক জ্ঞানৰ পোহৰেৰে আৰু আদৰ্শৰে আমি নিজকে অসমীয়া হিচাপে চিনাকি দিব পাৰিছো।

সৰ্বগুন সম্পন্ন পৰম গুৰুজনাৰ ৫৭৭ সংখ্যক জন্মজয়ন্তী ভাগি মৰিয়নি সমষ্টিৰ অন্তৰ্গত নকছাৰিৰ এৰাগাঁও স্থিত অৰুণোদয় পুথিভঁৰালৰ আৰু যুৱক মণ্ডলৰ উদ্যোগত, সদৌ এৰাগাঁওবাসী আৰু চুবুৰীয়া ৰাইজৰ সহযোগত ২৪ আহিন, ২০২৫ (১১ অক্টোবৰ ২০২৫) শনিবাৰৰ দিনা এদিনীয়া কাৰ্য্যসূচীৰে অৰুণোদয় পুথিভঁৰালৰ প্ৰাঙ্গনত অনুষ্ঠিত কৰিবলৈ লোৱাৰ লগতে নাটকীয় আমোদ প্ৰদানৰ যোগেদি ভক্তৰস প্ৰকাশ কৰি বিভিন্ন শ্ৰেণীৰ দৰ্শক শ্ৰোতাৰ মাজত ঐক্য আৰু

সাম্যৰ বাণী প্ৰচাৰ কৰাৰ উদ্দেশ্যেৰে গুৰুজনাৰ অনুপম সৃষ্টি ‘ভাওনা’ৰ আৰ্হিৰে স্থানীয় যুৱক সকলৰ দ্বাৰা “গজকেতু উপাখ্যান”, “ধৃতৰাষ্ট্ৰৰ দিগ্ বিজয়”, “ত্ৰিশিৰা দৈত্যৰ নিধন” নামৰ এভাগি ভাওনা মঞ্চস্থ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি বৰ্তমান প্ৰস্তুতি চলাইছে বুলি সভাপতি মাণিক গগৈ, সম্পাদক দ্বীপেন গগৈয়ে জনায় লগতে সকলোৰে সহযোগিতা কামনা কৰে।


পোৱাৰ ভাগত পৰিবেশ নিকাকৰণ, গছপুলি ৰোপণ, ধর্ম ধ্বজা উত্তোলন, নাম প্ৰসংগ, দুপৰীয়া ধৰ্মালোচনী সভা আৰু সন্ধিয়া-সমূহীয়া বন্তি প্ৰজ্বলন, নাম প্ৰসংগ, গায়ন-বায়ন আৰু ভাওনা প্ৰদৰ্শন (অৰুণোদয় পুথিভঁৰালৰ যুৱক বৃন্দৰ)।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!