BHAIRABI-SAIRANG RAILWAY PROJECT: ভৈৰৱী–ছাইৰাং আৰু আৰাৰিয়া–গলগলিয়া নতুন ৰে’লপথ প্ৰকল্পৰে জড়িত টীমক সন্মানিত কৰে ৰে’লমন্ত্ৰীয়ে
ভৈৰৱী–ছাইৰাং আৰু আৰাৰিয়া–গলগলিয়া নতুন ৰে’লপথ প্ৰকল্পৰে জড়িত টীমক সন্মানিত কৰে ৰে’লমন্ত্ৰীয়ে

DD TIMES মালিগাঁও, ৩০ অক্টোবৰ, ২০২৫ঃ
মাননীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে চলিত বৰ্ষৰ ২৯ অক্টোবৰত নতুন দিল্লীৰ ৰেলৱে ব’ৰ্ডত অনুষ্ঠিত এক অনুষ্ঠানত ভৈৰৱী–ছাইৰাং আৰু আৰাৰিয়া–গলগলিয়া নতুন ৰেলপথ প্ৰকল্পৰ সফল সম্পূৰ্ণতাৰ আঁৰত থকা ৰেলৱে টীমসমূহক সন্মানিত কৰে।

এই অনুষ্ঠানত ৰেলৱে ব’ৰ্ডৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া সতীশ কুমাৰ, উত্তৰ-পূব সীমান্ত ৰেলৱে (নিৰ্মাণ)ৰ মহাপ্ৰৱন্ধক অৰুণ কুমাৰ চৌধাৰী, উত্তৰ-পূব সীমান্ত ৰেলৱে (নিৰ্মাণ)ৰ মুখ্য প্ৰশাসনিক বিষয়া অঞ্জনী কুমাৰ, উত্তৰ-পূব সীমান্ত ৰেলৱে (নিৰ্মাণ)ৰ মুখ্য প্ৰশাসনিক বিষয়া হিতেন্দ্ৰ গোৱেল আৰু এই দুয়োটা যুগান্তকাৰী প্ৰকল্পৰ সৈতে জড়িত অন্যান্য জ্যেষ্ঠ বিষয়াবৰ্গ আৰু টীমৰ সদস্যসকলো উপস্থিত আছিল।

ভৈৰৱী–ছাইৰাং নতুন ৰেলপথ প্ৰকল্পটো উত্তৰ-পূৰ্ব্বাঞ্চলৰ বাবে এক উল্লেখনীয় ঐতিহাসিক সফলতা, যিয়ে পোন প্ৰথমবাৰৰ বাবে মিজোৰামৰ ৰাজধানী আইজললৈ ৰেল সংযোগ কৰি ৰাজ্যখনক ভাৰতৰ ৰাষ্ট্ৰীয় ৰেল নেটৱৰ্কৰ সৈতে যুক্ত কৰিছে।
এই প্ৰকল্পটো ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ ১৩ ছেপ্টেম্বৰত মিজোৰামৰ আইজলত উদ্বোধন কৰিছিল।
৫১.৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পটোৱে ৪৫ টা সুৰংগ, ১৪৩ খন সেঁতুৰে (যাৰ ভিতৰত কুতুব মিনাৰতকৈও ওখ এখন সেঁতু অন্তৰ্ভূক্ত আছে), এক স্মৰণীয় অভিযান্ত্ৰিকী স্থাপত্য প্ৰদৰ্শন কৰিছে আৰু এই ৰেলপথৰ হৰতকী, কাৱনপুই, মুৱালখাং আৰু ছাইৰাঙত চাৰিটা নতুন ষ্টেচন আছে।
অঞ্চলটোৰ প্ৰত্যাহ্বানমূলক ভূখণ্ড আৰু প্ৰতিকূল বতৰৰ সত্ত্বেও উত্তৰ-পূব সীমান্ত ৰেলৱেৰ (নিৰ্মাণ) টীমে এই জটিল প্ৰকল্পটো সফলতাৰে সম্পাদন কৰিছে, যিয়ে মিজোৰাম আৰু বিস্তৃত উত্তৰ-পূৰ্ব্বাঞ্চলৰ বাণিজ্য, পৰ্যটন আৰু সমাজ-অৰ্থনৈতিক বিকাশত বহু পৰিমাণে বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
একেদৰে, উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধীনত ১১০.৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰাৰিয়া–গলগলিয়া ব্ৰডগজ ৰেলপথ প্ৰকল্পটো চলিত বৰ্ষৰ ৯ ৰ পৰা ১১ জুলাইলৈ ৰেলৱে সুৰক্ষা আয়ুক্ত সুমিত সিংঘলে কৰা বিধিগত পৰিদৰ্শনৰ পিছত পূৰ্ণৰূপে সম্পূৰ্ণ হৈ উঠিছে।
চলিত বৰ্ষৰ ১৫ ছেপ্টেম্বৰত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰাৰিয়া–গলগলিয়া (ঠাকুৰগঞ্জ) নতুন ৰেল পথ খণ্ডৰ ৰেল সেৱা উদ্বোধন কৰি প্ৰকল্পটোৰ কাৰ্যকৰীকৰণৰ এক গুৰুত্বপূৰ্ণ সফলতা চিহ্নিত কৰে।
ৰহমতপুৰ–পাৱাখালি খণ্ডকে ধৰি সকলো খণ্ড এতিয়া মুকলি কৰা হৈছে, এই ৰেলপথটোত ৬৪খন বৃহৎ সেতু, ২৬৪খন সৰু সেঁতু আৰু ১৫টা ষ্টেচন অন্তৰ্ভূক্ত আছে।
ইয়াত প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰ বেগত ৰেল চলাচলৰ অনুমোদন প্ৰদান কৰা হৈছে, যিয়ে বিহাৰ আৰু সংলগ্ন অঞ্চলসমূহত সংযোগ শক্তিশালী কৰি আঞ্চলিক বিকাশক উৎসাহিত কৰিব।
ৰেলমন্ত্ৰীয়ে প্ৰদান কৰা বঁটাসমূহে এই উচ্চাকাঙ্ক্ষী প্ৰকল্পসমূহ সম্ভৱ কৰি তোলা ৰেলৱে বিষয়াবৰ্গ আৰু অভিযন্তাসকলৰ অসাধাৰণ নিষ্ঠা, উদ্ভাৱন আৰু টীমৱৰ্কৰ স্বীকৃতি প্ৰদান কৰিছে।
ভৈৰৱী–ছাইৰাং আৰু আৰাৰিয়া–গলগলিয়া উভয় প্ৰকল্প ভাৰতীয় ৰেলৱেৰ ৰেল নেটৱৰ্ক সম্প্ৰসাৰণ, দূৰৱৰ্তী অঞ্চলসমূহক সংযোগ কৰা আৰু আধুনিক আন্তঃগাঁথনিৰ জৰিয়তে অন্তৰ্ভুক্তিমূলক বিকাশক প্ৰেৰণা দিয়াৰ প্ৰতিশ্ৰুতিকেই উজ্জ্বল উদাহৰণ হিচাপে প্ৰতিফলিত কৰিছে।

